নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ সকলো জিলাতে সন্ধিয়া ৭ বজাৰ পৰা সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ পিছতে মঙলবাৰে প্রকাশ কৰা হ’ল নতুন এছঅ’পি৷ বিভিন্ন জিলাত যোৱা সময়ছোৱাত সংক্রমণৰ হাৰ হ্রাস হোৱাৰ প্রতি লক্ষ্য ৰাখি নতুন এছ’পিত কিছু শিথিলতা অনা হৈছে৷ সেই অনুসৰি প্রতিখন জিলাতে পূর্বৰ পাঁচ বজাৰ পৰিৱর্তে এতিয়া সাত বজাৰ পৰা বলৱৎ হ’ব সান্ধ্য আইন৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই জনতা ভৱনত এখন সংবাদ মেলযোগে এই সন্দর্ভত কয় – নতুন এছঅ’পি প্রকাশৰ পূর্বে স্বাস্থ্য বিভাগে যোৱা এসপ্তাহৰ ক’ভিড সংক্রমণৰ সকলো দিশ পর্যপেক্ষণ কৰিছে৷ সেইমর্মে বিগত সপ্তাহৰ সোমবাৰ অর্থাৎ ৯ আগষ্টত ৰাজ্যত ক’ভিডত আক্রান্ত হৈছিল ১,১২০জন লোক৷ ইয়াৰ বিপৰীতে কালি অর্থাৎ ১৬ আগষ্টত প’জিটিভ চিনাক্ত হৈছে ৭৫৮জন লোক৷ বিভিন্ন জিলাত যিহেতু সংক্রমণৰ হাৰ হ্রাস পাইছে, সেয়েহে নতুন এছ’পিত কিছু শিথিলতা অনা হৈছে৷

স্বাস্থ্যমন্ত্রীগৰাকীয়ে নতুন এছঅ’পিৰ নীতি–নির্দেশনা অৱগত কৰি জানিবলৈ দিয়া অনুসৰি, কাইলৈৰ পৰা বলৱৎ হ’ব লগা নতুন এছঅ’পি মতে সন্ধিয়া ৬ বজালৈ খোলা থাকিব সকলো কার্যালয়–কর্মক্ষেত্র্, হোটেল–ৰেষ্টুৰেণ্ট–ধ, শ্ব’ৰুম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান৷

আনহাতে নতুন এছঅ’পিত আন্তঃজিলা যাতায়াতত প্রদান কৰা হৈছে কিছু শিথিলতা৷ অৱশ্যে আন্তঃজিলা যাতায়াতত শিথিলতা আনিলেও ৰাজহুৱা পৰিবহণ–যাত্রীবাহী বাহনেৰে যাত্রাৰ ক্ষেত্রত বাহাল থাকিব নিষেধাজ্ঞা৷ ইয়াৰ পৰিৱর্তে ব্যক্তিগত যান–বাহনেৰে আন্তঃজিলা যাতায়াতত অনুমতি প্রদান কৰা হৈছে৷ কিন্তু কামৰূপ (মহানগৰ) জিলাত পূর্বৰ দৰে বাহাল থাকিব যাতায়াতৰ নিষেধাজ্ঞা৷ অর্থাৎ গুৱাহাটীৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ থকাৰ লগতে গুৱাহাটীলৈ আহিব নোৱাৰিব অন্য জিলাৰ যান–বাহন৷ আজিৰ এছঅ’পিত যুগ্ম–যুগ্ম সংখ্যাৰ বাহন চলাচলৰ নিয়ম বাতিল কৰা হৈছে৷

ইফালে, নতুন এছ’পিত মুকলি স্থানত আয়োজিত সভা–সমিতি, সামাজিক–ৰাজহুৱা অনুষ্ঠানত সর্বাধিক ২০০ লোক উপস্থিত থকাৰ অনুমতি প্রদান কৰা হৈছে৷ একেদৰে প্রেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আবদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশহে ব্যৱহাৰ কৰিব পাৰিব৷ অর্থাৎ প্রেক্ষাগৃহটোত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব৷ এইক্ষেত্রত উপস্থিত থকা প্রতিজন লোক ক’ভিডৰ দুয়োটা ড’জ লোৱা হ’ব লাগিব৷ বিবাহ, সকাম আদিত ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সর্বাধিক ২৫জন লোকে৷ অন্তিম সংস্কাৰত উপস্থিত থাকিব পাৰিব ২৫জন লোক৷ ইফালে, নতুন এছঅ’পি অনুসৰি কামাখ্যা মন্দিৰত প্রতিঘণ্টাত সর্বাধিক ২০জন লোকৰ দর্শনত অনুমতি দিয়া হৈছে৷ ইয়াৰ বাবেও প্রতিগৰাকী দর্শনার্থীয়ে ক’ভিডৰ দুয়োটা ড’জ লোৱা হ’ব লাগিব৷ অন্য ধর্মীয় আস্থানত সর্বাধিক ১০জন লোকেহে অংশগ্রহণ কৰিব পাৰিব৷

আনহাতে ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত হ’ব লগা নাম–কীর্তনৰ প্রতি লক্ষ্য ৰাখি নতুন এছ’পিত ৫০ শতাংশ সমাৱেশেৰেহে নাম–প্রসংগৰ অনুমতি দিয়া হৈছে৷ অৱশ্যে এইক্ষেত্রত ক’ভিড প্রট’কল মানি চলিব লাগিব৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা আজিৰ এছ’পিত ৰিজ’ট, হোটেল, ধাবাসমূহত মুঠ আসনৰ ৫০ শতাংশ আসনত গ্রাহকেৰে সন্ধিয়া ৬ বজালৈ খোলা থাকিব৷ এইবাৰৰ এছ’পিত সম্পূর্ণৰূপে চিনেমা হল বন্ধ ৰখাৰ নির্দেশনা দিয়া হৈছে৷

You might also like