নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ কাৰণে পদক মানেই স্বৰ্ণঃ লাভলীনা

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ অজস্রজনৰ আশিস আৰু শুভকামনা শিৰত লৈ আজি পুনৰ টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামি অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৰচিলে ইতিহাস৷ ৰাজ্যৰ ক্রীড়া জগতলৈ নতুন সম্ভাৱনাৰ জোৱাৰ কঢ়িয়াই অনা তাৰকা বক্সাৰগৰাকীয়ে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদক জয় প্ৰায় নিশ্চিত হৈ পৰিছে।

শুকুৰবাৰে পুৱা কোৱার্টাৰ ফাইনেলত অৱতীর্ণ হোৱা লাভলীনাই এইবাৰ বিশ্বৰ দ্বিতীয় স্থানপ্রাপ্ত চাইনীজ টাইপেইৰ তাৰকা নিয়েন–চিন চেনক ৪-১ ত পৰাস্ত কৰি নিজৰ পাৰদৰ্শিতা পুনৰবাৰ প্ৰতিষ্ঠা কৰে।

এই সন্দৰ্ভত বক্সাৰ গৰাকীয়ে কয় যে  মই বক্সিং আৰম্ভ কৰাৰ দিনৰ পৰাই মোৰ একমাত্ৰ লক্ষ্য আছিল অলিম্পিক পদক জয় কৰা। তাৰ বাবে মই বহুত ত্যাগ কৰিছো আৰু কষ্ট কৰিছো। মোৰ মতে  মাত্ৰ এটা পদক  আৰু সেয়া হৈছে সোণ, আৰু মই ইয়াৰ বাবে প্ৰস্তুতি চলাই আছো। মোৰ পৰৱৰ্তী খেলখন ছেমি ফাইনেল আৰু মই ইয়াৰ সৈতে কেনেদৰে যুঁজিব লাগে তাৰ পৰিকল্পনা কৰি আছো।

মন কৰিবলগীয়া যে আজি অসম কন্যা লাভলীনাৰ হাতত ধৰাশায়ী হোৱা এইগৰাকী শক্তিশালী প্রতিদ্বন্দ্বী নিয়েন–চিন চেনৰ বিৰুদ্ধে লাভলীনাই ২০১৮ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হৈছিল৷

You might also like