নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটৰ গৰাহত বিহালী সংৰক্ষিত বনাঞ্চল

 অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত কেবিনেটৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা আছিল ৰাজ্যখনত দুখন নতুন কোকৰাঝাৰৰ ৰাইমনা আৰু তিনিচুকীয়া-ডিব্ৰুগড়ৰ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ৰূপে গঠন কৰা। যাৰ পাছতে অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা সাতখনলৈ বৃদ্ধি হয়। স্বাভাৱিকতেই এই খবৰে প্ৰতিজন অসমৰ লোক, পৰিৱেশবিদ আৰু বন্যপ্ৰাণী প্ৰেমীসকলক আনন্দিত কৰিছিল। কিন্তু ইয়াৰ উপৰিও ৰাজ্যখনত জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ এখন বনাঞ্চল আছে, যি এতিয়াও চৰকাৰৰ মনোযোগৰ বাবে অপেক্ষা কৰি আছে। বিভিন্ন প্ৰজাতিৰ পখিলাৰ লগতে ভিন্ন প্ৰজাতিৰ সপুষ্পক উদ্ভিদৰে ভৰি থকা এই বনাঞ্চলখন হৈছে পূব হিমালয়ৰ পাদদেশত থকা অসমৰ বিশ্বনাথ জিলাৰ অন্তিমখন অৱশিষ্ট অৰণ্য বিহালী সংৰক্ষিত বনাঞ্চল (BRF)।

ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অৱস্থিত বিহালীত ১৯১৭ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেতিয়াৰ ব্ৰিটিছ আইনৰ অধীনত নিৰ্ধাৰিত ১৪০ বৰ্গ কিলোমিটাৰজুৰি এক বৃহৎ অৰণ্যক বিহালী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।

এই অৰণ্যত ৩০৮ বিধ স্থানীয় উদ্ভিদৰ প্ৰজাতিৰ লগতে ৪৯ বিধ স্তন্যপায়ী প্ৰাণী, ২৮০ বিধ চৰাই, ২৩ বিধ সাপ, ১২ বিধ কাছ, ১২ বিধ উভচৰ প্ৰাণী আৰু ২৭৫ বিধ ভিন্ন পখিলা প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও বনাঞ্চলখনত জীৱ-জন্তুৰ ভিতৰত আছে হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, লতামেকুৰী বাঘ, বনৰৌ, লাজুকী বান্দৰ, হৰিণ, বনৰীয়া গাহৰি আদি।

আনহাতে ক্লৰ’ফাইটাম আছমিকাম (Chlorophytum assamicum) নামৰ উদ্ভিদ জোপা পৃথিৱীৰ ভিতৰতে কেৱল এই বিহালী বনাঞ্চলতহে পোৱা যায়। বিলুপ্তিৰ পথত থকা এই উদ্ভিদজোপাৰ ১৮ জোপা আছে বিহালী বনাঞ্চলত। তাৰোপৰি বিশ্বৰ বিলুপ্তিপ্ৰায় মহাঔষধ সম্পন্ন এৰিষ্টলছিয়া আছামিকা (Aristolochia assamica), গেলিওলা নুডিফোলিয়াকে ধৰি ১৫০ বছৰৰো অধিক সময় বিলুপ্ত হৈ থকা ইষ্ট হিমালয়ান টুপিষ্টাৰ (East Himalayan Tupistra) অৰ্কিড এই বিহালী বনাঞ্চলত সন্ধান পোৱা গৈছে।

অসমত ইয়াৰ চুবুৰীয়া ৰাজ্য- মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সৈতে সীমান্ত বিবাদৰ এক দীঘলীয়া ইতিহাস আছে। বিহালী সংৰক্ষিত বনাঞ্চলৰ (BRF) জৈৱ বৈচিত্ৰ্যৰ ক্ষতি মুখ্যতঃ সীমান্ত বিবাদতে নিহিত হৈ আছে। সাম্প্ৰতিক সময়ত অৰুণাচলীকে ধৰি বিভিন্ন পক্ষই কৰা বেদখলৰ বাবে বনাঞ্চলখনৰ মাটিকালি সীমিত হৈ পৰিছে। যাৰ বাবে মূল ১৪০ বৰ্গ কিলোমিটাৰ বিহালী সংৰক্ষিত বনাঞ্চল এতিয়া ৬০ বৰ্গ কিলোমিটাৰলৈ সংকুচিত হৈ পৰিছে।

ইফালে অৰুণাচলী লোকৰ আগ্ৰাসন অব্যাহত থকাক লৈ স্থানীয় দল-সংগঠনে উদিগ্নতা প্ৰকাশ কৰিছে। স্থানীয় লোকৰ মতে ১৯৯০ দশকৰ আৰম্ভণিতে বিহালীত বেদখল আৰম্ভ হৈছিল৷ বৰ্তমান বনাঞ্চলখনৰ কাষতে গীৰ্জা, বিদ্যালয়, পকী পথো স্থাপন কৰিছে৷ তেওঁলোক ভূমিহীন বা শৰণাৰ্থী নহয়, কিন্তু তাত বসতি স্থাপন কৰে। কাৰণ ই কৃষিৰ বাবে অধিক অনুকূল। লগতে বন বিভাগৰ নিৰ্লিপ্ততাৰ গইনা লৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বেদখলকাৰীসকলে বহু মূল্যবান গছ-গছনী কাটি বনাঞ্চখনৰ ক্ষতি কৰিছে। ইয়াৰোপৰি এচাম দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনত বিভিন্ন সময়ত জীৱ-জন্তুৰ চিকাৰ কৰি জৈৱ বৈচিত্ৰ্যক প্ৰভাৱিত কৰিছে। যাৰ বাবে বনাঞ্চলখনৰ পৰিসৰ ক্ৰমাৎ হ্ৰাস হৈ আহিছে। ফলত চুবুৰীয়া অঞ্চলসমূহত হাতী-মানুহৰ সংঘাতো দৈনিক বৃদ্ধি পাব ধৰিছে।

কিন্তু পৰিতাপৰ বিষয় যে জৈৱ-বৈচিত্ৰৰে ভৰপূৰ অসম আৰু অৰুণাচল প্ৰদেশ সীমান্তত থকা এই বনাঞ্চলখনত উল্লেখযোগ্য উদ্ভিদ আৰু জীৱ-জন্তু থকা স্বত্বেও বৰ্তমানলৈকে বনাঞ্চলখন অভয়াৰণ্যলৈ উন্নীত কৰা হোৱা নাই।

                                                      -প্ৰণৱ জ্যোতি মহন্ত

You might also like