নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লর্ডছত আজিৰে পৰা দ্বিতীয় টেষ্ট

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ঘৰুৱা দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজৰ পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ দ্বিতীয়খন টেষ্ট আজিৰ পৰা লর্ডছত আৰম্ভ হ’ব৷ লর্ডছ টেষ্টত নতুন উদ্যমেৰে অৱতীর্ণ হোৱাৰ লক্ষ্য লৈছে বিৰাট কোহলি বাহিনীয়ে৷ কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনত ভাৰতীয় দলটোৱে বেটিং বিভাগত অধিক গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে৷ নটিংহামত অনুষ্ঠিত প্রথমখন টেষ্টত তাৰকা বেটছমেনসকলে নিজৰ সামর্থ্য অনুসৰি খেলিব পৰা নাছিল বুলি উল্লেখ কৰি ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে কয় যে লর্ডছ টেষ্টত ইংলেণ্ডৰ সন্মুখত প্রত্যাহ্বান জনাবলৈ হ’লে আমি বেটিং বিভাগত অধিক গুৰুত্ব দিব লাগিব৷ তেওঁলোকৰ সন্মুখত বৃহৎ স্ক’ৰ থিয় কৰাবলৈ হ’লে সতীর্থসকলে উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ তেওঁৰ লগতে অভিজ্ঞ বেটছমেন শ্বেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেই দীঘলীয়া ইনিংছ খেলিব লাগিব বুলি উল্লেখ কৰি অধিনায়ক কোহলিয়ে লগতে কয় যে ৰোহিত শর্মা আৰু লোকেশ ৰাহুলে সুন্দৰ আৰম্ভণি দিবলৈ সক্ষম হ’লে আমি টেষ্টখনত ইংলেণ্ডক প্রত্যাহ্বান জনাবলৈ সক্ষম হ’ম৷

ইফালে, আঘাতৰ বাবে টেষ্টখনৰ পৰা বাহিৰ হ’বলগীয়া হয় প্রতিভাৱান পেচ বলাৰ শার্দূল ঠাকুৰ৷ মাংসপেশীৰ সমস্যাত ভোগাৰ বাবে শার্দূল টেষ্টখনৰ মূল একাদশৰ পৰা বাহিৰ হয়৷ টেষ্টখনৰ বাবে মূল একাদশ গঠন কৰাৰ ক্ষেত্রতো কিছু সমস্যাৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া৷ শার্দূল বাহিৰ হোৱাৰ পিছত তেওঁৰ স্থানত অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্রন অশ্বিন আৰু পেচ বলাৰ ঈশান্ত শর্মাক অন্তর্ভুক্ত কৰাক লৈ সমস্যাত পৰিছে কোহলি বাহিনী৷ অৱশ্যে পিটচৰ অৱস্থা চাইহে অশ্বিন অথবা ঈশান্তক মূল একাদশত অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিব ভাৰতীয় দলটোৱে৷ টেষ্টখনত ভাৰতে চাৰিগৰাকী পেচ বলাৰেৰে অৱতীর্ণ হোৱাৰ সম্ভাৱনা আছে৷ ইফালে, আজি পৰা আৰম্ভ হ’বলগীয়া টেষ্টখন সন্দর্ভত ইংলেণ্ড দলটোৰ অধিনায়ক জ’ ৰুটে কয় যে নটিংহাম টেষ্টত দলটোৱে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাছিল৷ টেষ্টখনত বেটছমেনসকলে নিজৰ ছন্দ অনুসাৰে খেলিব পৰা নাছিল৷ আশা কৰিছোঁ সতীর্থসকলে লর্ডছ টেষ্টত উন্নত প্রদর্শন দাঙি ধৰিব পাৰিব৷

You might also like