নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিৰক্ষা মন্ত্রালয়ৰ ৪৫৮ পদত নিযুক্তিৰ সুযোগ

দেশৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ41 Field Ammunition Depot বিভাগত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি41 Field Ammunition DepotৰCommandant–এ এক বিস্তৃত নিয়োগ বিজ্ঞাপন বিভাগীয় ৱেবছাইট আপলোড কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Tradesman Mate-Erstwhile Mazdoor (330), JOA-Erstwhile LDC (20), Material Assistant-MA (2), MTS (11), Fireman (64), 255 (I) ABOU Tradesman Mate-Erstwhile Mazdoor (14)৷ মুঠ খালী পদ ৪৫৮টাৰ ভিতৰত অসংৰক্ষিত ১৮৮টা, অ’বিচিৰ ১২৩টা, এছ চিৰ ৬৮টা, এছ টিৰ ৩৪টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ৪৫টা পদ৷Tradesman Mate-Erstwhile Mazdoor পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্তBoard/Universityৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷JOA-Erstwhile LDC পদৰ প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/Universityৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৯,০০০–৬৩,২০০ টকা Material Assistant-MA পদৰ প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী নাইবা চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/Universityৰ পৰ Material Management বিষয়ত ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৯,২০০–৯২,৩০০ টকা MTS পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/Universityৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷Fireman পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্ত Board/Universityৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৯,০০০–৬৩,২০০ টকা৷ শেষত 255 (I) ABOU Tradesman Mate-Erstwhile Mazdoor পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত চৰকাৰী স্বীকৃতিপ্রাপ্তBoard/Universityৰ পৰা উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকা৷ আবেদনকাৰীৰ বয়স ১৮–২৫ বছৰ৷

বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইট www.indianarmy.nic.in/www.ncs.gov.in/www.indianarmy.nic.in/www.ncs.gov.in লগ–ইন কৰিব পাৰে৷ আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই, ২০২১৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন To The Commandant, 41 FAD, PIN – 909741, C/o 56 APO ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷

You might also like