নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিনত নীতি বচন গোৱা অখিলে ৰাতি ধন বিচৰাটো ধিক্কাৰজনক

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ৰাইজৰ দল নামৰ ৰাজনৈতিক দলটোৰ সভাপতি অখিল গগৈয়ে বিগত বিধানসভা নির্বাচনৰ পূর্বে এআইইউডিএফৰ পৰা ১০ কোটি টকা অনুগ্রহ বিচৰা কার্যই তেওঁক অসমৰ ৰাজনৈতিক জগতত নিজকে এক ভাৰসাম্যহীন তথা খলনায়ক চৰিত্রৰূপে পুনৰ প্রতিষ্ঠা কৰিলে৷ এই অভিযোগ ৰাজ্যিক বিজেপিৰ৷ আজি হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি দলৰ মুখপাত্র পৱিত্র মার্ঘেৰিটাই কয় যে বিধায়ক আমিনুল ইছলামে অখিল গগৈৰ সৈতে হোৱা ধনৰ গোপন লেনদেনৰ কথা স্বীকাৰ কৰি অখিল গগৈৰ মুখা ৰাজহুৱাভাৱে খুলি দিলে৷ দিনত নীতি–বচন গাই আৰু আনলৈ বোকা ছটিয়াই নিজকে মহাজ্ঞানী ৰূপে গণ্য কৰা তথা অসমৰ আটাইতকৈ সৎ ৰাজনীতিবিদ বুলি নিজকে চার্টিফিকেট দিয়া অখিল গগৈয়ে ইয়াৰ পূর্বে বহু ব্যক্তি, প্রতিষ্ঠান আদিৰ পৰা ধন দাবী কৰা, ব্লেকমেইলিং কৰাৰ বিভিন্ন অভিযোগ সময়ত উত্থাপিত হৈ আহিছে৷ এই অভিযোগ এজন বিধায়কে আনুষ্ঠানিকভাৱে বৈদ্যুতিন মাধ্যমত উদঙাই দিলে৷ অখিল গগৈৰ এই পর্দাৰ আঁৰৰ চৰিত্র আমাৰ সমাজৰ কাৰণে যথেষ্ট ক্ষতিকাৰক৷ দিনত নীতি–বচন গোৱা অখিল গগৈয়ে ৰাতি ধন আদায় কৰাটো ধিক্কাৰজনক৷

ইফালে, উপ–নির্বাচনৰ ক্ষেত্রত বিৰোধী দলৰ স্থিতি সম্পর্কে মন্তব্য কৰি মুখপাত্র মার্ঘেৰিটাই কয় যে আগন্তুক উপ–নির্বাচন কোনো এটা মিঞা অধ্যুষিত এলেকাত অনুষ্ঠিত নহয়, সেয়ে কংগ্রেছে এতিয়া সাময়িকভাৱে মিঞা আৰু ৰহিংগ্যাপ্রীতিৰ পোছাক খুলিব বিচাৰিছে৷ কংগ্রেছে এআইইউডিএফৰ বোকোচাত উঠি বিধানসভা নির্বাচনৰ বৈতৰণী পাৰ হ’ব খুজিছিল যদিও বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ হাতত মুখ থেকেচা খাইছিল৷ পুনৰ উপ–নির্বাচনত মহাজোঁট গঠনৰ লক্ষ্যৰে কংগ্রেছ, এআইইউডিএফ আৰু ৰাইজৰ দলৰ যি যৌথ অভিসন্ধি আৰু বাংলাদেশীপ্রীতিৰ নাটক পোহৰলৈ আহিছে, সেয়া ৰাইজে প্রত্যক্ষ কৰি আছে৷

You might also like