নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ ফলাফল ৩১ জুলাইত

৩০ জুলাইত মেট্রিকৰ ৰিজাল্ট

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই অৱশেষত ঘোষণা কৰা হৈছে চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন৷ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে  প্রকাশ কৰা অনুসৰি অহা ৩০ জুলাইত হাইস্কুল–হাইমাদ্রাছা পৰীক্ষাত অৱতীর্ণ ছাত্র–ছাত্রীসকলে তেওঁলোকৰ ফলাফল লাভ কৰিব৷ সেই দিনা পি ডি এফ ফর্মেটৰ ৰিজাল্ট গেজেটৰ উপৰি পুৱা ১১ বজাৰ পৰা পৰীক্ষার্থীসকলে ১৪টাকৈ নির্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মার্কশ্বীট ডাউনলোড কৰাৰ লগতে ম’বাইল এপৰ জৰিয়তেও চাব পাৰিব৷

উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছে মুঠ ৪,২৬,৫৫৩জন ছাত্র–ছাত্রী৷ ইয়াৰে ১,৯৭,৫৬৫জন ছাত্র হোৱাৰ বিপৰীতে ২,২৮,৯৮৮গৰাকী হ’ল ছাত্রী৷ সেইদৰে হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত মুঠ পৰীক্ষার্থী হ’ল ১২,২৭৫জন৷ ইয়াৰ ভিতৰত ৪,৭২৩জন ছাত্র হোৱাৰ বিপৰীতে ৭,৫৫২গৰাকী ছাত্রী৷ ক’ৰোনা সংক্রমণৰ পৰিপ্রেক্ষিতত চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহ’ল যদিও বিদ্যালয় মূল্যায়ন সমিতি আৰু জিলা ভিত্তিত গঠিত স্ক্রুটিনী সমিতিয়ে কৰা মূল্যায়নৰ ভিত্তিত ফলাফল ঘোষণা কৰা হ’ব৷

পৰীক্ষার্থীসকলে ফলাফল লাভ কৰিবলগীয়া ১৪টা ৱেবছাইট হ’ল–https://sebaonline.org, www.sebaresults.in, resultsassam.nic.in, www.results.shiksha, www.assam.shiksha, www.assamonline.in, www.indiaresults.com, examect.com, www.schools9.com, assamjobalerts.com, assamresult.in, https:// iresults.net, necareer.com আৰুwww.jagarnjosh.com৷ তদুপৰি গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পৰাSEBA Results 2021 ম’বাইল এপৰ জৰিয়তেও পৰীক্ষার্থীসকলে ফলাফল লাভ কৰিব পাৰিব৷ ছেবাৰ সচিব সেনাপতিয়ে জানিবলৈ দিয়া মতে পৰীক্ষার্থীসকলৰ অভিযোগ নিষ্পত্তিৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে প্রতিখন জিলাৰ শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত ইতিমধ্যে একোখনকৈ অভিযোগ নিষ্পত্তি সমিতি গঠন কৰা হৈছে৷ কিবা অভিযোগ থাকিলে সংশ্লিষ্ট জিলা বিদ্যালয়সমূহৰ পৰিদর্শকৰ জৰিয়তে ছাত্র–ছাত্রীসকলে তেওঁলোকৰ অভিযোগ এই সমিতিক দাখিল কৰিব পাৰিব৷ বিদ্যালয় মূল্যায়ন সমিতিৰ তথ্যৰ ভিত্তিত প্রকাশ কৰিবলগীয়া ফলাফলত যদিহে কোনো ছাত্র–ছাত্রী সন্তুষ্ট নহয়, তেন্তে তেওঁলোকে বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷ ৩০ জুলাইৰ ফলাফলৰ পাছতে এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷

ছেবাৰ ৱেবছাইটhttps://sebaonline.orgযোগে আৰু সংশ্লিষ্ট বিদ্যালয় কর্তৃপক্ষৰ জৰিয়তে ছাত্র–ছাত্রীসকলে প’র্টেলযোগেও বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব৷ এই প’র্টেলটো অহা ৫ আগষ্টৰ পৰা ১২ আগষ্টলৈ মুকলি থাকিব৷ ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা ৩১ জুলাইৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে৷ সেই দিনা পুৱা ৯ বজাৰ পূর্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠান আৰু পৰীক্ষা কেন্দ্রসমূহলৈ ই–মেইলযোগে ফলাফল প্রেৰণ কৰা হ’ব৷ তদুপৰি ছাত্র–ছাত্রীসকলে নির্দিষ্ট ৱেবছাইটwww.assamresult.in, www.NeCareer.com, www.ahsec.assam.gov.in, www.assamjobalerts.com, www.schools9.com, www.results.shiksha, www.indiaResults.com আৰুwww.vidyavision.comৰ জৰিয়তে ফলাফলৰ উপৰি মার্কশ্বীট ডাউনলোড কৰি ল’ব পাৰিব৷ উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হোৱা মুঠ পৰীক্ষার্থীৰ সংখ্যা হৈছে ২,৪৯,৮১২জন৷ ইয়াৰে ৩৮,৪৩০জন বিজ্ঞান শাখাৰ ১,৯১,৮৫৫জন কলা শাখাৰ ১৮,৪৪৩জন বাণিজ্য শাখাৰ আৰু ১,০৮১জন হৈছে বৃত্তিমূলক শাখাৰ৷

You might also like