বাংলাদেশীৰ সমস্যাটো ক’লৈ গ’ল?
অসমত বাংলাদেশী নাগৰিকৰ অবৈধ প্রৱেশ (অর্থাৎ অনুপ্রৱেশ) আৰু অবৈধ বসবাসৰ সমস্যাটো ক’লৈ গ’ল? সেইটো ক’ত, কেনেকৈ, কিয় অন্তর্ধান হ’ল? আজিকালি দেখোন প্রায় আটায়ে, বিশেষতঃ ৰাজনৈতিক দলসমূহে আৰু ব্যক্তিসকলে, ‘বাংলাদেশ’ আৰু ‘বাংলাদেশী’,– এই শব্দ দুটা উচ্চাৰণ কৰিলেই যেন ভগৱন্ত বস্তুৰ প্রতি অৱমাননাসূচক কিবা ভয়ংকৰ অপৰাধ (ব্লেস্ফীম্)হে হ’ব, তেনে মনোভাৱেৰে সেই দুটাক দূৰতে বিদূৰ কৰা হ’ল নে, সমস্যাটো কেতিয়াও নাছিলেই? নে, ২০১৪ চনৰ ১৬ মেইৰ পাছত অসমস্থ সমূহ বাংলাদেশী, ‘টালি–টোপোলা’ সমেত ‘ঘৰৰ ল’ৰা’ হৈ ঘৰলৈ উভতি গ’ল? এতিয়া আকৌ বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্রখনৰ অঞ্চল বিশেষত হক কথাতো আন্দোলন কৰাহে নালাগে, মাত এষাৰ মতাটোও অপৰাধ হ’লহি নহ’লেনো, অসমৰ তৈল সম্পদেৰেই ছয়–সাতমাহ জুৰি ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ ঘৰ–বাৰী, খেতিৰ মাটি, পোহনীয়া জন্তু, অঞ্চলৰ আপুৰুগীয়া ৰাষ্ট্রীয় জলজ প্রাণী আৰু অন্যান্য বন্য প্রাণী আদি সকলো পুৰি ছাৰখাৰ কৰি সমস্ত ভূমিখণ্ড মৰুভূমিলৈ ৰূপান্তৰিত কৰা কাণ্ডৰ প্রতিবাদ কৰিলেও লোকগণ গুলীচালনাৰ সন্মুখীন হ’বলগীয়া হয়নে?
কোন কেতিয়া কিয় কোনটো দলত থাকে, কেতিয়া কিয় কোনটো দল ত্যাগ কৰি কোনটোলৈ যায়, বিগত কিছুদিনত সেইবোৰ দেখি–শুনি সর্বসাধাৰণ ৰাইজে ত্রাহি মধুসূদন সুঁৱৰিছে৷ ৰাজনীতি দেশ সেৱাৰ পৰিৱর্তে আজীৱন জীৱিকা হ’লে, এয়ে নহৈ হ’ব কি? তেনে স্থলত, বাংলাদেশীমুক্ত অসমৰ বাবে গৰজ কাৰ?
আটায়ে জানে যে সমস্যাটোক বাংলাদেশী সমস্যা বুলি সততে কোৱা হ’লেও, মূল সমস্যাটো ‘বাংলাদেশ’ বোলা ৰাজনৈতিকভাবে কাৰিকৰী শব্দটোতে সীমাৱদ্ধ নহয়৷ ভূখণ্ড একেটা ৰাজনৈতিক–ঐতিহাসিক ঘটনাক্রম অনুসাৰে সেই ভূখণ্ডৰ নামহে সুকীয়া সুকীয়া ঃ হিন্দু বংগ (গৌড়), নৱাবী বংগ (গৌড়), পূর্ব বংগ, পূব পাকিস্তান আৰু বাংলাদেশ৷ বাসিন্দাসকলো একে মাথোন প্রজন্মসমূহ সুকীয়া সুকীয়া,– সেই অনুসাৰে, ৰাজনৈতিক সংজ্ঞাসূচক পৰিচয়ো সুকীয়া সুকীয়া৷ অনুপ্রৱেশৰ সমস্যাটো ‘ব্রিটিশ্ ইণ্ডিয়া’ আৰু ‘স্বাধীন’ ‘ভাৰতীয় ভাৰতবর্ষ’ৰ সময়ৰ কথা৷ তাৰো ভিতৰত, ইচ্ছা থাকিলেও, একান্ত ঐতিহাসিক–ৰাজনৈতিক কাৰণত, এসময়ৰ বৃহত্তৰ অসম আৰু বর্তমান ক্ষুদ্রতৰ অসমত উক্ত ভূখণ্ডৰপৰা প্রৱেশকাৰী আটাই লোককে অনুপ্রৱেশকাৰী বুলিব নোৱাৰি ঃ একত্রিত এখন ৰাষ্ট্রৰ ভিতৰত অহা–যোৱা৷ কিন্তু ১৯৪৭ চনৰ ১৪–১৫ আগস্ত (‘ষ্ট’Sht? নহয়), ততোধিক,– বাস্তৱিক সম্ভাৱ্যতা আৰু অসম্ভাৱ্যতাৰ ওপৰত ভিত্তি কৰি সম্পাদিত ‘নেহৰু–লিয়াকৎ চুক্তি’ত উল্লিখিত, ১৯৪৮ চনৰ ১৯ জুলাই আৰু, ততোধিক, ‘ভাৰতীয় ভাৰত’ত প্রথমবাৰ অনুষ্ঠিত, ১৯৫২ চনৰ সাধাৰণ নির্বাচনৰ অর্থে ১৯৫১ চনৰ ভোট(ৱৌট্)দাতাৰ তালিকা (য’ত যিমান প্রাপ্য) ইত্যাদিহে প্রাসংগিক লগত, ১৯৪৬ চনৰ বিদেশী আইন৷ এইবোৰৰ উপৰি আছিল ভাৰত চৰকাৰৰ পী আই পী (পাকিস্তানী অনুপ্রৱেশ প্রতিৰোধ) আঁচনি (১৯৬৪), যিখনৰ অধীনত, বিমলা প্রসাদ চলিহাৰ আমোলত বহুতো (পূব) পাকিস্তানী অনুপ্রৱেশকাৰী বহিষৃকতও হৈছিল৷ কিন্তু তাকে লৈ, এফালে আঁচনিখনৰ শক্তিশালী সমর্থক দেৱেশ্বৰ শর্মা আৰু, আনফালে, তাৰ দুর্ঘোৰ বিৰোধী মইনুল হক চৌধুৰী, ফখৰুদ্দিন আলী আহমেদ আৰু, এসময়ত আলী–কুলীৰ ৰাজনীতি, আৰু পৰৱর্তীভাবে ‘(১৯৭৬)’ ইন্দিৰা ইয্ ইণ্ডিয়া, এণ্ড্ ইণ্ডিয়া ইয্ ইন্দিৰা নামৰ ‘দেৱবাণী’ৰ স্রষ্টা, দেৱকান্ত বৰুৱাৰ মাজত তীব্র সংঘাত, আৰু ফল স্বৰূপে, দেৱেশ্বৰ শর্মাৰ ৰাজনৈতিক অৱমূল্যায়ন আৰু ক্রমাগত সন্ন্যাস৷ ইতিমধ্যে, ১৯৬৪ চনৰ ২৭ মেইত, ক্রমাৎ পৰিয়ালতান্ত্রিক চৰিত্র ৰপ্ত কৰা, প্রধান মন্ত্রী জৱাহৰলাল নেহৰুৰ পৰলোক গমন ঘটে, আৰু গুলজাৰি নন্দ আৰু লালবাহাদুৰ শাস্ত্রীৰ চমু কালছোৱা শেষ হোৱাৰ পাছতে ভাৰতৰ ‘সম্রাজ্ঞী’ হয় ‘প্রিন্সে’ছ্’ ইন্দিৰা গান্ধী৷ ১৯৬৬ চনৰ ১১ জেনুৱাৰিৰ পাছৰ কথা৷ শ্রীমতী গান্ধীৰ বিশ্বস্ত মন্ত্রীদ্বয় আছিল ফখৰুদ্দিন আহমেদ আৰু মইনুল হক চৌধুৰী৷ সেইখিনি সময় আছিল কাকতী ফৰিঙৰ জাকৰ দৰে অসমলৈ (পূব) পাকিস্তানী নাগৰিকৰ ‘খুল্লাম খুল্লা’ আগমন৷ পূর্বে গোপীনাথ বৰদলৈ আৰু বিষ্ণু ৰাম মেধি আছিল নেহৰুৰ চকুৰ কুটা, দাঁতৰ শূল৷ ১৯৫০ চনৰ ৫ আগস্তত নিয়তিয়ে অসমীয়াৰ চকুৰ মণি বৰদলৈক লৈ গৈ নেহৰুক উশাহটো সলাবলৈ ‘ফুর্সৎ’ দিলে৷ তাৰ পাছত, অসমক বংগৰ অংগ কৰি হ’লেও নিজৰ মহানতা প্রচাৰৰ বাবে উদগ্রীৱ নেহৰুৱে ১৯৫৭ চনৰ নির্বাচনৰ পাছত মেধিক ৰাজ্যপাল ‘বনাই’ চালান দিলে তদানীন্তন মাদ্রাযলৈ৷ চলি থাকিল ইন্দিৰাৰাজ আৰু চলিহাৰাজ, মানে,– আলী আহমেদ– হক চৌধুৰী– বৰুৱাৰ ৰাজ চলিহাৰ থৰক–বৰক শাৰীৰিক অৱস্থাই তেওঁক বাধ্য কৰিলে অনিচ্ছা সত্ত্বে হ’লেও, মহেন্দ্র মোহন চৌধুৰীক ৰাজ্যভাৰ গতাই দিবলৈ৷ ইন্দিৰা গান্ধীৰ ডছিয়েৰত চৌধুৰীৰ বিষয়ে আছিল গোটাদিয়েক অপছন্দৰ কথা৷ গতিকে ১৯৭১ চনৰ বাংলাদেশ ৎসুনামিত অহা লাখ লাখ বাংলাদেশীক সংস্থাপন দিবলৈ চৌধুৰীয়েও কেঁকো–গেঁথো কৰাত, তেওঁকো ৰাজ্যপালৰূপে চালান দিয়া হ’ল পাঞ্জাবলৈ৷ তাৰ পাছত শৰৎ সিংহ, গোলাপ বৰবৰা, যোগেন হাজৰিকা, আনোৱাৰা টাইমূৰ, কেশৱ গগৈ, হিতেশ্বৰ শইকীয়া, প্রফুল্ল মহন্ত, আকৌ শইকীয়া, আকৌ মহন্ত, তৰুণ গগৈ ইত্যাদি৷ এইসকল মুখ্য মন্ত্রীৰ প্রতিগৰাকীৰে কার্য্যকাল, সেই কালসমূহত ঘটিত ঘটনাৰ পৰিক্রমা তথা সেই যে ভূখণ্ড, সেই সন্দর্ভত এইসকলৰ চৰকাৰসমূহে কৰা আৰু নকৰা সকলো কর্মকাণ্ডৰ মাধমাৰৰ কোবত ওলোৱা ৰঙা তেজ গোট মাৰি অসমীয়াৰ জাতীয় কপালখনত এতিয়াও ক’লা হৈ আছে৷
পূর্ব বংগ বোলক, পূব পাকিস্তান বোলক বা বাংলাদেশ বোলক, আৰু বিগত প্রায় দুশটা বছৰত এই ভূখণ্ডৰ পৰা ক্রমবর্ধমান সোঁতত হিল দ’ল ভাঙি অসমলৈ আহি থকা মানুহবোৰৰ ধর্ম হিন্দু হওক, ইছলাম হওক বা আন কিবা হওক, ইবোৰৰ অসংখ্য প্রকাৰৰ প্রচণ্ড হেঁচাৰ প্রকোপত অসমৰ থলুৱা মানুহখিনি প্রজন্মৰ পাছত প্রজন্ম ধৰি ঘুগুলা হৈ আছে৷ মোৱামৰীয়া বিদ্রোহৰ তিনিটা খুন্দাই আহোম ৰাজ্য থৰক–বৰক আৰু সোলোক–ঢ়োলোক কৰাৰ পাছত চন্দ্রকান্ত সিংহ স্বর্গদেউৰ ৰাজত্ব কালত, বদন বৰফুকনৰ নেতৃত্বত মান সেনাৰ প্রথম আক্রমণৰ বছৰ ১৮১৭ চন, য়াণ্ডাবু সন্ধিৰ বছৰ ১৮২৬ চন, আৰু পিয়লি ফুকনৰ ফাঁচিৰ বছৰ ১৮৩০ চন বাদ দি তাৰ চাৰি–পাঁচ বছৰৰ পাছৰ পৰা ধৰিলেও, যোৱা ১৮৫/১৮৬ বছৰত এই মানুহখিনিৰ নিৰন্তৰ ঢ়ল আৰু পিলৌ পিলৌ বৃদ্ধিয়ে আমাৰ থলুৱা মানুহখিনিক সকলো ফালৰ পৰা চেপি–খুন্দি, থেকেচি–থেতালি সামাজিক, সাংস্কৃতিক, অর্থনৈতিক আৰু ৰাজনৈতিকভাবে পংগু আৰু মুনিয়া কৰি উশাহৰ বাবে চিপ টানি জীউটোহঁত বুকুত বান্ধি থাকিবলৈ বাধ্য কৰিছে৷
ব্রিটিশৰ দিনতে আৰম্ভ হোৱা, সেই ভূখণ্ডৰপৰা এই মুলুকলৈ বোৱা জনস্রোতৰ সমস্যাটোৱে মুলুকবাসীক সকলো সময়তে অতিষ্ঠ কৰি ৰাখিলেও সি বর্তমানৰ সর্বগ্রাসী দানৱীয় ৰূপ ধাৰণ কৰিলে, আগৰে পৰা উকমুকাই থাকি ১৯৭১ চনৰ ২৪–২৫ মার্চত মাজনিশা সংঘটিত ঘটনাটোৰপৰা, যিটো আছিল, বাংলাভাষীপ্রধান পূব পাকিস্তানৰ প্রধান/মুখ্য মন্ত্রী শেইখ মুজিবুৰ ৰহমানে পূব পাকিস্তানক ‘বাংলাদেশ’ নামেৰে এক স্বাধীন সার্বভৌম ৰাষ্ট্র ৰূপে কৰা ঘোষণা৷ অৱশ্যে, যিয়েই যিহকে নকওক লাগে, চুবুৰীয়া ৰাষ্ট্র হিচাপে, ভাৰতৰ ওপৰত পৰিব পৰা প্রভাৱৰ পৰিপ্রেক্ষিতত ভাৰতে পূব পাকিস্তান/বাংলাদেশৰ ঘটনাৱলীৰ নীৰৱ দর্শক হৈ থাকিব নোৱাৰে বোলা ব্যাখ্যা বা ‘কাৰণ’ সহিতে হ’লেও,– ভাৰতৰ প্রধান মন্ত্রী ইন্দিৰা গান্ধীয়ে, দৰাচলতে আন্তর্জাতিক ৰাজনৈতিক বজাৰত নিজৰ গৰিমা বৃদ্ধি কৰাৰ অর্থে,– অসম তথা সমগ্র উত্তৰ–পূর্বাঞ্চলৰ ওপৰত অনন্ত কালৰ বাবে এক সর্বগ্রাসী অভিশাপ জাপি দিও,– পূব পাকিস্তান–বাংলাদেশ ভাৰতীয় সেনা বাহিনী প্রেৰণ নকৰা হ’লে, এক সার্বভৌম বাংলাদেশ ৰাষ্ট্র বাস্তৱায়িত হ’বলৈ আৰু কেইবাবছৰো লাগিলহেঁতেন বুলি মই এতিয়াও ভাবোঁ৷ ওঁ, মই ভাবোঁ যে প্রকৃতপক্ষে ‘বাংলাদেশ’–ৰ জন্মৰ তাৰিখ হ’ল ১৯৭১ চনৰে ১৬ ডিচেম্বৰ,– যিদিনা পাকিস্তানৰ সেনাপতি লে’ফ্টে’নণ্ট্ জে’ন্ৰ্ল্ নিয়াজিয়ে ঢ়াকাত অস্ত্র–শস্ত্র, বন্দুক–বাৰূদসহ নব্বৈ হাজাৰ পাকিস্তানী সেনাৰ সৈতে ভাৰতীয় সেনাপতি লে’ঃ জে’ঃ অৰোৰাৰ ওচৰত আত্মসমর্পণ কৰিলে৷ ওঁ, ভাৰতৰ ‘জয়’ হ’ল সঁচা জয় হ’ল বাংলাদেশৰো৷ ভাৰতৰ যহতে আজি বাংলাদেশৰ অৱস্থা জয়জয় ময়ময় ভাৰতৰ পৰা বিগত পঞ্চাশটা বছৰে বহুতো কিবা–কিবি পায়ো বাংলাদেশ আজিও ভাৰতবিৰোধী ঃ চকু আজিও অসমৰ ওপৰত৷ বাংলাদেশত এতিয়াও আছে ভাৰতবিৰোধী অলেখ পাকিস্তানী কূটাঘাতকাৰী৷ আজিৰ পৰা ৪ মাহ ১২/১৩ দিন আগেয়ে, এই বছৰৰে ২৫ মার্চত বাংলাদেশে মহা ধুম–ধামেৰে স্বাধীনতাৰ স্বর্ণ জয়ন্তী উদ্যাপন কৰিলে৷ আৰু, এইফালে খাৰখোৱাৰ নৰক যন্ত্রণাৰ অন্ত নাই প্রায় আশী বছৰৰ আগেয়ে জ্যোতিপ্রসাদ আগৰৱালাই লিখিছিল– ‘তাহানি লাচিতে/এৰি থৈ যোৱাৰে পৰা/জননী তোৰ/লঘু–লাঞ্ছনা দুঃখ বেজাৰৰ/আজিও যে নপৰিল ওৰ’৷ এতিয়া, আশী বছৰতকৈ অধিক পাছত, মুলুকবাসীৰ অৱস্থা বহুত বেছি আতংকজনক, অস্তিত্ব বহুত বেছি অনিশ্চিত৷ হস্তিনাপুৰ আৰু প্রাগজ্যোতিষপুৰৰ কাৰচাজিত পৰৰাষ্ট্রীয়ক ৰাষ্ট্রীয় নাগৰিকত্ব দিয়াৰ আঁচনিত, সমগ্র উত্তৰ–পূর্বাঞ্চলৰে পাহাৰীয়া ৰাজ্যসমূহৰ ক্ষেত্রতে নহয়, মাথোন অসমৰে পাহাৰ অঞ্চল আৰু ভৈয়াম অঞ্চলক বাগি কুঠাৰ মাৰি ফাল ফাল কৰা হৈছে৷ অথচ, ৰাজ্যৰ সমূহ ৰাজনৈতিক দল বোবা৷
নিয়তিৰ কি পৰিহাস যে অনুপ্রৱেশৰ ছদ্মনামেৰে অবিৰত আক্রমণ চলাই ভাষিক আৰু ধর্মীয় সংখ্যাগৰিষ্ঠতাৰে এখন ৰাষ্ট্রই আন এখন ৰাষ্ট্রৰ গৌৰৱোজ্জ্বল ইতিহাসেৰে গৰিমামণ্ডিত এখন ৰাজ্যক নিজৰ অংগ ৰাজ্য কিম্বা এখন ধর্মীয় সার্বভৌম ৰাষ্ট্রত পৰিণত কৰাৰ ষড়যন্ত্রৰ বিৰুদ্ধে সেই ৰাজ্যৰ থলুৱা মানুহখিনিয়ে কৰা প্রতিবাদী আন্দোলন এটাকো, নিজ ৰাষ্ট্রৰে কেন্দ্রীয় চৰকাৰে আৰু একে ৰাষ্ট্রৰে অন্যান্য ৰাজ্য চৰকাৰৰ লগতে, স্থানীয় ৰাজ্য চৰকাৰেও আৰু ৰাজনৈতিক দলসমূহেও ভিন্ ভিন্ ন্যস্ত স্বার্থ পূৰণার্থে নানা প্রকাৰৰ কাৰচাজি আৰু বাধা বিঘিনিৰে ভ্রষ্ট কৰিবলৈ অহৰহ চেষ্টা কৰিব পাৰে পৰিহাসজনক হ’লেও সেয়ে হ’ল অসমৰ ছবছৰীয়া ‘বিশ্ববিখ্যাত’ বিদেশী বহিষ্কৰণ আন্দোলনৰ৷ কেতিয়াবা তাৰ নামকৰণ হ’ল ‘বাঙালী খেদা আন্দোলন’, কেতিয়াবা ‘মুছলমান খেদা আন্দোলন’৷ তাত কেন্দ্র, চুবুৰীয়া ৰাজ্য তথা অন্যান্য ৰাজ্য আৰু শক্তিৰ স্বার্থ আৰু হাত থকাৰ উপৰি হাত আছিল অসমৰ ভিতৰৰে একাধিক ৰাজনৈতিক, অর্ধ ৰাজনৈতিক দল আৰু সংগঠনৰ৷ তদুপৰি, তাতোকৈ ডাঙৰ কথা, আন্দোলনটো ভ্রষ্ট হোৱাৰ অন্যতম প্রধান কাৰণ আছিল, আন্দোলনৰ ভিতৰতে সংগোপনে সোমাই থকা, ব্যক্তিগত আৰু গোষ্ঠীগত স্বার্থ জড়িত কিছুমান শক্তি যিবিলাকৰ নিজৰ তথা অনুগামীগণৰ প্রকৃত চৰিত্র আৰু উদ্দেশ্য, বিগত বছৰদিয়েকৰ আগৰপৰা আজিলৈকে নিতৌ গছৰ পকা ফল সৰাদি থল্থল্কৈ সৰিয়েই আছে৷ ভোট (ৱৌট্) জোলোঙা অক্ষত কৰি ৰখাৰ ন্যস্ত স্বার্থ কিমান গভীৰ, তাৰ প্রথম চৰকাৰী প্রমাণ হ’ল,– ইন্দিৰা গান্ধী, জাইল সিং, পিলাপ্পানি’ চিদম্বৰম আৰু য়োগেন্দ্র মাকোৱানা আদিৰ দিনতে বিদেশী বহিষ্কৰণ আন্দোলনটোৰ নতুন নামকৰণ– ‘অসম সমস্যা’ অর্থাৎ সমস্যাটো, অসমত বিদেশীৰ অনুপ্রৱেশ আৰু অবৈধ বসবাস নহয় সমস্যাটো, মানে, জঞ্জালটো হ’ল– অসম টোপনিৰ ভাও ধৰা লোকক জগায় কেনেকৈ? নোধোওঁ গা, ধুৱালি নাখাওঁ ভাত, খুৱালি নিগিলোঁ, কি ক+অ, কৰ্৷ কেৱল কেন্দ্রীয় চৰকাৰ, পশ্চিম বংগ চৰকাৰ, বংগৰ প্রায় আটাই লোক, ত্রিপুৰাৰ দখলদাৰী চৰকাৰ আৰু উদ্ভট অসম চৰকাৰেইহে যে ‘বুজা নাছিল’, তেনে নহয়, দেশৰ প্রায় আটাই ৰাজ্য চৰকাৰেই বুজা নাছিল বা বুজিবলৈ কেৰেপ কৰা নাছিল যে বাঙালী (বাংলাভাষী ভাৰতীয় নাগৰিক) আৰু বাংলাদেশী– দুবিধ সুকীয়া সুকীয়া জিনিছ ইফালে, আন্দোলনৰ নেতাসকলৰো বেছিভাগৰে লেঠা এটা আছিল ইংৰাজী নামৰ ভাষাটো৷
এতিয়া আকৌ মূল সমস্যাটো প্রায় মৰিলেই৷ অসমীয়া তথা ভাৰতীয় বনাম বাংলাদেশী, ৰাষ্ট্রীয় বনাম পৰৰাষ্ট্রীয়ৰ কথা অন্তর্ধান হৈ সমস্যাটো হ’লহি ৬নং দফা, ভূমি অধিকাৰ সুৰক্ষা পৰামর্শদাতা সমিতি, খিলঞ্জীয়া, জনজাতীয়–জনজাতী, হিন্দু–মুছলমান, ধর্মান্তৰিতকৰণ ইত্যাদি ইত্যাদি৷ সন্দেহ নাই যে অসমক পূর্ব বংগ/(পূব) পাকিস্তান/বাংলাদেশৰ অন্তর্গত এখন মুছলমান ৰাজ্য অথবা এখন সার্বভৌম মুছলমান ৰাষ্ট্র কৰাৰ আঁচনি আৰু ষড়যন্ত্র যে অতি পুৰণি, তাক অস্বীকাৰ কৰাৰ উপায় কাৰো নাই৷ ভিন্ ভিন্ সময়ত তেনে বহুত আঁচনি বিতংভাবে উদং (‘ফাদিল’?) হৈ গৈছে৷ সফল যেতিয়াই হওক বা নহওক, ভিন্ ভিন্ সময়ত এনে সপোন বাস্তৱায়িত কৰাৰ ভিন্ ভিন্ আঁচনিত, কম–বেছি পৰিমাণে আৰু সৰু–ডাঙৰ–মজলীয়া, উগ্র, নৰম, বহু লোকৰ নাম জড়িত হৈ আছিল আৰু আছে, যেনে– মহম্মদ আলী জিন্না, সুহৰাৱর্দি খান, মইনুল হক চৌধুৰী, মহম্মদ ছাদুল্লা, যুল্ফিক্ৰ আলী ভুট্টো, আয়ুব খান, যাহায়া খান, শেইখ মুজিবুৰ ৰহমান, জিয়াউৰ ৰহমান, বেগম খালেদা জিয়া, শেইখ হাসিনা (২০১৫ চনত ম্যানমাৰৰ ন পি ট–ত অনুষ্ঠিত বিম্স্তে’ক্ সন্মিলন), আজিমুদ্দিন, ওৱেইসি, ওস্মানি, দক্ষিণ অসমৰ একেটা পৰিয়ালৰ দুটা প্রজন্মৰ দুজন মজুমদাৰ, তৰুণ গগৈৰ আমোলত, ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুতকৰণৰ বিৰুদ্ধে ২০১০ চনৰ ২১ জুলাইত গুৱাহাটী কাণ্ড কৰোঁতাসকল পশ্চিম অসমত ধর্মৰ ভিত্তিত মুছলমানৰ বাবে স্বায়ত্ত শাসিত অঞ্চল দাবী কৰি সাৰি যোৱা, এ’ আই য়ূ ডী এ’ফৰ প্রাক্তন বিধায়ক ৰছুল হক বাহাদুৰ ৰাজ্যত নিতৌ মানুহৰ ঘৰ–বাৰীৰ উপৰি বাট–পথ, হাট–বজাৰ, যান–বাহন, দৌল–দেৱালয়, নামঘৰ, মঠ–মন্দিৰ আদিত চুৰি–ডকাইতি, মাৰপিট, হত্যা, ধর্ষণ আদিৰ উপৰি নিচাযুক্ত দৰৱৰ খেতি আৰু চোৰাং বেপাৰ, হৰেক মালৰ ছিণ্ডিকেইটত লিপ্ত পূর্ব বংগীয়/পূব পাকিস্তানী মূলৰ তথা পোনপটীয়াকৈ বাংলাদেশী হাজাৰ–বিজাৰ লোক৷ শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্র বৰলুইত আৰু তাৰ উপনৈসমূহ তথা ৰাজ্যৰ বৃহৎ বৃহৎ বিলৰ মাছৰ ব্যৱসায়, নদ–নদীৰ চৰ–চাপৰিৰ খেতি–বাতি, চৰকাৰী সংৰক্ষিত চৰণীয়া পথাৰ, ৰাজহুৱা সংৰক্ষিত চৰণীয়া পথাৰ আদিৰ প্রায় সমস্ত এনেসকল লোকৰ দখলত,– বুজিছেনে, ৰাজপথত জুমুঠি আৰু টায়া(ৰ্) দহনকাৰী জাতীয়তাবাদীগণ?
আনহাতে, অসমৰ একান্ত ন্যায্য জাতীয় স্বার্থ জড়িত প্রতিটো বিষয়তে পাকে–প্রকাৰান্তৰে হেঙাৰ সৃষ্টি কৰি আহিছে আন যি চাম লোকে, সেই চামৰ ভিতৰত আছিল/আছে বিধান চন্দ্র ৰায়, সিদ্ধার্থ শংকৰ ৰায়, জ্যোতি বসু, সোমনাথ চেটার্জী, ইন্দ্রজিত গুপ্ত, গীতা মুখার্জী, সত্যসাধন চক্রৱর্তী, সুব্রত মুখার্জী, মমতা বেনার্জী, দুই–তিনিটা প্রজন্মৰ দেব (X), কালীপদসেন, ডাঃ দে’, শান্তিৰঞ্জন দাসগুপ্ত, সাধন ৰঞ্জন সৰকাৰ আদি ইত্যাদি৷ এই পাকচক্রত বাঙালী আৰু বাংলাদেশীৰ মাজত, ৰাষ্ট্রীয় আৰু পৰৰাষ্ট্রীয়ৰ মাজত একো পার্থক্য নাই৷ চাকনৈয়াত পৰি পাকঘূৰণি খাই থকা অসমীয়াই উশাহ সলাব পৰা নাই মাথোন জাত–কুল আৰু দল–উপদলৰ নামত থান–বান হৈছে, আনে ফেনেকি ছেদেলি–ভেদেলি কৰিছে৷ এতিয়া, বিশেষতঃ নাগৰিকত্ব সংশোধনী (ভেজালকৰণ) বিধেয়ক, (কেব্) তথা আইন (কা) সন্দর্ভত হোৱা আন্দোলনৰ সময়ৰ পৰা ‘বাংলাদেশ’ আৰু ‘বাংলাদেশী’– এই শব্দ দুটা প্রায় আটাই অসমীয়াই পাহৰাৰ দৰে হ’ল৷ এতিয়া সমস্যা হ’ল ‘হিন্দু–মুছলমান’ এতিয়াৰ কথা নহয় অশ্বডিম্ব প্রসৱ কৰা, ছবছৰীয়া মূল আন্দোলনটোৰ কালৰে কথা৷ উলিওৱা হ’ল ‘সংখ্যালঘু’ৰ প্রসংগ ভাষিক হওক, ধর্মীয় হওক, পৰৰাষ্ট্রীয় আকৌ ‘সংখ্যালঘু’ কেনেকৈ? যি ভাৰতীয়য় নহয় (‘হ’ ধাতু), সি আকৌ ভাৰতত কিহৰ ‘সংখ্যালঘু’? কিন্তু তেনেকৈয়ে কৰা হ’ল ফেনা–ফেন৷ এতিয়া সমস্যা ক’ৰবালৈ গ’ল, আহিল তাৰ ‘ৰেমিফিকেইশ্ন্য্’৷ বেছ কিছু বছৰ হ’ল,– সংখ্যাত তাকৰ হ’লেও, একাংশ অসমীয়া মুছলমানৰ গাত উঠিল ইছলামত্বৰ পিৰপিৰণি৷ ঠায়ে ঠায়ে,– কিছু অসমীয়া মুছলমান মহিলাৰ মুখত, পূর্বে কেতিয়াও নেদেখা বোর্খা একেদৰে, বুজনসংখ্যক অসমীয়া হিন্দুৰ গাত উঠিল হিন্দুত্বৰ পিৰপিৰণি৷ অসমীয়াত্বৰ ঠাইত, প্রতিটো কথাতে হিন্দুত্বৰ কথা হৰিদ্বাৰ, ঋষিকেশ আৰু প্রয়াগৰ পণ্ডিত–পূজাৰী নদী পূজন আৰু ভূমি পূজন৷ আশ্চর্য্য ক’ত? কুখ্যাত চিলাপথাৰ কাণ্ডৰ পাছত সংবাদ মাধ্যমত ওলাইছিল তদানীন্তন গৃহ মন্ত্রী ৰাজনাথ সিঙৰ কাষত থিয় হৈ থকা, চিলাপথাৰ কাণ্ডৰ বাংলাদেশী খলনায়ক সুবোধ বিশ্বাসৰ ছবি৷
ভাৰতক এখন ধর্মীয় ৰাষ্ট্র বুলি সংবিধানৰ সাল–সলনি নকৰাকৈ, বিদেশীৰ সাংবিধানিক–ৰাজনৈতি সংজ্ঞা ‘গায়েব’ কৰি তাক কৰা হ’ল ধর্মীয়৷ এতিয়া আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা মুছলমানসকলহে হ’ব বিদেশী বাকীবোৰ,– প্রধানতঃ হিন্দুগিলাখান, হ’ব ‘খুল্লাম খুল্লা’ স্বয়ংক্রিয় ‘ভাৰতীয় নাগৰিক’ ভাৰত ভ্রমণকাৰী বিদেশী ৰাষ্ট্রপ্রধানৰ দৰে নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত হৈ ৰাষ্ট্রীয় স্বয়ংSeৱকSangঘ–ৰ সর্বাধিনায়ক, মহাধিকর্তাই সিদিনা গুৱাহাটীত কৈ গ’ল– সিবিলাক দেশৰ হিন্দুসকলক আশ্রয় দিবলৈ ভাৰত দায়ৱদ্ধ বৰদলৈক চকু পাৰি দেখিব নোৱৰা নেহ্ৰুৱেয় হওক বা আন কোনোবায় হওক (‘হ’ ধাতু), অসমীয়াহঁতৰ মতামত লৈছিল নেকি যে সিহঁতে সকলো বোজা আমৰণ গাধৰ দৰে পিঠিত ব’ব লাগিব? সিবোৰ দেশত অসমীয়া হিন্দু কেইঁৰা?
ভেজাল ব্রহ্মাণ্ড জাতীয়তাবাদী ‘আছু’–ৰ এসময়ৰ সর্বেসর্বা, একে চৰিত্রৰ অগপৰ এসময়ৰ হর্তা–কর্তা অগপৰপৰা বিধায়ক আৰু সাংসদ হৈ ভাজপাৰ পৰা কেন্দ্রীয় মন্ত্রী, পাছে তাৰেপৰা মুখ্য মন্ত্রী, এবেসে তাৰেপৰা পুনৰ কেন্দ্রীয় মন্ত্রী, সর্বানন্দ সোণোৱালে শেষ মুহূর্তলৈকে বুলিয়েই থাকিল, বুলিয়েই থাকিল বোলে তেখেতৰ ‘শূন্য সহনশীল’ (ড্রাগ্যৰ বাদে?) চৰকাৰে কাজিৰঙাৰ পৰা সকলো অবৈধ দখলকাৰী ‘বাংলাদেশী’ (মানে, অকল মুছলমান?) উচ্ছেদ কৰিলে পিচে, সিবোৰ গ’ল ক’লৈ– ঢ়াকা, খুল্না, পাব্না, ৰাজশাহী, চট্টগ্রামলৈ,– নে, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কোক্ৰাঝাৰ, বৰপেটা, জনিয়া, বাঘবৰ, দলগাঁও, খাৰুপেটীয়া, বালিপৰা, পাঁচমাৰি, বিশ্বনাথ, ধিং, মৈৰাবাৰী, হোজাই, লংকা, মৰিগাঁও, ভূৰবন্ধা, লাহৰীঘাট, নগাঁও, যোৰহাট আৰু গুৱাহাটীলৈ?
নদী, বিল, চৰ–চাপৰি দখলকাৰী মুছলমান বাংলাদেশী হওক বেপাৰ–বাণিজ্য, দোকান–বজাৰ, কেন্দ্রীয় আৰু ৰাজ্যিক চাকৰি, বিভিন্ন বীমা কাম্প্নি, বে’–চৰকাৰী ব্যৱসায়িক প্রতিষ্ঠান, উদ্যোগ আদিৰ চাকৰি তথা ৰেইলৱেইৰ মাটি দখলকাৰী হিন্দু বাংলাদেশী হওক, কাকো উচ্ছেদ্ আৰু বহিষ্কাৰ কৰিব নোৱাৰে বুলি, থিয়েট্(ৰ্) পার্টি ভাজপাৰ বিয়াগোম নেতা,– ১৯৯২ চনত বাবৰি মছজিদ ধ্বংস পর্ৱত উপস্থিত থকা লাল কৃষ্ণ আড্ৱাণী (শুদ্ধ বানান)য়ে জানিছিল বাবেই তেখেতে বাংলাদেশীক কামৰ অনুজ্ঞা পত্র দিয়াৰ সূত্র উলিয়াইছিল৷ কেন্দ্রীয় চৰকাৰৰ গৃহ বিভাগৰ ৰাজ্যিক মন্ত্রীগৰাকীও বাংলাদেশৰ এজন ‘প্রামাণিক’ গেৰুৱা বৃক্ষৰ ছাঁত জিৰণি লোৱাৰ পাছত– ‘অসমৰ জাতীয় স্বার্থ জড়িত একো বিষয়ত কেতিয়াও একো আপোছ নকৰোঁ’– বুলি (যোৱা পাঁচ বছৰ দুমাহ ১১/১২ দিন তাৰ প্রমাণ) বাৰম্বাৰ হুংকাৰ দিয়া,– অসমীয়া জাতীয়তাবাদৰ ধ্বজাবাহক (?) ‘আছু’ আৰু অগপৰ অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, হিতেন্দ্র গোস্বামী, ৰমেন্দ্র কলিতা, কমলা কলিতা, উৎপল দত্ত, প্রদীপ হাজৰিকা আদি ইত্যাদিগণে এতিয়া কওক– বাংলাদেশ আৰু বাংলাদেশী সন্দর্ভত তারা কি বলবে মাহদিয়েক চাওক,– কাৰোবাক দেৱাংগভূষণ বস্ত্র পিন্ধাই হ’লেও, ভাজপাই নিজৰ ‘খাচ’ বিধায়কৰ সংখ্যা ৬৪/৬৫ (‘জন’ নহয়) কৰেহে লাগে
ফোনঃ ৯৮৬৪৩–৬৯৮২১