নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ’ৰ্বছৰ আমেৰিকাৰ ধনাঢ্যৰ তালিকাত পাঁচ ভাৰতীয় মূলৰ মহিলা

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ প্রখ্যাত আলোচনী ফ’ৰ্বছৰ ‘আমেৰিকাৰ ধনাঢ্য স্বাৱলম্বী মহিলা’ৰ তালিকাত পাঁচগৰাকী ভাৰতীয় মূলৰ মহিলাই স্থান লাভ কৰিছে৷ চলিত বর্ষৰ আমেৰিকাৰ ধনাঢ্য স্বাৱলম্বী মহিলাৰ তালিকাত স্থান লাভ কৰা ভাৰতীয়–আমেৰিকান মহিলাকেইগৰাকী হৈছে জয়শ্রী উল্লাল, ইন্দ্রা নুয়ী, নীৰজা ছেঠী, নেহা নাৰখেড়ে আৰু ৰেছমা ছেট্টী৷

যোৱা পাঁচ আগষ্টত ফ’বছে প্রকাশ কৰা তালিকাখনত স্থান লাভ কৰা ৬০ বছৰীয়া জয়শ্রী উল্লাল কম্পিউটাৰ নেটৱর্ক কোম্পানী এৰিষ্টা নেটৱর্কৰ মুৰব্বী৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.৭ বিলিয়ন মার্কিন ডলাৰ৷ তালিকাখনত উল্লালে ষষ্ঠদশ স্থান লাভ কৰিছে৷ ২০০৮ চনৰ পৰা এৰিষ্টা নেটৱর্কৰ মুৰব্বীৰ দায়িত্বত থকা উল্লাল ভাৰতবর্ষত ডাঙৰ–দীঘল হৈছিল৷ তেওঁৰ কোম্পানীটোত ৫ শতাংশ শ্বেয়াৰ আছে৷ তালিকাৰ ২৬ নম্বৰ স্থান লাভ কৰিছে নীৰজা ছেঠীয়ে৷ ১৯৮০ চনত স্বামী ভাৰত দেশাইৰ সৈতে মিলিত হৈ প্রতিষ্ঠা কৰা আই টি কনছালটিং আৰু আউটছছিং কোম্পানীৰ চিনটেলৰ সহঃ মুৰব্বী৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ১ বিলিয়ন মার্কিন ডলাৰ৷

ইপিনে, ভাৰতৰ পুনেত ডাঙৰ–দীঘল হৈ আমেৰিকাত ধনাঢ্য স্বাৱলম্বী মহিলাৰ তালিকা স্থান লাভ কৰা নেহা নাৰখেড়েৰ সম্পত্তিৰ পৰিমাণ ৯২৫ নিযুত মার্কিন ডলাৰ৷ কনফ্লুয়েট নামৰ কোম্পানীটোৰ সহঃ প্রতিষ্ঠাতা আৰু প্রাক্তন মুখ্য প্রযুক্তি বিষয়া নেহা নাৰাখেড়ে লিংকেডিন ছফ্টৱেৰ ইঞ্জিনীয়াৰ হিচাপে অ’পেন ছ’ছ পেছেজিং ছিষ্টেম আপাছি কাফ্কা বিকশিত কৰি বিপুল পৰিমাণৰ উপার্জন কৰিবলৈ সক্ষম হৈছে৷

জর্জিয়া টেক্ন’লজীৰ কম্পিউটাৰ ছায়েন্সৰ ডিগ্রী নেহা নাৰাখেড়ে৷ তেওঁ তালিকাত ২৯সংখ্যক স্থান লাভ কৰিছে৷ আন এগৰাকী ভাৰতীয় মূলৰ ৰেছমা ছেট্টীয়ে তালিকাত ৩৯সংখ্যক স্থান লাভ কৰিছে৷ ২৯০ নিযুত মার্কিন ডলাৰৰ সম্পত্তিৰে ইন্দ্রা নুয়ীয়ে তালিকাত ৯১সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like