নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰ–আলফাৰ সংঘাত নিৰাময়

-ৰত্নেশ্বৰ বসুমতাৰী

সদ্যগঠিত বিজেপি মিত্রজোঁট অসম চৰকাৰৰ নতুন মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শপত গ্রহণ কৰিয়েই সংবাদ মেলত আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসুঁতিলৈ ঘূৰি আহি শান্তি প্রতিষ্ঠা কৰাৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ ভূমিকাত আশাৰ ৰেঙনি দেখাৰ পিছত অসমৰ দীর্ঘদিনীয়া মৌলিক সমস্যাবোৰৰ সমাধানার্থে ২০১০ চনৰ ২৪ এপ্রিল তাৰিখে গুৱাহাটীৰ মাছখোৱাস্থ প্রাগজ্যোতিকাত অনুষ্ঠিত ‘সন্মিলিত জাতীয় অভিৱর্তন’ৰ বিষয়ে যৎকিঞ্চিৎ আভাস অসমবাসীক মনত পেলাই দিবলৈ প্রয়াস কৰিছোঁ৷
আলফাৰ সমস্যা মানে অসমৰ সমস্যা, অসমবাসীৰ সমস্যাই পৰেশ বৰুৱাৰ সমস্যা নহয়৷ তেওঁ আমাৰ নিচিনা এগৰাকী নাগৰিক৷ যিগৰাকী ব্যক্তিয়ে আলফাৰ অন্যান্য বহুতো শীর্ষ নেতাৰ নিচিনা অসমৰ মৌলিক সমস্যাবোৰ লৈ দীর্ঘদিন ধৰি কেন্দ্রীয় চৰকাৰে কৰি অহা অৱহেলা, বঞ্চনা আৰু প্রতাৰণাৰ বিৰুদ্ধে সশস্ত্র বিদ্রোহ কৰি আলফাৰ মুখ্য সেনাধ্যক্ষৰ গুৰুদায়িত্ব মূৰ পাতি অন্যান্য বিদ্রোহী নেতাৰ নিচিনা বিগত প্রায় চাৰি দশক ধৰি দিহিঙে–দিপাঙে, প্বতে–পাহাৰে, হাবিয়ে–বননিয়ে বিপদসংকুল জীৱন যাপন কৰিও একমাত্র অসম আৰু অসমবাসীৰ বৃহত্তৰ স্বার্থতে ৰণকৌশলগত কাৰণত ৰাষ্ট্রবিৰোধী তথা মানৱতাবিৰোধী কূটাঘাত কার্য কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ কিন্তু অসমৰ দীর্ঘদিনীয়া মৌলিক সমস্যাবোৰলৈ চাৰি দশক ধৰি সশস্ত্র সংগ্রাম চলাই আহি কি পালে, নাপালে, কি ভাল কাম কৰিলে আৰু কি কি বেয়া কাম কৰিলে, কিখিনি হেৰুৱালে, ভৱিষ্যতে কি হেৰুৱাবগৈ সেইবোৰৰ বিয়োগোত্মক আৰু যোগাত্মক হিচাপ কৰাৰ বাবে সময় থাকোঁতে কৰি চোৱাৰ ডপযুক্ত সময় আজি সমাগত৷ মনত ৰখা ভাল হ’ যে সকলো কার্যৰে এটা শুভলগ্ণ থাকে৷ সেই শুভলগ্ণৰ সময় ডকলি গ’লে কার্যটো হৈ নুঠ্বিগৈ পাৰে৷ গতিকে এতিয়া অসমৰ দীর্ঘদিনীয়া মৌলিক সমস্যাবোৰৰ আশু সমাধানৰ এটা সুৱর্ণ সুযোগৰ শুভলগ্ণ আহি পৰিছে৷ এই শুভলগ্ণ তথা সুৱর্ণ সুযোগ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু অসম চৰকাৰ, কেন্দ্রীয় চৰকাৰৰ যথাসময়ত যথাস্থানত কামত লগোৱাটোহে বুদ্ধিমানৰ কাম হ’৷ কাৰণ আমি জনাত পৃথিৱীৰ ভিতৰতে অতি শক্তিশালী সশস্ত্র সংগ্রামী বিদ্রোহী সংগঠন এল টি টি ইক শ্রীলংকা চৰকাৰে নিঃশেষ কৰি দিয়াৰ দৰে ভাৰত চৰকাৰেও ইচ্ছা কৰিলেই তেনেদৰে আলফাকো নিঃশেষ কৰাৰ বিয়োগাত্মক নাটক অসমবাসীয়ে স্বাধীন ভাৰতৰ নাগৰিক হিচাপে চাবলৈ ইচ্ছুক নহয়৷ সেয়েহে আলফাই ডত্থাপন কৰা অসম আৰু ভাৰত চৰকাৰৰ সংঘাত মর্যাদাপূর্ণ ৰাজনৈতিক আলাপ–আলোচনাৰ জৰিয়তে অসম আৰু অসমবাসীৰ স্বার্থত বিলম্ব নকৰি সমাধান কৰা ডচিত পন্থা হ’৷ আমি জনাত ইতিমধ্যে আলোচনাপন্থী আলফা নেতা অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত চলা আলোচনা–বিলোচনাৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে অসমৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্রত বহুদূৰ আগবাঢ়ি যোৱাৰ কথা স্বজনবিদিত৷
আমি আৰম্ভণিতেই ডল্লেখ কৰিছোঁ যে আলফাৰ সমস্যা মানে অসমৰ সমস্যা৷ আকৌ অসমৰ সমস্যা মানে ভাৰতৰ সমস্যা তথা ৰাষ্ট্রীয় সমস্যা৷ ই পৰেশ বৰুৱাৰ সমস্যা নহয়৷ কাৰণ তেওঁ সশস্ত্র বিদ্রোহৰ নামত ইচ্ছা কৰিলেই স্বদেশ এৰি বাংলাদেশত থাকিবগৈ পাৰে৷ ইচ্ছা কৰিলেই তেওঁ ম্যানমাৰত থাকিবগৈ পাৰে৷ তাতকৈও দূৰ–দূৰণিৰ দেশ চীন, ইংলেণ্ড, আমেৰিকাত থাকিবগৈ পাৰে৷ কিন্তু অসম আৰু অসমবাসীয়ে সন্মুখীন হোৱা দীর্ঘদিনীয়া মৌলিক সমস্যাবোৰ বিদেশত থকা পৰেশ বৰুৱাই কেনেকৈ নিৰাময় কৰিব পাৰে? ই এটা ডাঙৰ প্রশ্ণ৷ নগা সমস্যাক সমাধান কৰি থৈ যাব নোৱৰা নাগা বিদ্রোহৰ প্রধান নায়ক ঠিক ফিজোৰ দৰে পৰেশ বৰুৱাও হোৱাটো অসমবাসী কোনেও কামনা কৰা নাই৷ যেনে ধৰণে সমাধান নহওক কিয়, কেন্দ্রীয় চৰকাৰৰ লগত আন্তৰিকতাপূর্ণ, মর্যাদাপূর্ণ আলোচনাৰ জৰিয়তে ৰাজনৈতিক সমাধান কৰিবই লাগিব৷ তথাকথিত বিদ্রোহৰ নামত দীর্ঘদিন বিদ্রোহ কৰা কার্যৰ দ্বাৰা নহয়৷ ইতিমধ্যে বিগত দিনত স্বাধীনতা দিৱসত ধেমাজিত নিষ্পাপ শিশুহঁতক বিদ্রোহৰ নামত আলফাই হত্যালীলা কৰা কার্যক অসমবাসীয়ে কোনোপধ্যে সমর্থন নকৰে৷ ঠিক তেনেকৈ বৃহৎ পৰিমাণৰ অর্থ সংগ্রহৰ নামত অ’ইল, অ’ এন জি চিৰ বিষয়া–কর্মচাৰীক অপহৰণ কৰি পণ্বন্দী কৰি ৰখা কার্যকো অসমবাসীয়ে সমর্থন কৰিব নোৱাৰে৷ ঠিক তেনেকৈ কেন্দ্রীয় চৰকাৰে ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা আলফা দমনৰ নামত দৰং জিলাৰ দীপিলাত বৰযাত্রীক নির্বিচাৰে হত্যা কৰা কার্যকো দেখি অসমবাসীয়ে কেতিয়াও সমর্থন কৰিব নোৱাৰে৷ আলফাৰ সেনানীসকলক নিধন কৰাকো সহ্য কৰিব নোৱাৰোঁ৷ মুঠৰ ওপৰত দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ ঃ এই অন্যায় অমানৱীয় কার্যক আৰু বেছি দিনলৈ চাই থাকিব নোৱাৰি৷
ডক্ত কথাখিনি এই কাৰণেই আগতীয়াকৈ কোৱা হ’ল যে বিগত ২০১০ চনৰ ২৪ এপ্রিল তাৰিখে গুৱাহাটীস্থ মাছখোৱা প্রাগজ্যোতিষ সাংসৃকতিক প্রকল্পত অনুষ্ঠিত ‘সন্মিলিত জাতীয় অভিৱর্তন’–এ স্বসন্মতিক্রমে সংযুক্ত মুক্তি বাহিনী আৰু কেন্দ্রীয় চৰকাৰ ডভয় পক্ষকে পূবচর্তহীনভাৱে আলোচনাত বহি সুস্থ মত বিনিময়ৰ দ্বাৰা সদিচ্ছা আৰু আন্তৰিকতাৰে তেওঁলোকৰ মাজৰ ব্যৱধান অতিক্রম কৰি এটি ৰাজনৈতিক মীমাংসালৈ ডপনীত হ’লৈ আহবান জনাইছিল৷ সন্মিলিত জাতীয় অভিৱর্তনে এই বিষয়টিকো ডনুকিয়াইছিল যে আলফাৰ সংবিধান অনুযায়ী কেন্দ্রীয় কমিটীৰ অধিৱেশনত যথাযথ সিদ্ধান্ত লোৱাৰ ডদ্দেশ্যে বন্দী নেতাসকলক মুক্ত বিচৰণৰ ক্ষেত্রত কোনো প্রশাসনীয় বাধা আৰোপ নকৰাকৈ তেওঁলোকক মুকলি কৰি দিবলৈ আৰু আলোচনাৰ মীমাংসা নোহোৱা পর্যন্ত তেওঁলোকৰ বিৰুদ্ধে আইনী প্রক্রিয়া স্থগিত ৰাখিবলৈ চৰকাৰক আহবান জনোৱা হৈছিল৷ লগতে মুক্তি লাভৰ পিছত আলফা নেতাসকলে যাতে জাতীয় অভিৱর্তনৰ পৰামর্শসমূহৰ আধাৰত চৰকাৰৰ লগত আলোচনা কৰিবলৈ আলফাৰ কেন্দ্রীয় কমিটীত ইত্বিাচক সিদ্ধান্ত গ্রহণ কৰে আৰু দুয়োপক্ষকে আলোচনাৰ পৰিৱেশ বিনষ্ট কৰা সকলো ধৰণৰ কার্যকলাপৰ পৰা তৎকালীনভাৱে বিৰত থাকিবলৈ আহবান জনাইছিল৷ তাৰ ডপৰি ডক্ত অভিৱর্তনে অসমৰ ৰাইজৰ শান্তি, নিৰাপত্তা, প্রগতি আৰু গণতান্ত্রিক অধিকাৰৰ স্বার্থত নিৰর্থকভাৱে আলোচনা বিলম্বিত নকৰি যথাশীঘ্রে মীমাংসালৈ আহ্বিলৈ চৰকাৰ আৰু আলফাক টানি অনুৰোধ কৰা হৈছিল৷ লগতে বন্দী নেতাসকলক মুক্ত কৰি দিয়াৰ পিছত দীর্ঘ বিৰতি নোহোৱাকৈ যাতে আলোচনা আৰম্ভ হয়, চৰকাৰ আৰু আলফাই যাতে নিভাঁজ আন্তৰিকতাৰে আলোচনা আগুৱাই লৈ যায়, সন্মিলিত জাতীয় অভিৱর্তনে স–সন্মানে সকীয়াই দিছিল৷ সন্মিলিত জাতীয় অভিৱর্তনে ইয়াকো সকীয়াই দিছিল যে যাতে কোনো পৰিস্থিতিতে আলোচনাৰ প্রতি চৰকাৰে অনীহা প্রকাশ নকৰে আৰু সংযুক্ত মুক্তি বাহিনীয়ে যেন কোনো পৰিস্থিতিতে আলোচনাৰ প্রতি অসহযোগী নহয়৷
এনেকুৱা মহৎ ডদ্দেশ্য আগত ৰাখিয়ে ২০১০ চনৰ ২৪ এপ্রিল তাৰিখে ড০ হীৰেন গোহাঁইৰ সঞ্চালনাত প্রাগজ্যোতিকাত অনুষ্ঠিত সন্মিলিত জাতীয় অভিৱর্তনে অসমৰ দীর্ঘদিনীয়া মৌলিক সমস্যাবোৰৰ সমাধানার্থে আলফা আৰু কেন্দ্রীয় চৰকাৰৰ মাজত আলোচনাৰ দুৱাৰ মেলিবলৈ ড০ হীৰেন গোহাঁইৰ নেতৃত্বত মান্য্বৰ ড০ নির্মল কুমাৰ চৌধুৰী, ড০ ৰোহিণী কুমাৰ বৰুৱা, ড০ মামণি ৰয়ছম গোস্বামী, হিৰণ্য কুমাৰ ভট্টাচার্য, ড০ খুৰচিদ আলম, মুকুল মহন্ত, হৰেকৃষ ডেকা, ইন্দ্বিৰ দেডৰী আৰু ৰত্নেশ্বৰ বসুমতাৰীক সদস্য হিচাপে লৈ এখন ‘দিক নির্ণয়ক সমিতি’ গঠন কৰি দিছিল৷
পৰৱর্তী কালত সন্মিলিত জাতীয় অভিৱর্তনত ড০ হীৰেন গোহাঁইৰ নেতৃত্বত গঠিত হোৱা দিক নির্ণায়ক সমিতিয়ে অসমৰ দীর্ঘদিনীয়া মৌলিক সমস্যাবোৰ সমাধানৰ বাবে আলফা আৰু কেন্দ্রীয় চৰকাৰৰ মাজত যাতে শীঘ্রে আলোচনাৰ দুৱাৰ মুকলি হয়, তাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ ওচৰত গৈ প্রেছাৰ গ্রুপৰ ভূমিকাৰে হেঁচা প্রয়োগ কৰিবলগীয়া হয়৷ এবাৰ নহয় দুবাৰ দিল্লীলৈ দিক নির্ণায়ক সমিতিৰ এটি সঁজাতী দল কেন্দ্রীয় চৰকাৰৰ নেতৃবৃন্দক লগ ধৰি সংযুক্ত মুক্তি বাহিনী অসমৰে সৈতে ইত্বিাচক আলোচনা–বিলোচনাৰে অসমৰ দীর্ঘদিনীয়া মৌলিক সমস্যাবোৰ শীঘ্রে সমাধান কৰি ৰাজ্যখনত শান্তি আৰু প্রগতিৰ বাতাৱৰণ আনিবলৈ দিক নির্ণয়ক সমিতিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ আলফা নেতাসকলকো বিদ্রোহৰ নামত বিদ্রোহ কৰি নাথাকি অসম আৰু অসমবাসীৰ বৃহত্তৰ স্বার্থত সশস্ত্র সংগ্রাম ত্যাগ কৰি আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাসহ শীঘ্রে আলোচনাৰ মেজলৈ আগবাঢ়ি আহি অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ লগত আলাপ–আলোচনাৰ জৰিয়তে স্বাধীন অসমৰ নামত চলোৱা সশস্ত্র সংগ্রামৰ ইতি পেলাবলৈ টানি অনুৰোধ কৰা হৈছিল৷ পৰৱর্তী কালত অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত শেষত সম্পাদক অনুপ চেতিয়াসহ আলোচনাপন্থী আলফা নেতাসকল আলোচনাৰ বাবে আগবাঢ়ি আহে যদিও সেনাধ্যক্ষ পৰেশ বৰুৱাসহ স্বাধীন অসমৰ দাবীদাৰ আলফা নেতাসকলে আগবাঢ়ি অহা দেখা নগ’ল৷ আমি দিক নির্ণায়ক সমিতিয়ে আলোচনাপন্থী আলফা নেতাসকলক পৰেশ বৰুৱাকো আলোচনাৰ মেজলৈ আনিবলৈ সঘনে অনুৰোধ কৰিছিলোঁ যদিও পৰেশ বৰুৱাও আহ্বি বুলি কোৱাৰ পিছতো মূৰকত কিন্তু আলোচনাপন্থীসকলে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিব নোৱাৰিলে৷ তথাপি আলোচনাপন্থী আলফা আৰু কেন্দ্রীয় চৰকাৰৰ মাজত ইতিমধ্যে কেইবালানি অনুষ্ঠিত আলোচনাই বহুদূৰ আগবাঢ়ি যোৱা সত্ত্বেও কেৱল পৰেশ বৰুৱাৰ বাবে অন্তিম চুক্ত্বিদ্ধ কৰিব পৰা নাই৷
গতিকে দেখা গ’ল আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অসম আৰু ভাৰতৰ সংঘাত নিৰাময়ৰ কাৰণে আগবাঢ়ি নহাৰ কাৰণেই মূলতঃ আজিও অসমবাসীয়ে অসমৰ দীর্ঘদিনীয়া মৌলিক সমস্যাবোৰৰ সমাধান বিচৰা সত্ত্বেও একমাত্র পৰেশ বৰুৱাই দেখুৱাই অহা আঁকোৰগোজ মনোবৃত্তিৰ কাৰণেই অসম আৰু ভাৰতৰ সংঘাতৰ অৱসান আজিলৈকে নহ’ল৷ এনে সংকট আৰু অনিশ্চয়তাৰ মাজত অলপতে অসমৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দায়িত্বশীল, বস্তুনিষ্ঠ আহ্বানৰ প্রতি সঁহাৰি জনায় আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই অইল–’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াৰ মুক্তিৰ জৰিয়তে আলফা স্বাধীনেৰে আলোচনাৰ বাট মুকলি হ’ পাৰে বুলি অসমৰ মানুহে আশাৰ ৰেঙনি দেখা পাইছে৷ যদি সেইটোৱে হয়, তেন্তে আগন্তুক দিনবোৰত অসমৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আগভাগ লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ লগত আন্তৰিকতা আৰু গুৰুত্বসহকাৰে ৰাজনৈতিক আলাপ কৰা যাওক, যাতে অসম আৰু অসমবাসীৰ হিতৰ স্বার্থ আগত ৰাখি ড০ হিমন্ত বিশ্ব শর্মাৰ স্বল আৰু বস্তুনিষ্ঠ নেতৃত্বৰে অসমৰ দীর্ঘদিনীয়া আলফা আৰু ভাৰত চৰকাৰৰ সংঘাতৰ ৰাজনৈতিক মর্যদাপূর্ণ সমাধান হয়৷ কিম অধিকম্ ইতি৷

You might also like