নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌহার্দ্যপূর্ণ আলোচনাৰে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ সাজু মিজোৰাম

নিয়মীয়া বাৰ্তা, ২ আগষ্ট: সৌহার্দ্যপূর্ণ আলোচনাৰে সীমা বিবাদ সমাধান কৰিবলৈ সাজু হৈছে মিজোৰাম চৰকাৰ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে হোৱা টেলিফোনিক বার্তালাপৰ পাছত এই কথা প্রকাশ কৰিছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই৷

এই প্রসংগত মিজোৰামৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘পৰিস্থিতি অধিক অৱনতি হোৱাৰ যিকোনো সম্ভাৱনা প্রতিৰোধ কৰাৰ বাবে মই মিজোৰামৰ লোকসকলক যিকোনো ধৰণৰ স্পর্শকাতৰ বার্তা ছ’চিয়েল মিডিয়াত প্রকাশ নকৰিবলৈ আহ্বান জনাইছোঁ৷’

ইফালে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ কৰা অনুসৰি সীমা বিবাদ দূৰ কৰাৰ ববে দয়োখন ৰাজ্যৰ মাজত নতুনকৈ আৰম্ভ হৈছে আলোচনা৷ সমান্তৰালভাৱে দুয়োখন ৰাজ্যৰ বিষয়া আৰু আৰক্ষী বাহিনীক বিবদমান এলেকা ভ্রমণ কৰাৰ সময়ত অস্ত্র–শস্ত্র লগত লৈ যোৱাৰ ক্ষেত্রত বাধা আৰোপ কৰিছে কেন্দ্রীয় চৰকাৰে৷ একে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো এক টুইটযোগে প্রকাশ কৰিছে যে উত্তৰ–পূর্বাঞ্চলৰ একতা সজীৱ কৰি ৰখাৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰা হৈছে৷

এই প্রসংগত তেওঁ কয়– ‘অসম–মিজোৰাম সীমান্তত যি ঘটনা সংঘটিত হ’ল, সেয়া দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ বাবে অগ্রহণযোগ্য৷ সীমা বিবাদ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাটো সম্ভৱ৷ ইফালে অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত ঘটনাৰ পাছত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্রত্যাহাৰ কৰিবলৈ সাজু মিজো চৰকাৰ৷ এই কথা সদৰী কৰিছে মিজোৰাম চৰকাৰৰ মুখ্য সচিব লালনুনমাৱিয়া চুৱাংগোৱে৷

সংবাদ মাধ্যমৰ আগত মিজোৰাম চৰকাৰৰ মুখ্য সচিবগৰাকীয়ে প্রকাশ কৰা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্রী জোৰামথাংগাই ড০ শর্মাৰ নাম এজাহাৰত উল্লেখ কৰাৰ ক্ষেত্রত অনুমোদন জনোৱা নাছিল৷ এই প্রসংগতে মুখ্য সচিবে কয় যে এই সমগ্র বিষয়টো তেওঁ সংশ্লিষ্ট আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰিব আৰু কোনো ধৰণৰ আইনী বাধা নাথাকিলে মুখ্যমন্ত্রীৰ নাম প্রত্যাহাৰ কৰা হ’ব৷ এজাহাৰৰ পৰা অসমৰ মুখ্যমন্ত্রীৰ নাম প্রত্যাহাৰ কৰিবলৈ পালে তেওঁলোক আনন্দিত হ’ব বুলিও চুৱাংগোৱে প্রকাশ কৰি কয় যে অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে ক্রিমিনেল গোচৰ ৰুজু কৰা সন্দর্ভত তেওঁ অৱগত নাছিল৷

অৱশ্যে মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে ৬গৰাকী বিষয়া আৰু ২০০গৰাকী আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্রত্যাহাৰ হ’ব নে নহয়, সেই সন্দর্ভত মিজোৰামৰ মুখ্যমন্ত্রীগৰাকীয়ে মত প্রকাশৰ পৰা বিৰত থাকে৷ মিজোৰাম চৰকাৰে মুখ্যমন্ত্রীৰ উপৰি আৰক্ষীৰ মহাপৰিদর্শক অনুৰাগ আগৰৱালা, উপ–মহাপৰিদর্শক দেৱজ্যোতি মুখার্জী, কাছাৰৰ আৰক্ষী অধীক্ষক চন্দ্রকান্ত নিম্বলকাৰ, ধলাই আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া চাহাবুদ্দিন, কাছাৰৰ উপায়ক্ত কীর্থি জল্লী আৰু কাছাৰৰ ডি এফ অ’ ছান্নি দেউ চৌধুৰীৰ বিৰুদ্ধে মিজোৰামত গোচৰ ৰুজু কৰা হৈছে৷ গোচৰ ৰুজু কৰা অসমৰ বিষয়াকেইগৰাকীক আজিৰ ভিতৰত ভাইৰেংটি আৰক্ষী থানাত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছিল৷

উল্লেখ্য যে যোৱা ২৬ জুলাইত সীমা বিবাদক কেন্দ্র কৰি উত্তপ্ত হৈ পৰিছিল লাইলাপুৰ৷ মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ আক্রমণত অসম আৰক্ষীৰ ৬জন জোৱান শ্বহীদ হোৱাৰ লগতে আন অর্ধশতাধিক আৰক্ষী জোৱান আঘাতপ্রাপ্ত হৈছিল৷ ইয়াক লৈ সমগ্র ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈছিল৷

You might also like