তিনিচুকীয়াৰ লাইপুলি আর্মী কেম্পত অঘটনঃ সতীর্থৰ গুলীত থকা–সৰকা সেনা জোৱান
নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ তিনিচুকীয়াৰ পানীতোলা থানাৰ অন্তর্গত লাইপুলি আর্মী কেম্পত অঘটন৷ সতীর্থৰ গুলীত নিহত এগৰাকী আর্মী জোৱান৷ শুকুৰবাৰ নিশা প্রায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা৷
ব্যক্তিগত সংঘাত নে আন কিবা কাৰণ, সেয়া এতিয়াও ৰহস্যৰ আৱর্তত৷ আৰক্ষীয়ে ইতিমধ্যে এই বিষয়ত নিজৰ তদন্ত আৰম্ভ কৰিছে৷ নিহত আর্মী জোৱানজন হৈছে সঞ্জয় চান্দ ।
জানিব পৰা মতে, নিশা শিবিৰত ৰাজেন্দ্র প্রসাদে সঞ্জয় চান্দক লগত থকা ইনচার্জ ৰাইফলৰ গুলীৰে থকা–সৰকা কৰে৷ পুৱাই এই বিষয়ে মেজৰ ৰাহুল ৰাউটে আৰক্ষীক খবৰ দিয়ে৷ লগে লগে পানীতোলা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দীনকান্ত সোণোৱাল গৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সঞ্জয় চান্দৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ আৰু হত্যাকাৰী ৰাজেন্দ্র প্রসাদক আটক কৰে৷ উল্লেখ্য যে কি কাৰণত ৰাজেন্দ্র প্রসাদে সতির্থ সঞ্জয় চান্দক গুলীয়ালে, সেই বিষয়ে এতিয়ালৈকে মুখ খোলা নাই হত্যাকাৰী সেনা জোৱান ৰাজেন্দ্র প্রসাদে (৩৫)৷
উল্লেখ্য যে দুয়োজনৰ ঘৰ উত্তৰাখণ্ডত৷ পানীতোলা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দীনকান্ত সোণোৱালে জানিবলৈ দিয়া মতে, ঘটনা সংঘটিত হোৱা নিশা লাইপুলি আর্মী কেম্পৰ মেজৰ ৰাহুল ৰাউটে ফোনযোগে তেওঁ এই ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে৷ আৰু ঘটনাৰ খবৰ পোৱা মাত্রকে আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হয়৷ এই সংঘর্ষ ইমানেই ভয়াৱহ আছিল যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ইনচার্জ ৰাইফল জব্দ কৰাৰ লগতে ২০ ৰাউণ্ড খালী কার্টিজ উদ্ধাৰ কৰা হৈছে৷
আটকাধীন ৰাজেন্দ্র প্রসাদক মেডিকেল পৰীক্ষাৰ পাছত থানালৈ অনা হয়৷ এই ঘটনা সন্দর্ভত পানীতোলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়৷ আটকাধীন ৰাজেন্দ্র প্রসাদক মেজিষ্ট্রেটৰৰ ওচৰত হাজিৰ কৰাই আৰক্ষীয়ে সোধা–পোছাৰ বাবে নিজৰ জিম্মাত লয়৷