নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যাৰ কোনো খেল নাচায় লাভলীনাৰ পিতৃ–মাতৃয়ে; কিন্তু কিয়?

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ যি সময়ত দেশৰ কোটি জনতাৰ চকু নিবদ্ধ টিভি পর্দাত, সেই সময়ত টিভিৰ সন্মুখৰ পৰা আঁতৰি আছিল বক্সাৰ লাভলীনা বৰগোহাঁইৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই৷ সুদূৰ জাপানৰ টকিঅ’ৰ বক্সিং ৰিঙত ইতিহাস ৰচনা কৰা কন্যা লাভলীনাৰ শুকুৰবাৰে অনুষ্ঠিত কোৱার্টাৰ ফাইনেল খেলখনো উপভোগ কৰাৰ পৰা বিৰত থাকিল লাভলীনাৰ পিতৃ–মাতৃ৷ এই কথা সাংবাদিকক জানিবলৈ দিয়ে খোদ লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁয়ে৷

লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁয়ে জানিবলৈ দিয়ে যে সুদূৰ টকিঅ’ত কন্যাই কোৱার্টাৰ ফাইনেল খেলি থকাৰ সময়ত তেওঁলোক নীৰৱে ঘৰৰ ভিতৰতে বহি আছিল৷ পিছত কোনো অনুৰাগীয়ে ফোনযোগে কন্যাৰ বিজয়ৰ সংবাদ দিয়াৰ পিছতহে তেওঁলোক জ্ঞাত বুলি কয়৷ লাভলীনাৰ পিতৃয়ে কয় যে তেওঁ কন্যাৰ খেল চোৱাৰ সময়ত বৰ কষ্ট অনুভৱ কৰে৷ তেওঁৰ হূদস্পন্দন বৃদ্ধি পায় বাবে তেওঁলোক সদায়ে কন্যাৰ খেল চোৱাৰ পৰা বিৰত থাকে৷

তেওঁ জানিবলৈ দিয়া মতে, বিগত সময়ছোৱাতো কন্যাৰ এখনো আন্তর্জাতিক খেল উপভোগ কৰা নাই৷ বৰপথাৰত লাভলীনাৰ অলিম্পিক বিজয়ৰ আনন্দৰ বিৰল মুহূর্তত লাভলীনাৰ মাতৃও সমভাগী হ’ব নোৱাৰিলে স্থানীয় ৰাইজৰ সৈতে৷ কিয়নো কিছু দিনৰ পূর্বে লাভলীনাৰ মাতৃ মামণি বৰগোহাঁয়ে বৃক্ক সংৰোপণ কৰিব লগা হয়৷ যাৰ বাবে মাতৃ শয্যাশায়ী৷ লাভলীনাক ডাক্তৰ–ইঞ্জিনীয়াৰ নকৰি একমাত্র বক্সাৰ হিচাপে গঢ়ি তোলাৰ বাবে যথেষ্ট কষ্ট কৰে লাভলীনাৰ মাতৃ মামণি বৰগোহাঁয়ে৷ শুকুৰবাৰে পুৱাই মাকলৈ ফোন কৰি মাকক কৈছিল তোমালোকে চিন্তা নকৰিবা, মই চাইনিজ টাইপেইৰ খেলুৱৈক অনায়াসে পৰাস্ত কৰিম৷ মাকে জানিবলৈ দিয়ে যে চীনৰ খেলুৱৈগৰাকীৰ সৈতে তিনিবাৰ পৰাস্ত হৈছিল লাভলীনা, যাৰ বাবে লাভলীনাৰ মাতৃৰ যথেষ্ট ভয় ভাব এটা মনতে আছিল৷ অসুস্থ যদিও লাভলীনাৰ মাতৃয়ে সমগ্র অসমবাসীক ধন্যবাদ জনায় লাভলীনাক আশীর্বাদ দিয়াৰ বাবে৷ লাভলীনাই সোণৰ পদক লৈ ঘৰলৈ উভতি আহক, তাকে মনে–প্রাণে কামনা কৰিছে মাতৃ মামণি বৰগোহাঁয়ে৷ কন্যাৰ সাফল্যত উৎফুল্ল হৈ পৰা পিতৃ টিকেন বৰগোহাঁয়ে কন্যাক ইমান দূৰ আগবঢ়াই নিয়াৰ বাবে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়া আৰু অসম বক্সিং ফেডাৰেচনক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তাইৰ বক্সিং প্রশিক্ষকসকলকো কৃতজ্ঞতা জনায়৷ তাই পঢ়ি যোৱা বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীসহ, শাৰীৰিক নির্দেশক ভৱানন্দ লাহন, লাভলীনাৰ আদিগুৰু মুৱাই থাই প্রশিক্ষক প্রশান্ত দাস, স্থানীয় দল–সংগঠন, সংবাদ মাধ্যম, স্থানীয় ৰাইজৰ লগতে যিসকলে বিগত সময়ছোৱাত লাভলীনাক উৎসাহিত কৰিবৰ বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰি কন্যাক আশীর্বাদ কৰিলে, সেই সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইয়াৰ উপৰি স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে গ্রহণ কৰা পদক্ষেপৰ শলাগ লৈ তেওঁৰ উদ্যোগতে মুখ্যমন্ত্রীসহ বিভিন্ন দল–সংগঠনৰ সদস্যসকলে চাইকেল ৰেলীৰে যি উৎসাহ যোগালে, তাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিধায়ক বিশ্বজিৎ ফুকন প্রমুখ্যে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে৷ কন্যাই অলিম্পিকত পদক নিশ্চিত কৰাৰ পিছত লাভলীনাৰ পিতৃক স্থানীয়ভাৱে বিভিন্ন দল–সংগঠনে অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসমৰ ক্রীডামন্ত্রী বিমল বৰাই ফোনযোগে অভিনন্দন জনায়৷

You might also like