নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছএছবিত ১১৫ পদত চাকৰিঃ আবেদনৰ অন্তিম তাৰিখ ১৬ আগষ্ট

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনত পৰিচালিত সশস্ত্র সীমা বল(Sashastra Seema Bal) অর্থাৎ এছ এছ বিত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এছ এছ বিৰSSB- Commandant (Rectt)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

Head Constable-Ministerial পদসমূহ Group-‘C’ পর্যায়ৰ Head Constable-Ministerialৰ পদ ১১৫টাৰ ভিতৰত অসংৰক্ষিত ৪৭টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১১টা, অ’ বি চিৰ ২৬টা, এছ চিৰ ২১টা আৰু এছ টি শ্রেণীৰ প্রার্থীৰ বাবে ১০টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰীৰ বয়স ১৮–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰাIntermediate/Senior Secondary উত্তীর্ণ হোৱা হ’ব লাগিব৷

কম্পিউটাৰত প্রতি মিনিটত ৩৫টা ইংৰাজী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব নাইবা কম্পিউটাৰত প্রতি মিনিটত ৩০টা হিন্দী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮১,১০০ টকা৷ আবেদন মাচুল হিচাপে ১০০ টকা অসংৰক্ষিত, অ’ বি চি, এম অ’ বি চি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে নেট বেংকিং/ক্রেডিট কার্ড/ডেভিট কার্ডৰ মাধ্যমেৰে এছ এছ বিৰ হকে পৰিশোধ কৰিব লাগিব৷

অৱশ্যে এই মাচুল এছ টি, এছ চি, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এছ এছ বিৰ ৱেবছাইট www.ssbrectt.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৬ আগষ্ট, ২০২১৷

You might also like