অখিল গগৈক তীব্র সমালোচনা শাসক বিৰোধী সদস্যৰ দহ কোটি টকাৰ প্রসংগক লৈ উত্তাল সদন
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ পূর্বেই এআইইউডিএফক নিজ দলক আগবঢ়াই নিয়াৰ বাবে ১০ কোটি টকা অখিল গগৈয়ে বিচৰা বুলি শেহতীয়াকৈ বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি চলি থকা বিতর্কৰ মাজতে আজি বিধানসভাতো ১০ কোটি টকীয়া কেলেংকাৰিক লৈ সৰৱ হৈ পৰিল শাসক–বিৰোধী৷ লোকনির্মাণ বিভাগৰ দাবীমঞ্জুৰী কর্তন বিতর্কত অংশ লৈ অখিল গগৈয়ে আজি লোকনির্মাণ বিভাগৰ নির্দিষ্ট কেইজনমান ঠিকাদাৰে কাম লৈ থকাৰ লগতে দুই শতাংশ কমিছন লোৱা বুলি অভিযোগ তোলে৷ ইয়াকে লৈ সৰৱ হৈ পৰে শাসক–বিৰোধী৷
বিশেষকৈ শাসকীয় বিধায়কসকলে অখিল গগৈৰ এনে অভিযোগক উভতি ধৰি তথ্য–প্রমাণ নোহোৱাকৈ বিধানসভাত এনেধৰণৰ কথা কিয় উত্থাপন কৰিছে বুলি প্রশ্ণ তোলে৷ আনকি সেই সময়ত অধ্যক্ষৰ আসনত থকা উপাধ্যক্ষ নোমল মমিনক অখিল গগৈৰ বক্তব্যসমূহ প্রত্যাহাৰ কৰিবৰ বাবেও দাবী জনায়৷ বিজেপি বিধায়কসকলে চিঞৰি চিঞৰি অখিল গগৈক উদ্দেশ্যি কয়– আপোনাৰ বিৰুদ্ধে ১০ কোটি টকা লোৱাৰ অভিযোগ উঠিছে৷ সেই বিষয়ে নকয় কিয়? ১০ কোটি টকাৰ কি হ’ল? ১০ কোটি টকা লৈ আনক অভিযোগ তুলিবলৈ কিয় আহিছে? যদি সাহস আছে অভিযোগৰ তথ্য দাখিল কৰক বিধানসভাত৷ আনকি উপাধ্যক্ষ নোমল মমিনেও উপযুক্ত তথ্য–প্রমাণ নোহোৱাকৈ বিধানসভাত কথা নক’বলৈও অখিল গগৈক সকীয়াই দিয়ে৷ শাসকীয় একাংশ বিধায়কে অখিল গগৈৰ ১০ কোটি টকাৰ কেলেংকাৰিৰ চিবিআইৰ তদন্তৰ দাবী তোলে৷