নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ত অনুশাসন ভংগঃ ভিনেশক নিলম্বন ৰেষ্টলিং ফেডাৰেচনৰ

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ টকিঅ’ অলিম্পিকত অংশ লৈ দেশলৈ উভতি অহাৰ পিছতে শাস্তিৰ সন্মুখীন হৈছে তাৰকা মল্লযুঁজাৰু ভিনেশ ফ’গাট৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনে মল্লযুঁজাৰুগৰাকীক সাময়িকভাৱে নিলম্বিত কৰিছে৷

তাৰকা মল্লযুঁজাৰুগৰাকীয়ে অলিম্পিকৰ গেমছ ভিলেজত সতীর্থ এথলিটৰ সৈতে অনুশীলন কৰিবলৈ অস্বীকাৰ কৰিছিল৷ একেদৰে তেওঁ অলিম্পিকত টীম ইণ্ডিয়াৰ অফিচিয়েল কিট স্পনছৰৰ নাম নথকা জার্ছী পৰিধান কৰিছিল বুলি ফেডাৰেচনে অভিযোগ লাভ কৰিছে৷ এই ঘটনাৰ কাৰণ ব্যাখ্যা কৰিবলৈ ফেডাৰেচনে ভিনেশ ফ’গাটক ১৬ আগষ্টলৈ সময় বান্ধি দিছে৷

জাননীৰ উত্তৰত সন্তুষ্ট নহ’লে ফেডাৰেচনে মল্লযুঁজাৰুগৰাকীৰ বিৰুদ্ধে দীঘলীয়া নিষেধাজ্ঞা আৰোপ কৰিব পাৰে৷

উল্লেখ্য যে টকিঅ’ অলিম্পিকত ভাৰতৰ অন্যতম পদকপ্রত্যাশী ভিনেশ কোৱার্টাৰ ফাইনেলত পৰাস্ত হয়৷

You might also like