মৃত্যু যেতিয়া আহে তেতিয়া তাক কোনেও বাধা দি ৰাখিব নোৱাৰে৷ এই মৃত্যু অপৰাজেয় অর্থাৎ চিৰন্তন সত্য৷ একে অর্থত ‘সত্য–শিৱ–সুন্দৰম’৷ এই কথা জানিও মানুহে আত্মীয়–স্বজনৰ মৃত্যুত অথবা বিয়োগ–বার্তাত হৈ পৰে অতিকে অধীৰ–বিহ্বল তথা শোকাকুল৷ অৱশ্যে ইয়াক কোনেও নুই কৰিব নোৱাৰে৷ কাৰণ এই শোকবার্তা হৈ পৰে পার্থিৱ জগতৰ মনিচৰ বাবে অতিকে অসহনীয়৷ তথাপি আমি বিচলিত–বিহ্বল নহৈ সাত্ব্ন্না লাভ কৰিব লাগিব৷ নহ’লে এই বিদেহ আত্মাই স্বর্গত গৈ শান্তি নাপাব৷ এই কথাখিনি সাৰোগত কৰিয়ে নিয়তিৰ বিধান অনুসৰি মানুহে এই বিধানৰ ওচৰত হাৰ মানিবলগীয়া হয়৷
গতিকে এই বিধান অনুসৰিয়েই যোৱা ১৮ জুলাইত, ১ শাওণ, দেওবাৰৰ দিনা বিয়লিবেলা প্রায় ৫ বজাত আমাৰ মৰমৰ ভগ্ণী–জোঁৱাই গুৱাহাটীৰ জালুকবাৰী–প্রাগজ্যোত্ নগৰ নিৱাসী মানৱদৰদী–সমাজপ্ প্রকাশ চন্দ্র গোস্বামীয়ে প্রায় কিছুদিন ধৰি বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ শেষত এখন আগশাৰীৰ ‘এক্সেল কেয়াৰ’ নামৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ৷ মৃত্যুৰ সময়ত এইগৰাকী দূৰদর্শী–আদর্শ পিতৃয়ে দুগৰাকী সুযোগ্য পুত্র সন্তান আৰু এগৰাকী কন্যা সন্তানৰ লগতে তিনিটি নাতি–নাতিনীৰে সম্পূর্ণ পৰিয়াল এটিৰে সৈতে তেওঁৰ গুণশীলা সহধর্মিণী বিভাৰাণী গোস্বামীক ইহসংসাৰ ভূমিত এৰি থৈ যোৱাৰ উপৰি বহুতো আত্মীয়–স্বজন, শুভাকাংক্ষী–গুণমুগ্ধ এৰি থৈ যায়৷
যোৰহাট সাউদকুছি সত্রত জন্মলাভ কৰা প্রয়াত গোস্বামীৰ পিতৃ আৰু মাতৃৰ নাম ক্রমে প্রয়াত কমলেশ্বৰ গোস্বামী আৰু প্রয়াত ঘনকান্তি গোস্বামী৷ প্রয়াত গোস্বামী তেখেতসকলৰ তৃতীয় সন্তান আছিল৷
উল্লেখ্য যে প্রয়াত গোস্বামীয়ে উত্তৰ–পূব সীমান্ত ৰে’লৱেত চাকৰি কৰি পৰৱর্তী সময়ত গুৱাহাটী শোধনাগাৰ কার্যালয় আৰু গড়কাপ্ঢানী বিভাগত চাকৰি কৰি ১৯৯৯ চনত এই বিভাগৰ পৰাই এগৰাকী দক্ষ আৰু জ্যেষ্ঠ অভিযন্তা হিচাপে অৱসৰ গ্রহণ কৰে৷ তদুপৰি এইগৰাকী আদর্শৱান তথা সমাজপ্রিয় পুৰুষে সৰুৰে পৰা বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে মৃত্যুৰ সময়লৈকে জড়িত হৈ আছিল৷
বৃহত্তৰ জালুকবাৰী আঞ্চলিক সাংস্কৃতিক অনুষ্ঠানসমূহৰ লগতো জড়িত হৈ থাকি সাংস্কৃতিক সমাজৰ উন্নতিকল্পে বহুতো দিহা–পৰামর্শ দিছিল৷ সেয়েহে এনেহেন সমাজপ্রেমী–আদর্শ পুৰুষ এগৰাকীৰ মৃত্যুত সঁচাকৈয়ে জালুকবাৰী অঞ্চলটো শোকত অতি ম্রিয়মাণ হৈ ভাগি পৰিছে৷ কেইবাটিও সামাজিক অনুষ্ঠানে তেওঁৰ মৃত্যুত শোক প্রকাশ কৰি বিভিন্ন কাগজে–পত্রই বা–বাতৰিও প্রকাশ কৰিছে৷
তদুপৰি প্রয়াত গোস্বামীয়ে নিজৰ চাকৰি জীৱনটোতেই কেইবাবাৰো মঞ্চ অভিনয় কৰি সমাজত প্রতিপত্তি লাভ কৰিছিল৷ তাৰ ভিতৰত আমি প্রত্যক্ষও কৰিব পাৰিছিলোঁ যে অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ প্রেক্ষাগৃহতো তেওঁ আমাৰ নিজৰ খুৰা অর্থাৎ প্রয়াত গোস্বামীৰ শহুৰ–পিতা প্রয়াত হেমচন্দ্র শর্মাৰ ৰচিত নাটক ‘আগমনি’খনতো সক্রিয় অভিনয় কৰিছিল৷ নিউ আর্টছ প্লেয়ার্ছৰো এগৰাকী সক্রিয় কর্মোদ্যোগী হিচাপেও এসময়ত প্রয়াত গোস্বামীয়ে সুনাম অর্জন কৰিব পাৰিছিল৷
জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা নাটকসমূহতো অংশ লৈ এইগৰাকী সমাজসেৱী পুৰুষে নিজৰ পাৰদর্শিতা দেখুৱাবলৈ সমর্থ হৈছিল৷ থোৰতে ক’বলৈ গ’লে, বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি, অতি সংস্কৃতিৱান পুৰুষ হিচাপেও সমাজত সুনাম অর্জন কৰিব পাৰিছিল৷ কর্মজীৱনতো প্রয়াত গোস্বামী সক্রিয় আৰু দক্ষ অভিযন্তা হিচাপে অৱসৰ লৈ নিজৰ সুনাম ৰক্ষা কৰি সমাজত ধন্য হৈছিল৷
যিয়েই নহওক, আজি আমাৰ ভগ্ণী–জোঁৱাই প্রকাশ চন্দ্র গোস্বামী আমাৰ মাজত নাই৷ সেয়েহে তেওঁৰ এই পৱিত্র আদ্যশ্রাদ্ধৰ শুভ মুহূর্তত আমি কামনা কৰিছোঁ যে প্রভু পৰম ব্রহ্ম ভগৱানে এই পৱিত্র বিদেহ আত্মাটিক যেন স্বর্গৰ শান্তিধাম তথা দিব্যলোকত স্থান দি সদ্গতি তথা মোক্ষ প্রদান কৰে৷ এয়ে বিভুৰ চৰণত আমাৰ সৰল মিনতি৷ শেষত প্রয়াত গোস্বামীৰ নামত আমাৰ স্ব–ৰচিত কবিতা এটিৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷