নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটি বিচাৰি লাঠীৰ কোব খালে বেদখলকাৰীয়ে

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জৰ হাঝাৰী ঝর্ণা গাঁৱৰ ৰাইজক পুনৰ সংস্থাপনৰ দাবীত বৃহস্পতিবাৰে সদৌ ধুবুৰী জিলা ভূমি সংৰক্ষণ সমিতিৰ উদ্যোগত গঞাই হাঝাৰী ঝর্ণা গাঁৱৰ ১৭ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলা দেখা যায়৷

উল্লেখ্য যে ধুবুৰী জিলাৰ গৌৰীপুৰৰ হাঝাৰী ঝর্ণাত চৰকাৰীভাৱে খাচ হৈ থকা ২০০ বিঘা মাটি বি এছ এফ কেম্পক দিয়াৰ বিৰোধিতা চলিছিল বিগত এটা সপ্তাহ ধৰি৷ কাৰণ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ ব্রহ্মপুত্রৰ খহনীয়াগ্রস্ত একাশং লোকে উক্ত চৰকাৰী খাচ মাটিত বসতি স্থাপন কৰি আছিল৷ গৃহহীন লোকসকলে চৰকাৰী এই সিদ্ধান্তৰ বিৰুদ্ধে বিগত এসপ্তাহ ধৰি প্রতিবাদ জনাই আছিল৷ 

বৃহস্পতিবাৰে পুনৰ পুৱা দহবজাৰ পৰা লোকসকলে গৌৰীপুৰৰ পৰা গুৱাহাটীলৈ যোৱা ১৭ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰিবলৈ ওলাই আহে৷ তেওঁলোকে ধুবুৰীৰ আলমগঞ্জৰ ১৭ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে৷ উত্তেজিত প্রতিবাদকাৰীক লৈ আৰক্ষীয়ে লাঠীচালনাও কৰে বুলি প্রতিবাদকাৰীসকলে অভিযোগ কৰিছে৷

উল্লেখ্য যে আলমগঞ্জৰ নৱম খণ্ডত প্রায় ৩০০টা পৰিয়ালে চৰকাৰী খাচ ভূমিত বসবাস কৰি আহিছে যদিও যোৱা ৫ আগষ্টত খাচ ভূমিৰ দুশ বিঘা ভূমি বি এছ এফক দিয়াৰ লগতে উক্ত দিনা বি এছ এফক সীমা নির্ধাৰণ কৰি দিয়ে৷ বি এছ এফে বুজি লোৱা ভূমিৰ চৌদিশে খুঁটা স্থাপন কৰাৰ লগতে কাঁইটীয়া বেৰ লগোৱা হয়৷ অহা পোন্ধৰ আগষ্টৰ ভিতৰত বি এছ এফৰ সীমাৰ ভিতৰৰ লোকক উঠি যোৱাৰো নির্দেশ দিছে৷

উচ্ছেদৰ জাননী পোৱাৰ পিছতে ৰাইজ আতংকিত হৈ পৰাৰ লগতে বিভিন্ন ধৰণৰ প্রতিবাদ কৰাৰ লগতে এনেদৰে ৰাজপথলৈ ওলাই আহিছে৷ চৰকাৰে ২০০ বিঘা মাটি বি এছ এফক প্রদান কৰাত কান্দোনত ভাগি পৰিছে ভুক্তভোগী মহিলাৰ লগতে শিশুসকল৷ প্রতিবাদকাৰীক আৰক্ষীয়ে বাধা দিয়ে যদিও আৰক্ষীৰ বাধাকো নেওচি বক্রপথেৰে প্রতিবাদকাৰীয়ে ১৭ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ আৰক্ষীয়ে লাঠীচালনা কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও ৰাইজ উত্তেজিত হৈ পৰা দেখা যায়৷ অহা ১৭ আগষ্টৰ ভিতৰতে ঘৰ–বাৰী খালী কৰাৰ নির্দেশ প্রশাসনৰ৷

ইতিমধ্যে বি এছ এফে চৰকাৰে আবণ্টন দিয়া মাটি কাঁইটীয়া তাঁৰৰ বেৰ দি ঘেৰিবলৈ আৰম্ভ কৰিছে৷ ইপিনে প্রতিবাদকাৰীয়ে ঘটনাস্থলীত উপায়ুক্তৰ উপস্থিতি দাবী কৰে যদিও পিছত ধুবুৰীৰ চক্র বিষয়া ঘটনাস্থলীত উপস্থিত হৈ উপায়ুক্তৰ হৈ স্মাৰক–পত্র গ্রহণ কৰাত প্রতিবাদকাৰী ঘৰমুৱা হয়৷

You might also like