আক্রমণৰ পিছতে মিজো আৰক্ষীৰ বন্য উল্লাসঃ অসম আৰক্ষীক ঘেৰি লৈ চলাইছিল নির্বিচাৰ গুলীচালনা
নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ সীমা যুঁজক লৈ অগ্নিগর্ভ হৈ পৰা কাছাৰ জিলাৰ লাইলাপুৰত ৫ আৰক্ষীৰ জোৱানে মিজোৰাম আৰক্ষীৰ গুলীত প্রাণ হেৰুৱাব লগা হোৱা ঘটনাই হতচকিত কৰি তুলিছে ৰাজ্যবাসীক৷ বিশেষকৈ সোমবাৰে সীমান্তত সংঘটিত এই ঘটনাৰ পিছত মিজোৰাম আৰক্ষীৰ একাংশ জোৱান আৰু স্থানীয় লোকে মিলি বন্য উল্লাসত মত্ত হোৱাৰ এটা ভাইৰেল ভিডি’ৱে ৰাজ্যবাসীক হতভম্ব কৰি তুলিছে৷
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডি’ত অসম আৰক্ষীৰ দলটোক আক্রমণ কৰাৰ পিছত মিজোৰাম আৰক্ষী আৰু একাংশ লোকে আনন্দত আত্মহাৰা হৈ পৰা দেখা গৈছে৷ এই ভিডিঅ’টোত মিজোৰাম আৰক্ষীৰ জোৱানসকলৰ লগতে স্থানীয় লোকসকলে চিঞৰ–বাখৰ কৰি অসম আৰক্ষীৰ জোৱান নিহত হোৱাক লৈ আনন্দ প্রকাশ কৰিছে৷
তদুপৰি আন এটা ভাইৰেল ভিডিঅ’ত একাংশ মিজোৰাম আৰক্ষীৰ জোৱানে এই সমগ্র আক্রমণৰ ঘটনাত মেচিনগান ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছে৷ এই দুয়োটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত সোমবাৰে অসম আৰক্ষীৰ ওপৰত আক্রমণ যে মিজোৰাম আৰক্ষীয়ে পৰিকল্পিতভাৱে কৰিছিল, সেয়া একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ পূর্বৰে পৰা উক্ত অঞ্চলত পৰিকল্পিতভাৱে বাহৰ পাতি অসম আৰক্ষীৰ লোকসকলক আক্রমণৰ বাবে মিজোৰাম আৰক্ষী প্রস্তুত হৈ আছিল বুলিও সামগ্রিকভাৱে ভবাৰ থল আছে৷ কিয়নো অসম আৰক্ষীয়ে কোনোধৰণৰ গুলীচালনা অথবা হিংসাত্মক ঘটনা সংঘটিত নকৰা সত্ত্বেও মিজোৰাম আৰক্ষীয়ে অতর্কিতে আক্রমণ সংঘটিত কৰিছিল৷ কাছাৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, আই জি পি আদিকে ধৰি আৰক্ষী আৰু প্রশাসনৰ উচ্চ পর্যায়ৰ বিষয়াসকল উপস্থিত থকাৰ পিছতো মিজোৰাম আৰক্ষীয়ে কৰা আক্রমণৰ ঘটনাক সকলোৱে একমুখে গৰিহণা দিছে৷