নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসগৃহত বিশাল কেক কাটি লাভলীনাৰ বিজয় উৎসৱ পালন

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত ব্রঞ্জৰ পদক অর্জন কৰি অসম তথা দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহঁাই মঙলবাৰে সন্ধিয়া ৬.৪৫ বজাত গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়া গাঁৱৰ নিজা গৃহত উপস্থিত হয়৷ গাঁওবাসীয়ে বৰহোলা পাভজান প্রাথমিক বিদ্যালয়ৰ সমীপত গায়ন–বায়নেৰে আদৰণি জনায় মৰমৰ লৌহকন্যাগৰাকীক৷ বিশাল কনভয়ৰ মাজেৰে অহা লাভলীনাই গাডীৰ পৰা নামি খোজকাঢ়ি নিজ বাসগৃহতত উপস্থিত হয়৷ প্রায় এবছৰৰ অন্তত কনিষ্ঠ কন্যা লাভলীনা বৰগোহঁাইক পাই সাবটি ধৰে মাতৃ মামণি বৰগোহঁায়ে৷ মাতৃক সাবটি ধৰি আনন্দত আত্মহাৰা হৈ পৰে লাভলীনা৷ মাতৃ মামণি, দুই যমজ ভগ্ণী লিমা–লিছাৰ লগতে বংশ–পৰিয়ালৰ সকলো লোক এই আনন্দৰ মুহূর্তত আৱেগিক হৈ পৰে৷ লাভলীনাই মাতৃ মামণিক সাবটি ধৰি আনন্দৰ চকুলো টোকে৷ মাতৃ মামণি, দুই ভগ্ণী লিমা–লিছাৰ লগতে পৰিয়ালৰ লোকে লাভলীনাক ঘৰৰ নঙলামুখত মাংগলিক কর্মৰে উষ্ণ আদৰণি জনাই ঘৰলৈ আদৰি আনে৷

অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত অলিম্পিকত পদক অর্জন কৰা প্রথমগৰাকী অসমীয়া লাভলীনা বৰগোহঁাই৷ টকি’ অলিম্পিকত ব্রঞ্জৰ পদক অর্জন কৰি ইতিহাস ৰচনা কৰি কালি গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়া গাঁৱত উপস্থিত হয় অসমৰ লৌহকন্যা লাভলীনা বৰগোহঁাই৷ আজি দিনৰ ১১ বজাত দিল্লীৰ পৰা উৰা মৰা বিমানখন ডিমাপুৰ বিমানবন্দৰত বিয়লি ২.২০ মিনিটত উপস্থিত হোৱাৰ পিছত লাভলীনা বৰগোহঁাইক গোলাঘাট জিলা প্রশাসনৰ মুৰব্বী মৃগেশ নাৰায়ণ বৰুৱা, সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু ধনশিৰি জিলা ক্রীডা সন্থাই উষ্ম আদৰণি জনাই বৰপথাৰলৈ বিশাল মটৰচাইকেল ৰেলী কৰি আদৰি আনে৷ বিয়লি প্রায় ৪.৩০ বজাত বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সম্বর্ধনা অনুষ্ঠানত অংশগ্রহণ কৰে লাভলীনাই৷

কণ্ঠশিল্পী আচুর্য বৰপাত্র গোহঁায়ে লাভলীনাক লৈ স্বৰচিত গীত গাই আদৰণি জনায়৷ আদৰণী অনুষ্ঠানত ৰাইজক সম্বোধি অশ্রুসিক্ত নয়নেৰে দিয়া ভাষণত লাভলীনা বৰগোহঁায়ে কয় যে সকলো সপোন সপোন যেন লাগিছে৷ সকলো সঁচা নে মিছা ধৰিবই পৰা নাই৷ আগলৈ যাতে বক্সিং ৰিঙত ভাল ফলাফল দেখুৱাব পাৰোঁ৷ শিশুসকলক যাতে খেলৰ সঠিক পথ দেখুৱাব পাৰোঁ তাৰ যত্ন কৰিম৷ এসময়ত নিজৰ খেতিপথাৰত ভূঁই ৰুই ভালপোৱা লাভলীনাই কয়– মোৰ পথাৰখন সদায় মনত পৰে৷ এতিয়াও মই পথাৰত নামিম৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে আঁত ধৰা ৰাজহুৱা সম্বর্ধনা অনুষ্ঠানত বিত্তমন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্রী অতুল বৰা উপস্থিত থকাৰ উপৰি গোলাঘাটৰ জিলা উপায়ুক্তকে আদি কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ ভাষণ প্রসংগত বিত্তমন্ত্রী অজন্তা নেওগে কয় যে মাতৃ হিচাপে মই আশীর্বাদ দিব পাৰোঁ৷ লাভলীনা তুমি বিশ্বত অসমী আইক জিলিকাই তুলিছা৷ চুলি ছিঙি আশীর্বাদ দিছোঁ৷ তুমি আমাক বহুত দিছা৷ ভাষণ প্রসংগত কৃষিমন্ত্রী অতুল বৰাই লাভলীনাই পথাৰত ভূঁই ৰুই থকা ফটো দেখি লাভলীনাৰ ঘৰলৈ আহি শুভেচ্ছা জনাইছিলোঁ বুলি স্মৃতি ৰোমন্থন কৰে৷ লাভলীনা অসমৰ নতুন সূৰুয৷ সকলোৰে আদর্শ৷ লাভলীনাৰ পৰা আৰু আশা কৰাটো ভুল হ’ব৷ সৰুপথাৰত ক্রীডাৰ পৰিৱেশ আছে৷ সৰুপথাৰত অত্যাধুনিক ক্রীডা প্রকল্প নির্মাণ কৰিবলৈ লোৱা বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রশংসা কৰে৷

সম্বর্ধনা অনুষ্ঠানত অর্ধশতাধিক দল–সংগঠনে সম্বর্ধনা জ্ঞাপন কৰে৷ লাভলীনা বৰগোহঁায়ে প্রথম গুৰু তথা প্রশিক্ষক প্রশান্ত দাসক সম্বর্ধনা জনায় আৰু প্রশান্ত দাসক চৰকাৰে দিয়া দহ লাখ টকাৰ চেক লাভলীনা বৰগোহঁায়ে  নিজ হাতে প্রদান কৰে৷ গোলাঘাট জিলা প্রশাসনৰ হৈ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই সম্বর্ধনা জ্ঞাপন কৰে লাভলীনা বৰগোহঁাইক৷

ইফালে, লাভলীনাৰ ঘৰত বৃহৎ কেক কাটি অলিম্পিক বিজয় উৎসৱ পালন কৰা হয়৷ অগণন জনতা, দুই মন্ত্রী বিমল বৰা আৰু যোগেন মহনৰ উপস্থিতিত কেক কাটি বিজয় উৎসৱ পালন কৰা হয়৷ লাভলীনাই কেক খুৱালে মাতৃ পিতৃ, মন্ত্রী আৰু আত্মীয়ক৷ মন্ত্রী যোগেন মহনে লাভলীনাক গামোচাৰ লগতে এযোৰ মুগাৰ চাদৰ মেখেলা উপহাৰ দিয়ে৷

You might also like