নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জইছ–লস্কৰৰ ঠিকনা আফগানিস্তান

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ পাকিস্তানত ঘাটি পাতি বিভিন্ন সময়ত ভাৰতত কূটাঘাত সংঘটিত কৰি অহা কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা (এলইটি) আৰু জইছ–ই–মহম্মদ (জেইএম)–এ এতিয়া আফগানিস্তানৰ অভ্যন্তৰত স্থাপন কৰিছে শিবিৰ৷ পাকিস্তানৰ পৰা কেইবাটাও গুৰুত্বপূর্ণ ঘাটি সন্ত্রাসবাদী সংগঠন দুটাই আফগানিস্তানৰ অভ্যন্তৰলৈ স্থানান্তৰ কৰিছে৷ শেহতীয়াকৈ আফগানিস্তানত তালিবানে বিভিন্ন অঞ্চল নিজৰ নিয়ন্ত্রণলৈ নিবলৈ সক্ষম হোৱাৰ লগে লগে পাক জেহাদী গোটবোৰে দেশখনৰ অভ্যন্তৰত প্রৱেশ কৰিছে৷

আফগান চৰকাৰে নতুন দিল্লী প্রশাসনক জনাইছে এই তথ্য৷ আফগানিস্তানত উত্তৰ আৰু দক্ষিণ ৱাজিৰিস্তানত বিগত এটা বছৰ ধৰি পাক সন্ত্রাসবাদী সংগঠনে ঘাটি স্থাপন কৰা বুলি আফগান চৰকাৰৰ সূত্র এটাই সদৰী কৰিছে৷ দুয়োটা সন্ত্রাসবাদী সংগঠনে এইবাৰ তালিবানৰ সৈতে লগ হৈ বিভিন্ন দেশত আক্রমণৰ বাবে সাংগঠনিক শক্তি বৃদ্ধি কৰিব বুলি আশংকা কৰিছে আফগান প্রশাসনে৷ লক্ষণীয়ভাৱে আফগান ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে পাকিস্তানৰ পৰা ১০ সহস্রাধিক জেহাদী আফগানিস্তানত প্রৱেশ কৰা বুলি ইতিপূর্বে মন্তব্য কৰিছিল৷

You might also like