টেষ্ট ৰেংকিঙত কোহলিক চেৰ পেলাই চতুর্থ স্থানত ৰুট
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়ক বিৰাট কোহলিক চেৰ পেলাই আই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেন শাখাত চতুর্থ স্থানলৈ উন্নীত হৈছে ইংলেণ্ড ক্রিকেট দলটোৰ অধিনায়ক জ’ ৰুট৷ ইংলেণ্ডৰ বিপক্ষে নটিংহামত খেলা প্রথমখন টেষ্টত দুর্বল প্রদর্শন দাঙি ধৰাৰ ফলত বেটছমেন শাখাত এটা স্থানৰ অৱনমন ঘটে কোহলিৰ৷ আজি প্রকাশ পোৱা ৰেংকিঙত কোহলি পঞ্চম স্থানলৈ অৱনমিত হয়৷ আনহাতে, ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে নটিংহামত টেষ্টত ৬৪ আৰু ১০৯ ৰানৰ দুর্দান্ত ইনিংছ খেলি চতুর্থ স্থানলৈ উন্নীত হয়৷
নিউজিলেণ্ডৰ কেন উইলিয়ামছনে শীর্ষস্থান দখল কৰি থকা বেটছমেন শাখাত অষ্ট্রেলিয়াৰ ষ্টিভেন স্মিথে দ্বিতীয় আৰু মার্নাছ লাবুছানেই তৃতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷ ইফালে টীম ইণ্ডিয়াৰ ৰোহিত শর্মাই ষষ্ঠ আৰু ঋষভ পণ্টে সপ্তম স্থানটো নিজৰ দখলতে ৰাখিছে৷ আনহাতে বলিং শাখাৰ শীর্ষ দহলৈ উভতিল ভাৰতীয় দলটোৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ৷ নটিংহাম টেষ্টত উন্নত বলিং প্রদর্শন দাঙি ধৰি বুমৰাহে দহটা স্থান আগুৱাই নৱম স্থানটো অধিকাৰ কৰে৷ অষ্ট্রেলিয়াৰ পেট কামিনছে শীর্ষস্থান দখল কৰি থকা বলিং শাখাত ভাৰতৰ ৰবিচন্দ্রন অশ্বিনে দ্বিতীয় আৰু নিউজিলেণ্ডৰ টিম ছাউদিয়ে তৃতীয় স্থানটো নিজৰ দখলতে ৰাখিছে৷