কি কাণ্ড! ৪৬ বছৰে সম্পূর্ণ নহ’ল ধনশিৰি জলসিঞ্চন প্রকল্প
লুণ্ঠনৰ সোণৰ কণী পৰা হাঁহত পৰিণত এখন আঁচনি
নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ খেতিয়ক ৰাইজক পানী যোগানৰ লক্ষ্যৰে ৪৬ বছৰ পূর্বে আৰম্ভ কৰা জলসিঞ্চনৰ এটা প্রকল্পৰ কাম এতিয়াও সম্পূর্ণ হোৱা নাই৷ প্রকল্পৰ নামত চলা লুণ্ঠন আৰু একাংশ বিষয়া আৰু ৰাজনৈতিক নেতাৰ চূড়ান্ত গুৰুত্বহীনতাত প্রায় পাঁচ দশক পৰি ৰোৱা এই আঁচনিখন হ’ল ওদালগুৰি জিলাৰ ধনশিৰি প্রকল্প৷ বিগত ৪৬ বছৰে সম্পূর্ণ কৰিব নোৱাৰা এই ধনশিৰি প্রকল্পক ২০২২ চনৰ মার্চত মাহতহে সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে জলসিঞ্চন বিভাগে৷ ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূর্ণ বিভাগটোক লৈ আজি বিধানসভাত সৰৱ হৈ পৰিল শাসক–বিৰোধী৷
ইউ পি পি এলৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে উত্থাপন কৰা বিষয়টোক লৈ বিৰোধীয়েও আজি ধনশিৰি জলসিঞ্চন প্রকল্পৰ নামত যে বিগত সময়ছোৱাত কেৱল লুণ্ঠন চলিল, তাক লৈ সৰৱ হোৱাই নহয় প্রকল্পটোৰ আঁৰত থকা বিষয়াৰ বিৰুদ্ধে শাস্তিৰো দাবী তুলিলে৷
উল্লেখ্য যে ১৯৭৫ চনত ১৫.৮৩ কোটি টকাৰে আৰম্ভ কৰা প্রকল্পটোৰ নামত ইতিমধ্যে ব্যয় কৰা হৈছে ৫৬৬.৮৫ কোটি টকা৷ প্রতিবছৰে প্রকল্পৰ নামত জলসিঞ্চন বিভাগে ধন বৃদ্ধি কৰি যোৱাৰ বিপৰীতে আঁচনিখন এতিয়াও জৰাজীর্ণ ৰূপতে আছে৷ এই কথা আজি বিধানসভাত স্বীকাৰ কৰিলে জলসিঞ্চন মন্ত্রী অশোক সিংঘলে৷ মন্ত্রীগৰাকীয়ে সদনক জানিবলৈ দিয়া মতে জুৰাছিক পার্কৰ জৰাজীর্ণ ৰূপৰ দৰে পৰি ৰোৱা প্রকল্পটো অহা ২০২২ চনৰ মার্চ মাহত সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰ বাবে তেলেংগানাৰ পৰা অনা হ’ব কনচালটেণ্ট প্রতিষ্ঠান৷
এই প্রতিষ্ঠানৰ জৰিয়তে প্রকল্পটো কিদৰে প্রস্তুত কৰিব পাৰি, তাৰ ওপৰত পৰীক্ষা কৰা হ’ব৷ পৰিতাপৰ বিষয় হ’ল যে পাঁচশ কোটি টকাৰো অধিক ধন ব্যয় কৰাৰ পাছতো ধনশিৰি জলসিঞ্চন প্রকল্প সম্পূর্ণ হৈ নুঠাৰ বাবে এইবাৰ জলসিঞ্চন বিভাগে নাবার্ডৰ পৰা লৈছে ১১৬.০১ কোটি টকাৰ ঋণ৷ বিধায়ক গোবিন্দ বসুমতাৰীয়ে আজি প্রকল্পটোৰ এক ছবি দাঙি ধৰি কয় যে জলসিঞ্চনৰ বাবে আৰম্ভ কৰা প্রকল্পটো শেহতীয়াকৈ সম্পূর্ণ কৰাৰ প্রস্তুতি চলিছে যদিও প্রকল্পটোৰ বিভিন্ন অংশত ফাট মেলিছে৷ এই বিষয়টো বিভাগে গুৰুত্ব সহকাৰে চোৱা প্রয়োজন৷ বিধায়কগৰাকীয়ে ইয়াকো প্রশ্ণ কৰে যে জলসিঞ্চনৰ লক্ষ্যৰে কাম আৰম্ভ কৰা প্রকল্পটো হঠাৎ কিয় বিদ্যুৎ উৎপাদনৰ লক্ষ্য বান্ধি লোৱা হ’ল আৰু এই লক্ষ্যকো পৰৱর্তী সময়ত বাদ দিয়া হ’ল? উত্তৰত জলসিঞ্চন মন্ত্রী অশোক সিংঘলে কয় যে ধনশিৰি প্রকল্পটো খৰালি সময়ত পর্যাপ্ত পানী নথকা বাবে হাইড্র’ প্রজেক্টৰ আঁচনিৰ পৰা আঁতৰি আহিব লগা হয়৷ ইফালে বিষয়টোত অংশগ্রহণ কৰি বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে কয় যে প্রকল্পটো আৰম্ভ কৰাৰ সময়ত যি শিশুৰ জন্ম হৈছিল, সেই শিশু এতিয়া বার্ধক্যলৈ গতি কৰিছে৷ কিন্তু প্রকল্পটোৰ কাম সম্পূর্ণ নহ’ল৷
ইয়াৰ বিপৰীতে প্রকল্পটোৰ নামত একাংশ বিষয়াই অট্টালিকা সাজিবলৈ সক্ষম হ’ল৷ আনহাতে, অগপৰ বিধায়ক প্রদীপ হাজৰিকাই কয় যে ধনশিৰি প্রকল্পক যিসকল বিষয়াই খীৰতী গাইত পৰিণত কৰিলে, তেওঁলোকক চৰকাৰে দৃষ্টান্তমূলক শাস্তি দিব লাগে৷ উত্তৰত মন্ত্রী অশোক সিংঘলে কয় যে প্রকল্পটোৰ ভুল–ত্রুটি যিসকল মন্ত্রীৰ কার্যকালত সংঘটিত হৈছিল, তেওঁলোকৰ বিৰুদ্ধেও শাস্তিৰ ব্যৱস্থা গ্রহণ কৰা প্রয়োজন৷ অসমত দ্বিতীয়টো এনেধৰণৰ জলসিঞ্চন প্রকল্প নহওক, যিয়ে ৪৬ বছৰ অতিক্রম কৰাৰ পাছতো সম্পূর্ণ হৈ নুঠিল৷ স্মর্তব্য যে ১৯৮৬ত ধনশিৰি জলসিঞ্চন প্রকল্পৰ জৰিয়তে ক্ষুদ্র জলবিদ্যুৎ প্রকল্প নির্মাণৰো আঁচনি লোৱা হৈছিল৷ ২০ মেগাৱাটৰ এই প্রকল্পৰ বাবে ব্যয় নির্ধাৰণ কৰা হৈছিল ৩৭.৭২ কোটি টকা৷ কিন্তু ১৯৯২ত বিদ্যুৎ বিভাগে এই ক্ষুদ্র জলবিদ্যুৎ প্রকল্প নির্মাণৰ কাম বন্ধ কৰাৰ সিদ্ধান্ত লয়৷ বন বিভাগৰ পৰা আপত্তিবিহীন প্রমাণ–পত্র নোপোৱা বাবেই কোটি কোটি টকা এনেদৰে পানীত পেলোৱা হ’ল৷