নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে আক্রান্ত ৭৮৪; মৃত ১৫

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: ৰাজ্যত ক্রমাগতভাৱে হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ দেওবাৰে পুনৰ ক’ভিডত আক্রান্ত হৈছে ৭৮৪জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১০৭জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি গোলাঘাটত ৭২জন, লখিমপুৰত ৫০জন আৰু নলবাৰীত ৫০জন লোক ক’ভিডত আক্রান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৯১,১২৩টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হ্রাস পাইছে ০.৮৬ শতাংশলৈ৷ দেওবাৰে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ১,৪৪৯জন৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১১,২৯৫জন৷ দেওবাৰে ক’ভিডত মৃত্যু হৈছে ১৫জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক তিনিজনকৈ লোক যোৰহাট–কামৰূপ–নগাঁও জিলাৰ৷ তদুপৰি চিৰাং–ডিব্রুগড়–গোলা মহানগৰ–কার্বি আংলং–তিনিচুকীয়াৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷

You might also like