নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত চিকিৎসক আৰু নাৰ্ছৰ প্ৰংশসনীয় পদক্ষেপঃ জোনাইত কভিড আক্ৰান্ত প্ৰসূতিৰ  সফলতাৰে সন্তান প্ৰসৱ 

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ  সমগ্ৰ দেশতে ক’ৰনা অতিমাৰী ৰ প্ৰভাৱ ৷ নেতিবাচক খৱৰবোৰে সকলোৰে মন মগজুত ক্ৰিয়া কৰি  থকাৰ মাজতে জোনাই মহকুমাৰ স্বাস্থ্যখণ্ডৰ এক ইতিবাচক খৱৰ ৷ এগৰাকী কভিড আক্ৰান্ত প্ৰসূতিৰ সুস্থ পুত্ৰ সন্তান প্ৰসৱ ৷ শুকুৰবাৰে জোনাই মহকুমাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীৰ  কভিড আক্ৰান্ত প্ৰসূতিৰ  সফলতাৰে সন্তান প্ৰসৱ ৷ ৰাজাখানা পঞ্চায়তৰ গাৰু বস্তিৰ মিনা মাৰাকক শুকুৰবাৰ জোনাই খণ্ড প্ৰাথমিক চিকিৎসা লয়ত  সন্তান প্ৰসৱ কৰিবলৈ লৈ অহা হৈছিল ৷

মহিলা গৰাকীক প্ৰথমে কভিড পৰীক্ষা কৰোৱাৰ পিছত কভিড  আক্ৰান্ত  প্ৰমানিত হয় ৷ চিকিৎসালয়ৰ জেষ্ঠ্য চিকিৎসক ডা° কিশোৰ কামান নেতৃত্বত ডা° এম এম আগৰৱালা, ষ্টাফ নাৰ্চ ৰিস্না দলে, জমুনা উপাধ্যায়ৰ সহযোগত প্ৰসূতি মাতৃ গৰাকীক সফল ভাৱে সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হয় চিকিৎসা কৰ্মীৰ দলটোৱে ৷

বৰ্তমান জোনাই খণ্ড প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত মাতৃ আৰু শিশুটি সুস্থ অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব দিছে৷ উল্লেখযোগ্য যে জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানৰ নেতৃত্বত জোনাই খণ্ড প্ৰিৰ্থমিক স্বস্থ্য কেন্দ্ৰত তিতিগৰাকী কভিড আক্ৰান্ত প্ৰসূতিৰ  সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হৈছে৷ জোনাইত চিকিৎসক আৰু নাৰ্ছৰ প্ৰংশসনীয় এনে পদক্ষেপ জোনাই সচেতন ৰাইজে শলাগ লৈছে৷

You might also like