নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকৰ পদকলৈ মাজত মাত্র এটা খোজঃ ৩০ জুলাইত খেলিব কোৱার্টাৰ ফাইনেল

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত বহু আকাংক্ষিত পদক জয়ৰ আশা সজীৱ কৰি টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত উজলি উঠিছে অসম কন্যা লাভলীনা বৰগোহাঁই৷ জার্মানীৰ শক্তিশালী প্রতিদ্বন্দ্বীক পৰাস্ত কৰি অসমৰ উদীয়মান বক্সাৰগৰাকীয়ে মঙলবাৰে ‘গ্রেটেষ্ট শ্ব’ অন আর্থ’ৰ কোৱার্টাৰ ফাইনেললৈ উন্নীত হৈছে৷ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ৰাজ্যৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ লাভলীনাই ৰাজ্যবাসীৰ তীব্র উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত পেলাই মঙলবাৰে পুৱাই ৰাজ্যলৈ এই সুসংবাদ কঢ়িয়াই আনে৷

প্রি–কোৱার্টাৰ ফাইনেলত তেওঁ জার্মানীৰ নাডিন এপেটজক ৩–২ৰ ব্যৱধানত পৰাস্ত কৰি পদক জয়ৰ সম্ভাৱনা সজীৱ কৰি তোলে৷ গোলাঘাটৰ সৰুপথাৰৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে এই জয়েৰে অসমবাসীৰ চকুত নতুন সপোন জগাই তুলিছে৷

উল্লেখ্য যে অহা ৩০ জুলাইৰ পুৱা ৮.৪৬ বজাত আৰম্ভ হ’বলগীয়া কোৱার্টাৰ ফাইনেলত জয়ী হ’লেই লাভলীনাই ৰাজ্যবাসীৰ বহু প্রতীক্ষিত অপেক্ষাৰ অন্ত পেলাই অলিম্পকৰ পৰা দেশলৈ পদক কঢ়িয়াই অনাটো নিশ্চিত হ’ব৷

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰৰ ব্রঞ্জ বিজয়ী বক্সাৰগৰাকীয়ে টকিঅ’ত পদক নিশ্চিত কৰিবলৈ কোৱার্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ নিয়ান–চিন চেনৰ মুখামুখি হ’ব৷ প্রাক্তন বিশ্ব চেম্পিয়ন চেনৰ বিৰুদ্ধে জয়ী হ’বলৈ অসম কন্যা লাভলীনাই সর্বস্ব উজাৰি উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ কিয়নো ইয়াৰ পূর্বে ২০১৮ চনৰ বিশ্ব বক্সিং চেম্পিনশ্বিপৰ ছেমিফাইনেলত অসমৰ তাৰকা বক্সাৰগৰাকীয়ে চাইনীজ টাইপেৰ চিন চেনৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল৷ এইবাৰ টকিঅ’ৰ বক্সিং ৰিঙত লাভলীনাই চেনৰ বিৰুদ্ধে পূর্বৰ ব্যর্থতাৰ পোটক তুলিবলৈ সক্ষম হ’লেই অসম কন্যাই অলিম্পিকত অতিকমেও ব্রঞ্জৰ পদক অর্জন কৰাটো নিশ্চিত হ’ব৷

উল্লেখ্য যে বক্সিং ইভেণ্টৰ ছেমিফাইনেলত প্রৱেশ কৰা চাৰিওগৰাকী খেলুৱৈয়ে পদক লাভ কৰে৷ ছেমিফাইনেলত পৰাস্ত হ’লে ব্রঞ্জৰ পদক আৰু ছেমিফাইনেলত জয়ী হ’লে ৰূপ অথবা স্বর্ণ জয়ৰ সুযোগ থাকে৷

মন কৰিবলগীয়া যে টকিঅ’ অলিম্পিকত ভাৰতীয় এথলীটৰ হতাশজনক প্রদর্শনৰ মাজতে অসমৰ লাভলীনাই আজি সুন্দৰ প্রদর্শনেৰে সমগ্র দেশলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ অলিম্পিকৰ পৰা দেশলৈ তেওঁ পদক কঢ়িয়াই আনিব বুলি দেশবাসীয়ে অধীৰ অপেক্ষাৰে বাট চাইছে৷

You might also like