নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বি টি চিৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপনত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ বিটিচিৰ নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে যোৱা ২৮ জুলাইত প্রকাশ কৰা বিজ্ঞাপনত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ একাংশ বঞ্চিত চি টেট উত্তীর্ণ প্রার্থীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে সাময়িকভাৱে স্থগিতাদেশ জাৰি কৰিছে৷

পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত এই স্থগিতাদেশ বাহাল থাকিব৷ তদুপৰি গোচৰটোৰ শুনানি গ্রহণ কৰি সংশ্লিষ্ট কর্তৃপক্ষলৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে৷

উল্লেখ্য যে যোৱা ২৮ জুলাইত নিম্ন প্রাথমিকৰ ৩৪৭টা আৰু উচ্চ প্রাথমিকৰ ৮০টা শিক্ষক পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল বিটিচি প্রশাসনে৷ এই পদসমূহত সাধাৰণ টেট উত্তীর্ণসকলকহে আবেদন কৰিবলৈ অনুমতি দিয়া হৈছে৷ যাৰ বাবে বিটিচিৰ স্থানীয় বাসিন্দা হোৱা সত্ত্বেও একাংশ চি টেট উত্তীর্ণ প্রার্থী বঞ্চিত হোৱাৰ উপক্রম ঘটে৷

সেয়েহে চি টেট উত্তীর্ণ প্রার্থীসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায় বিচাৰি আবেদন দাখিল কৰে৷ উচ্চ ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্রহণ কৰি বিজ্ঞাপনত স্থগিতাদেশ জাৰি কৰাৰ লগতে জাননী প্রদান কৰে৷

You might also like