নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুমগুৰিত ডাইনী সন্দেহত মহিলাক হত্যা

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ  চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তর্গত কুমগুৰিত এগৰাকী মহিলাক ডাইনী সন্দেহত হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে৷ প্রাপ্ত খবৰ মতে, ভূটান সীমান্তৱর্তী অতি পিছপৰা গাঁওখনৰ বালে মার্দী (৬০) নামৰ মহিলাগৰাকীক যোৱানিশা কিছু সময়ৰ বাবে নিজ গৃহত অকলশৰে থকাৰ সুযোগ গ্রহণ কৰি অচিনাক্ত দুর্বৃত্তই নৃশংসভাৱে হত্যা কৰি চোতালত পেলাই থৈ যায়৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ আগমুহূর্তত বালে মার্দীৰ স্বামী বজুন কিস্কুৱে গৰু গোহালিত বান্ধি থৈ কিছু আঁতৰত থকা পুত্রৰ গৃহলৈ গৈছিল৷ নিশা প্রায় ৯.৩০ বজাত পুত্রৰ ঘৰৰ পৰা উভতি আহি পত্নীক নিজৰ ঘৰৰ চোতালত মৃত অৱস্থাত প্রত্যক্ষ কৰে৷

স্থানীয় লোকে মহিলাগৰাকীক ডাইনী সন্দেহত দুর্বৃত্তই নৃশংসভাৱে হত্যা কৰি চোতালত পেলাই থৈ যোৱা বুলি সন্দেহ প্রকাশ কৰিছে৷ ওচৰৰ জনৈক কার্তিক নামৰ ব্যক্তিজনৰ পত্নী ডেৰ মাহ পূর্বে মৃত্যু হোৱা আৰু তেওঁৰ দুই পুত্র সঘনাই ৰোগাক্রান্ত হোৱাৰ মূলতে বালে মার্দী বুলি অন্ধবিশ্বাসৰ বশৱর্তী হৈ কার্তিকৰ পৰিয়ালে আনৰ হতুৱাই মহিলাগৰাকীক স্বামীৰ অনুপস্থিতিত যোৱানিশা হত্যা কৰে বুলি গাঁওখনৰ একাংশ বাসিন্দাই সন্দেহ প্রকাশ কৰিছে৷

দেওবাৰে পুৱা প্রায় ৯.৩০ বজাত ৰুণিখাটা আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পাছতে গাঁওখনত উপস্থিত হয়৷ দণ্ডাধীশৰ উপস্থিতিত গাল আৰু মূৰত আঘাত কৰি হত্যা কৰা মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ ৰুণিখাটা থানাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে৷ বাতৰি যুগুত কৰা মুহূর্তলৈ অৱশ্যে কোনো লোকক আটক কৰা হোৱা নাই৷

You might also like