ৰাষ্ট্রীয় ঘাইপথত চৰকাৰী লুণ্ঠনঃ বাংলাদেশী আৰু হিতাধিকাৰীৰ পোষণ
এইবাৰ লিখিবলৈ পাঙি থোৱা বিষয়টো আছিল সুকীয়া৷ কিন্তু পৰিস্থিতিয়ে বাধ্য কৰিলে বিষয় সলনি কৰিবলৈ৷ বহু দশক জুৰি অবিৰাম আৰু অক্লান্তভাবে, অতি কঠোৰ ভাষাৰে লিখি আহিছোঁ অসম মুলুকৰ জঘন্য পৰিবহন ব্যৱস্থাৰ কথা সৰু–ডাঙৰ–মজলীয়া ৰাজহুৱা বাট–পথসমূহৰ বেছিভাগৰে, গেলেকানিময়, লজ্জ্বাজনক দুৰৱস্থাৰ কথা প্রতি বছৰে মুলুকত সংঘটিত পথ দুর্ঘটনাত তিনি হাজাৰৰপৰা পাঁচ হাজাৰতকৈও বেছি মানুহৰ মৃত্যু হোৱাৰ কথা (গৰু–ছাগলী, কুকুৰ–মেকুৰী আদি–ইত্যাদিৰ কথা গুলী মাৰক)৷ জীৱিত থকা হ’লে, শিউ শম্ভূ ওঝাই, আৰু ৭/৮ মাহ পৰিবহন দপ্তৰৰ দায়িত্ব নিজে লোৱা মুখ্য মন্ত্রী তৰুণ গগৈয়ে, আৰু, – অঞ্জন দত্তই ক’ব পাৰিলেহেঁতেন৷ এতিয়াও ক’ব পাৰিব প্রদীপ হাজৰিকাই ৪০১ 401) গাড়ীৰ চালকক অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ চালকৰূপে নিযুক্তি দিয়া চন্দন ব্রহ্মই আৰু, অজিত সিঙে, আৰু চন্দ্রমোহন পাটোৱাৰীয়ে৷
এবেসে, মুলুকত বর্তি থকা গেৰুৱা চৰকাৰ বাহাদুৰৰ, – পূর্বে গ্রাহৰ গ্রাসৰপৰা ৰক্ষা পাবলৈ শুঁৰে পদ্ম পুষ্প উত্থিত কৰিয়া স্বয়ং ৱিষ্ণু দেৱতাক+অ মৰণ কাতৰ প্রার্থনা কৰিয়া ক্রক’ডাইল্ থেকে মুক্তি লভিয়া মহানন্দে গজেন্দ্র পার্টিক+অ পদাঘাত+অ কৰিয়া ‘‘যোনজন’’ মহাজাতীয়তাৱাদী ৰাজনীতিবাগিশ মহানায়ক+অ, লুটি–বাগৰ মাৰিয়া লৌটাস্ পার্টি+অ অভ্যন্তৰে প্রৱেশ কৰিয়া অমাত্য ভৈল, সেহি অমাত্য+অ অধীনস্থ তথা সংখ্যাতীত+অ নৰহত্যাকাৰী পৰিবহন বিভাগে আৰু ‘‘ৰাষ্ট্রীয়’’ অভিধা পৰিধান কৰা দুফেৰাকৈ মহা শক্তিধৰ ৰজাঘৰীয়া কর্তৃপক্ষই শেহতীয়াকৈ মুলুকৰ মনুষ্যগণক নিজৰ হাত–ভৰি ভয়তে পেটত লুকুৱাবলৈ যিদৰে বাধ্য কৰিছে, তাকে দেখি সেই বিষয়ে কলম নিপিহি আন কথাৰ বকলা মেলোঁ কেনেকৈ?
এতিয়া প্রায় সকলো কথাতে, ‘ৰাষ্ট্র’, ‘ৰাষ্ট্রীয়’ আৰু ‘ৰাষ্ট্রীয়তা’৷ কিন্তু প্রকৃততে ৰাষ্ট্র আৰু ৰাষ্ট্রীয়তাৰ যি মূল, যি বাহক, সেই মূলধন, সেইবাহক অর্থাৎ ৰাষ্ট্রৰ সর্বসাধাৰণ জনতা, সেই ৰাষ্ট্রৰ বাস্তৱ গতি–বিধি, ক্রিয়া–কাণ্ড আৰু লক্ষ্যৰপৰা কোটি কোটি ক্রোশৰ দূৰত্বত৷ ৰাষ্ট্র, ৰাষ্ট্রীয় কল্যাণ আদিৰ নামত চলা সহস্র আঁচনিৰ আওতাৰ বাহিৰত সেই সর্বসাধাৰণ জনতা ঃ বঞ্চিত, প্রৱঞ্চিত, লাঞ্জিত আৰু শোষিত৷ কেৱল ধাপ্পাবাজি মিথ্যাচাৰ আৰু লুণ্ঠন ৰাম, শ্যাম, যদু, মধু, কণটিলৌ, চিকৌ, টকৰি, ভলৌ, ভেবেলী, হেলচীহঁতৰ হাড়–মূৰবোৰ ৰাকৌৰ–ৰাকৌৰকৈ চোবাই, তেজ–পুঁজখিনি চপক চপককৈ শুহি লাঠুৱা হোৱাখিনিক বিশেষ নিৰাপত্তাৰ মাজেৰে সকলো সা–সুবিধা আৰু নিশ্চিদ্র সুৰক্ষা ব্যৱস্থাসহ ইংলেণ্ড, এমে’ৰিকা, স্যুইৎয্(ৰ্)লেণ্ডলৈ প্রেৰণ কৰি অময়া সুখত ‘‘বিন্দাছ’’ হৈ থকাৰ ব্যৱস্থা ঃ প্রায় আটাই, একে দুখন বা তিনিখন ৰাজ্যৰ লাখ কোটি টকীয়া চোৰ৷ সেয়ে ভাৰতৰ ধর্মনিৰপেক্ষ উদাৰতা আৰু ৰাষ্ট্রীয়তা৷
ৰাষ্ট্রৰ তথা প্রতিখন ৰাজ্যৰ গ্রাহকক সুৰক্ষা (?) দিয়াৰ অর্থে কেন্দ্রীয় ‘‘যোগান’’ আৰু উপভোক্তা সংৰক্ষণ মন্ত্রীৰ অধ্যক্ষতাত আছে এখন ‘কেন্দ্রীয় উপভোক্তা সংৰক্ষণ পৰিষদ’, আৰু, প্রতি ৰাজ্যৰ ‘‘যোগান’’ আৰু গ্রাহক সুৰক্ষা মন্ত্রীৰ অধ্যক্ষতাত একোখন ‘ৰাজ্যিক গ্রাহক সুৰক্ষা পৰিষদ’ (লাখ লাখ টকাৰ বেতনভোগী নিবোকা ৰজাঘৰীয়া আমোলাৰে ঠাহ খাই থকা)৷ বাংলাদেশী আৰু অন্যান্য বিদেশীৰ বাদে বাকী আটাই লোকগণতো ৰাষ্ট্রৰে নাগৰিক পিচে? এক কে’ জী বন্ধা কবিৰ দাম ৪০/৫০ টকা, এটা ব্রইলা(ৰ্) কুকুৰা কণীৰ, – ৭/৮ টকা ‘‘অসমীয়া কুকুৰা’’বোৰ ক’লৈ গ’ল, দুই নম্বৰী ভাজপা মন্ত্রী, জাতীয়তাৱাদৰ ধ্বজাবাহী, আপোচ বিহীন বৰাদেৱেহে জানিব শুনা মতে, সিবোৰ হেনো বংগ–বিহাৰলৈ এতিয়া মুলুকৰ কুকুৰা (মানে, মুর্গী) বেপাৰীয়ে ‘‘লোকেল’’ (ইং উচ্চাৰণ–লৌক্ল্–থলুৱ) বুলি বেচি খাৰখোৱাক খুওৱা ‘‘থলুৱা’’ কুকুৰাৰ জন্মৰ ‘‘থল’’ পঃবংগ আৰু বিহাৰ দাম, প্রতি কে’ জীত ৪৫০/৪৮০ টকা মোক বেপাৰীয়ে কয়– ‘‘ছাৰ, নালাগে নিব, যাওক, কইলাৰহে’’ (ক্রইলা(ৰ্)) শুনিছেনে পশু পালনদেৱ আৰু যোগানদেৱ? প্রতি লিটাৰ (লীট্(ৰ্) ‘‘ৰিফাইন’’ (ৰিফাইণ্ড্) তেলৰ দাম ২০০/২১০ টকা মিঠাতেলৰ– ২৩০ টকা, বুঝ্তে পাৰছেন্তো ‘‘ভোগ’’ থেকে ‘‘পাটাছাৰ’’ বাবু? পে’ট্রল্ (‘‘পেট্র’ল’’–PATROL নয়) আৰু ডীয্লৰ দাম প্রতি লীট্(ৰ্)তঃ– মূল দাম – ৩০/৩১ টক+ভাৰত চৰকাৰৰ কৰ– ২০/২২ টক+অসম চৰকাৰৰ ৩৮/৩৯ টক+ডিপো (ডে’পৌ) মালিকৰ লাভাংশ– ৬.৫০ টকা৷ অ’ত ত’ত দামৰ নাওমান ইফাল–সিফাল হোৱাৰ কাৰণবোৰ ‘‘বাহাদুৰ’’ৰ জিলাধিপতিসকলে জনাওক৷ পূর্বে য’ৰ পৰা য’লৈ মাল–বস্তু অনা–নিয়া কৰোঁতে ৰাষ্ট্রীয় ঘাইপথত ট্রাক চালকসকলক যিমান সময় লাগিছিল, এতিয়া ত’ৰ পৰা ত’লৈ সিবোৰ জিনিছ কঢ়িয়াওঁতে, বাটত ৩০/২০/৮০/৪০/৫০/২০ আদি ইত্যাদিকৈ ঘণ্টাত গাড়ীৰ কিলোমিটাৰৰ গতিবেগৰ ফলক জুমি জুমি চাই গতিবেগ, গাঁত, পুখুৰী, ৰাইজে ৰোৱা কঠীয়া আদিৰ দ্বাৰা নিয়ন্ত্রিত হৈ বাটত নৰমনিচ, গো–মাতা, মহিষ, অজ, সাৰমেয় DOG), বিড়াল আদি কৰি জীৱ যত, তথা ঘৰ–দুৱাৰ, বিদ্যালয়, কার্য্যালয়, দোকান–পোহাৰ, বিজুলী বাতি আৰু টেলিফৌনৰ খুঁটা, পথ বিভাজক, চাৰিচকীয়া, ছয়চকীয়া, বাইশচকীয়া গাড়ী, বাইক্, স্কূটা(ৰ্) আদিত খুন্দিয়াই সিবোৰ মহটিয়াই, কাৰোবাক বধি, কিহবাক ভাঙি চূর্চুমৈ কৰি, মূৰত বাৰ–ওঠৰ হাজাৰ টকাৰ জৰিমনাৰ বোজা এটা লৈ কোনো মতে পৈতৃক প্রাণটো বচাই – ‘‘ত’ত’– মানে লক্ষ্য স্থানত চিতভোলোঙা খাই পৰিবলৈ সেইসকলক সিমানখিনি সময়েই আঁটিবনে? যদি আঁটে, ভাল৷ যদি নাটে, তেন্তে, মুঠ কিমান সময় লাগিব আৰু তাৰ ফলাফলৰ ৰাইডাঙৰ কোব কাৰ মূৰত কেইটাকৈ পৰিব, সেই উত্তৰ, গণিতৰ পণ্ডিতসকলে যোগ–বিয়োগ–পূৰণ–হ্, ল.সা.গু., গ. সা. গু. কৰি উলিওয়াক৷ মঞি মূঢ়মতি, এনে অংক আৰু ‘জিন্দেগী’–ৰ অংকতো বৰ কেঁচা৷ এটা অংক অৱশ্যে জানো৷ সমগ্র অমাত্য কাল বৌম্ফোচ্ কথাৰে বর্তি থকা বৌম্ফৌচ্ অমাত্যই এই মুলুকে পথ দুর্ঘটনায় মানুষের মৃত্যুর সংখ্যা হ্রাস করবার জন্য অতকাল কিটা করছেন, সেই অংক, সেই দস্তাবেজ মূঢ়মতিয়ে জানে৷ বাকী কথা বাদ দিয়ক৷ বিগত বহু বছৰ মই সঘনাই ৰাজহুৱাকৈ উত্থাপন কৰি থকা এই প্রশ্ণটোৰ উত্তৰ দিয়ক ঃ গুৱাহাটীৰ ছিটি বাছ চলা পথবোৰৰ কাষত থকা– ‘চিটী বাছ ৰোৱা ঠাই’’CITY BUS STOP” (‘স্তপিজ্’ নহয় তাৰ অর্থ, বাছ ৰোৱা সময়ৰ দৈর্ঘ্য) বুলি লিখা থকা ফলকবোৰ অন্তর্ধান হোৱাৰ (কৰাৰ) ৰহস্য কি? পৰিবহন বিভাগৰ বিষয়াসকলে, গৃহ বিভাগৰ আৰক্ষী বাহিনীৰ যান–বাহন শাখাই, বাছ মালিক আৰু কর্মচাৰীসকলে কি কাটি থাকে? মই ভাবি ভাবি হতভম্ব হওঁ, – পৰিবহন বিভাগৰ অলেখ দুষ্কার্য্যক লৈ ৰাজ্যৰ বৃহৎ বৃহৎ ‘‘জাতীয় সংগঠন’’(?)সমূহে, প্রৌঢ় নেতাৰে পৰিপূর্ণ, লেখ ল’ব নোৱৰা ‘ছু’সমূহে, ৰাজ্যৰ ‘‘বুদ্ধিজীৱি’’ তথা বিদ্বৎ মহলসমূহে কেতিয়াও টু শব্দ এটা নকৰে কিয়? হতভম্ভ হওঁ ভাবি ভাবি– মুলুকৰ গণতান্ত্রিক প্রতিনিধিত্বমূলক বৃহত্তম ৰাজনৈতিক সভাগৃহটোত অত্যন্ত বিশৃংখল আৰু দুর্নীতিগ্রস্ত বিভাগবোৰৰ অন্যতম, পৰিবহন বিভাগটোৰ অমাত্যগৰাকীক সদায় আঙুলিৰ মাজেদি চেঙেলী আৰু তোৰা মাছ সৰকাদি সৰকি যাবলৈ দিয়া হয় কিয়? এটা সময় আছিল যেতিয়া মুলুকৰ ৰাজনীতি ঘাইকৈ নিয়ন্ত্রণ কৰিছিল দেশীয় সুৰাৰ মহলদাৰ চক্রই৷ গোলাপ বৰবৰাৰ চৰকাৰ পতনৰ গুৰিতো আছিল একেবাৰে উজনিৰ, সিং উপাধিৰ এজন সুৰা সম্রাট৷ বর্তমান তেনে প্রক্রিয়াৰ একমাত্র খেলুৱৈ নহ’লেও, অন্যতম প্রধান খেলুৱৈ হ’ল বাণিজ্যিক পৰিবহন সম্রাট চক্র৷
এইবোৰ বিষয়েয় (ক্রিয়া, ‘হ’ ধাতুৰ উহ্য ৰূপ – ‘হয়’) মূল বিষয়৷ ইবোৰলৈ আহিমেই৷ কিন্তু তাৰ আগেয়ে ‘ৰাষ্ট্র’, ‘ৰাষ্ট্রীয়’ আদি বিষয়ৰ আৰু দুই–এটা কথা৷
এতিয়া চাওক ঃ নেশ্ন্ল্ গ্রীন্ ট্রাইবূ্যন্ল্ – ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণ৷ এই ৰাষ্ট্রীয় কর্তৃপক্ষৰ আদেশ, নির্দেশ বা হস্তক্ষেপৰ ফলত ৰাষ্ট্রৰ অংগ ৰাজ্য অসমৰ সেউজ অৰণ্যত ৰাজনৈতিক, প্রশাসনীয় আৰু বিভাগীয় পৃষ্ঠপোষকতাত সুদীর্ঘ কাল ব্যাপক হাৰত চলি থকা তৰু, তৃণ, লতা ধ্বংস আৰু বন্য প্রাণী হত্যা কিমান কমিছে, পৰিৱেশ কিমান সুৰক্ষিত হৈছে আৰু ৰাষ্ট্রৰ নাগৰিক কিমান উপকৃত হৈছে, ৰাষ্ট্রৰ সাধাৰণ স্বার্থ, ৰাষ্ট্রীয় সম্পদ আৰু অর্থনৈতিক স্বার্থ কিমান সুৰক্ষিত হৈছে? নেশ্ন্ল্ হাইড্রৌ পাৱা(ৰ্) ক(ৰ্)প’ৰেইশ্ন্ – ৰাষ্ট্রীয় জল বিদ্যুৎ নিগম৷ সমগ্র পৃথিৱীৰ বিভিন্ন দেশত, শেহতীয়াকৈ স্বয়ং চীনত, বিগত বছৰদিয়েকত ভাৰতৰ উত্তৰাখণ্ডত আৰু অন্যান্য ৰাজ্যত বহুতো বৃহৎ নদী বান্ধ ভগাৰ ফলক কি ভয়াৱহ দুর্য়োগৰ সৃষ্টি হৈছে, তাক আটায়ে জানিছে৷ ভাৰতে সদায় সহায় কৰা ভূটান ৰাষ্ট্রই প্রতি বছৰে কুৰিশু (‘‘শ্বু’’ নহয়) বান্ধৰ পানী এৰি দিয়াৰ ফলত অসমত ঘটা জল প্রলয়ৰ কথাও সৱে জানিছে৷ বর্তমান, বিশ্বৰ বহু ঠাইত বৃহৎ নদী বান্ধ নির্মাণৰ বিৰুদ্ধে তথা ক্ষুদ্র বান্ধ্ নির্মাণৰ সপক্ষে মত সুদৃঢ় হৈ উঠিছে৷ কিন্তু…৷ কিন্তু? ভাৰতত নদী বান্ধ্ নির্মাণৰ কর্তৃপক্ষ হৈছে ৰাঃ জঃ বিঃ নিগম৷ সেই নিগমে অসমৰ নামনি সোৱণশিৰিৰ গেৰুকামুখত নির্মাণ কৰি থকা বৃহৎ বান্ধৰ কাম বন্ধ কৰিবৰ বাবে বিগত বাৰ বছৰতকৈও আগৰে পৰা কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি অনেক সংগঠনে তীব্র আন্দোলন কৰি আহিছিল/আহিছে৷ ভূ তত্ত্বৱিদ, ভূগোলৱিদ আদিকে ধৰি বিভিন্ন বিজ্ঞানী আৰু বিশেষজ্ঞৰ সমিতিয়ে সেই ৰাষ্ট্রীয় নিগমে নির্মাণ কৰা সেই বান্ধে (ভাৰত ৰাষ্ট্রৰ অংগ) সমগ্র ব্রহ্মপুত্র সভ্যতা উটুৱাই নিশ্চিহ্ণ কৰি দিব পাৰে বুলি যুক্তি–তথ্য সহ আঙুলিয়াই দিয়া সত্ত্বেও, সেই সমিতিৰ প্রতিবেদন ফটা কাগজৰ পাচিত পেলাই ৰাষ্ট্রীয় কর্তৃপক্ষই নিজৰ মন পচন্দৰ সমিতি পাতি লৈ সেহি মতে বান্ধৰ কাম আগুৱাই নি থাকিল৷ সম্ভৱতঃ, এতিয়ামানে ৰাষ্ট্র ব্যস্ত গেৰুকামুখৰ বৃহৎ নদী বান্ধ্ উন্মোচনৰ তাৰিখ নির্ধাৰণত৷ নেশন্ল্ থ(ৰ্)ম্ল্ পাৱা(ৰ্) ক(ৰ্)প’ৰেইশ্ন্– ৰাষ্ট্রীয় তাপ বিদ্যুৎ নিগম৷ ৰাষ্ট্রৰ আন ৰাজ্যৰ কথা বাদ৷ অসমৰ নামৰূপত থকা তাপ বিদ্যুৎ কেন্দ্রটোৰ কথা মনত পেলাওক৷ ঠাই নাই৷ মূল কথালৈ আহোঁ৷
যোৱা ৭/৮ দিন জুৰি মুলুকৰ পৰিবহন ক্ষেত্রখনত ঘটোৱা এটা কু–কাণ্ডই চৌদিশে তোল–পাৰ লগাইছে অৱশ্যে একাংশ সংবাদ মাধ্যমতহে৷ ৰাজনৈতিক, অর্ধ–ৰাজনৈতিক দল আৰু ব্যক্তিবর্গৰ মুখত সোপা৷ পৰিবহন খণ্ডৰ কথা ওলালেই আমাৰ ৰাজনৈতিক জনপ্রতিনিধিসকলৰ্ আচৰণ কিয় এনে বা তেনে, সেই কথা মই সদায় কৈ আহিছোঁ৷ সদ্যহতে সিসৱ ব্যস্ত হিন্দু–মুছলমানৰ কথাত গৰু–গাহৰিৰ কথাত৷ সুযোগ বুজা সিসৱৰ মুখত মাজে মাজে শংকৰ–মাধৱ, আজান ফকিৰ–বাঘ হাজৰিকাৰো কথা৷ অতিমাৰী প্রৱৰ ক’ৱিড–১৯–ৰ আগমনৰ আগে আগে আৰু নাগৰিকত্ব ভেজালকৰণ বিধেয়ক সম্পর্কীয় সংসদীয় সমিতিৰ ভাওনাৰ হেম–গেমৰ সুৰুঙাতে, পথ দুর্ঘটনাত মানুহৰ মৃত্যু ৰোধ কৰাৰ প্রৱল ইচ্ছাৰ উন্মাদনাত আউল–বাউল হৈ থকা চৰকাৰ বাহাদুৰে ম’ট(ৰ্) যান–বাহনৰ অত্যধিক গতি আৰু দুর্ঘটনা নিয়ন্ত্রণ তথা গতিবেগ অতিক্রমকাৰীৰ শাস্তি আদি সামৰি ২০১৯ চনত এখন বিধেয়ক আনি গ্রহণ কৰাই আইন কৰি (‘‘বনাই’’–টো বেছি ভালনেকি) ল’লে৷ এনে বেছিভাগ বিধেয়ক সন্দর্ভতে আমাসৱৰ বেছিভাগ সাংসদ আৰু বিধায়কৰ ভিতৰৰ কোনে, কিমান কি বুজে কাৰ কিমান ৰাপ বা ব্যক্তিগত কিম্বা ৰাজহুৱা স্বার্থ থাকে আলোচনা কালত কিমানে নাসিকা গর্জন কৰি থাকি, সময়ত খক্মক্কৈ সাৰ পাই উঠি হাত দাঙে মুখ মেলি ‘‘হয়’’ বা ‘‘নহয়’’ বোলে কিম্বা ঘণ্টি, মানে, বে’ল (‘‘বেল’’ নহয়) বজায় সেই বিষয়ে ৰাষ্ট্রৰ জনসাধাৰণে ইতিমধ্যে বিস্তৰ জ্ঞান লভ্ছে দ’ক৷ যি হ’ল, হ’ল হৈ গ’ল৷ থাকিল আইনখন কাবার্ডত সোমাই৷ পিচে, সময়ত পইচাৰ আহ্বান শুনা সুবিধামতে টকা উলিয়াই আনিব পৰাকৈ স্বয়ং ৰিযার্ভ্ বেংকৰ গাৱ্ন(ৰ্) বদলি কৰি লোৱা (৪২০X২) ৮৪০০ কোটি টকাৰ দুখন বিমান কিনা দহ হাজাৰ কোটি টকাৰ ব্যক্তি মূর্তি নির্মাণ কৰা এতিয়াও পৰিমাণ ঠিক নোহোৱা (কিমান) হাজাৰ কোটি টকাৰ মন্দিৰ নির্মাণ কৰা বাহাদুৰক আকৌ লগা হ’ল পর্বত প্রমাণ ঠনঠনি৷
মূল বিষয়টোক লৈ আলোচনাৰ যুঁজত নামিল দুটামান বাকচ৷ তাৰে ভিতৰত, নতুন বাকচ এটা বেছ আগৰণুৱা৷ আলোচনা বাকচৰ মজিয়াতো, ৰাজপথতো৷ ভালৰে কথা৷ পিচে, আজিকালি বাকচবোৰত চল চাই চাপৰি বজোৱা, মালিক আৰু মুখ্য সম্পাদকৰ মন বুজি কথা কোৱা আগদিনা এটা বাকচত এটা ঢ়ালত কথা কৈ পাছদিনা আন এটা বাকচত একেটা বিষয়তে মূৰ পোলোকা মাৰি, বাগৰ সলাই গা এৰা দি বেলেগ ঢ়ালত কথা কোৱা লোক, আটাই নহ’লেও, বিস্তৰ৷ গাড়ীৰ গতি বেগ নিয়ন্ত্রণৰ ভেঁকো–ভাওনাখনৰ মূল ভাৱৰীয়া দুফেৰা৷ এফেৰা হ’ল এ’ন্ এইচ্ এ’ আই (ভাৰতৰ ৰাষ্ট্রীয় ঘাই পথ প্রাধিকৰণ), আৰু আনটো হ’ল– এ’ন এইচ্ এণ্ড্ আই ডী ছী লিমিটে’ড্ (ৰাঃ ঘাই পথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম, সীমিত)৷ প্রশ্ণ হ’ল,– ৰাঃ ঘাই পথ প্রাধিকৰণৰ দৰে সর্বময় কর্তৃপক্ষ বাহাদুৰ এফেৰা থাকোঁতে আকৌ, পথৰ আন্তঃগাঁথনি উন্নয়নৰ অর্থে সুকীয়াকৈ এফেৰা নিগম সৃষ্টি, ৰাইজক বিভ্রান্ত কৰা, দায়িত্বৰ পৰা পুলুকা মাৰি ‘‘পাছিং অন দ্য বেইবি’’ আৰু দগাবাজ, ফাকিবাজ, কামচোৰ নির্মাণ প্রতিষ্ঠানবোৰক কামত গাফিলতি কৰিবলৈ, নানানটা অজুহাতত কাম পেলাই থৈ পলম কৰি, নতুনকৈ বেছি পইচা বিচাৰিবলৈ, দুর্ঘটনাৰ সম্ভাৱনা থকা ঠাইত ফলক নিদিয়াকৈ আৰু প্রয়োজনীয় স্থানত গতিপথ সলনি (ডাইৱে’(ৰ্)শ্ন)–ৰ সংকেত তথা সেৱা পথ নিদি দুর্ঘটনাৰ সুৰুঙা ৰাখি ৰাইজক টেক্কা মাৰি ৰাজহুৱা ধন লুটিবলৈ সুবিধা কৰি দি সিবোৰৰ লগত লেটি–পেটি আৰু দহৰম–মহৰম চলাই থকাটোৱেয় (‘হ’ ধাতুৰ নঞর্থক ক্রিয়াযুক্ত) নহয় জানো? ৰ’ব, কথা আছে৷
অসমত বাট–পথ, দলং নির্মাণ, জল বৌর্ডৰ প্রকল্প নির্মাণ আদিত ‘গেমন ইণ্ডিয়া’কে ধৰি বিভিন্ন নির্মাণ প্রতিষ্ঠানৰ কামত অবিশ্বাস্য লেহেম কৰা কামত বৃহৎ ফাট আৰু অন্যান্য অসংখ্য ত্রুটীৰ কথা সর্বজন বিদিত৷ পাঞ্জাব (‘ৱ’ নহয়), হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্রদেশ, বিহাৰ, ওড়িশা, মধ্যপ্রদেশ, গুজৰাত (টX), তামিল নাডু, কর্ণাটক অন্ধ্র, কেৰালা, ছিক্কিম আদি ৰাজ্যত, ফু মাৰি ভাত খাব পৰা চেহেৰাৰ ৰাজপথৰ বিপৰীতে, অসমৰ ৰাজপথ, দেখিলে মুখত থুই আৰু জিভাত ককর্থনাৰ সমাৱেশ ঘটে৷ পথবোৰ ৰাষ্ট্রীয় হওক বা ৰাজ্যিক হওক, তদাৰকীৰ মূল দায়িত্ব ৰাজ্যিক গড়কাপ্ঢানি বিভাগৰ পথ শাখাৰ৷ সেইটো শাখাৰ মুখ্য অভিযন্তা, অন্যান্য অভিযন্তা–বিষয়া তথা বিভাগীয় আয়ুক্ত আদিয়ে সদায় কি কৰি থাকে যে পথৰ অৱস্থা, প্রতি বছৰে ৫০০০তকৈ অধিক মানুহ হত্যাৰ উপযোগী? বিধায়কগণে জোৰদাৰকৈ মাত নামাতে কিয়? ক’ৰবাত কিবা আলোচনালৈ মাতিলে, চৰকাৰী অভিযন্তা–বিষয়াই মুখত ‘বেণ্ড্ এইড’ৰ দৰে ফিতা লগাই থয় বোধ কৰোঁ, ‘‘ওপৰ’’ৰ হুকুম৷ অৱশ্যে, অৱসৰৰ পাছত অনেকজন বেছ কল্যাণকামী, সপ্রতিভ সমাজকর্মী হৈ পৰে৷ বর্তমান আলোচ্য বিষয়টোত বৰকৈ আগভাগ লোৱা বাকচটোত এদিনৰ আলোচনাত তেনে এজন অৱসৰপ্রাপ্ত লোক আৰু পৰিবহন বিভাগৰ এজন উচ্চপদস্থ কর্মৰত বিষয়াই ভাগ লওঁতে, সিসৱক মানুহৰ জীৱনৰ সুৰক্ষাৰ বিষয়ে এনেহে ‘‘উৎসাহ’’, ‘‘উদ্যম’’ ‘‘লোকহিতৈষণা’’ আৰু ‘‘মানৱপ্রেম’’ সহিতে কথা কোৱা শুনা গ’ল যেন ৰাজপথত মানুহ আৰু অন্যান্য প্রাণীৰ জীৱনৰ সুৰক্ষাৰ চিন্তাত সিসৱে চিৰজীৱন নিদ্রাহীনতাতহে ভুগি আছে অৱশ্যে, পাছলৈ আন কাৰো কাৰো মুখত (বহুত অতি দৰকাৰী কথা নোলালেও) ইটো–সিটো ভিন্ন কথা ওলোৱাত, বর্তমানৰ বিষয়াজন সেইদিনা পাছৰ ফাললৈ আৰু দ্বিতীয় এদিন বেছ ভেচভেচীয়া আৰু মোলায়েম হৈ পৰিল৷
পাঠক, শুনক৷ আইন্তো দেশত বহুত আছে, কিন্তু ক’ত, কেতিয়া, কিমান আইন ৰাষ্ট্রৰ নাগৰিকৰ প্রকৃত কল্যাণৰ অর্থে বলৱৎ হৈছে? অসম চৰকাৰী ভাষা আইন গৃহীত হ’বৰ ৬১ বছৰ হ’ল৷ পিচে আজি পর্যন্ত অসমৰ কিমানগৰাকী চৰকাৰী চাহেব আৰু ‘‘মেমনী’’ চাহেবাই চৰকাৰী কামত চৰকাৰী ভাষাটো প্রয়োগ কৰিছে? বর্তমানৰ ম’টৰ যান–বাহনৰ গতিবেধ নিয়ন্ত্রণ সম্পর্কীয় কেন্দ্রীয় আইনখন ‘‘বলৱৎ কৰিব নালাগে যিমান মানুহ মৰে, মৰি থাকক’’ বুলি ক’বলৈ, মই বা তেনে আন কোনো লোক এনে জধামূর্খ নহয়৷ কিন্তু অসমৰ বাট–পথসমূহৰ অৱস্থা, মই ইতিপূর্বে উল্লেখ কৰা ৰাজ্যকেইখন আৰু অন্যান্য অনেক ৰাজ্যৰ বাট–পথৰ অৱস্থাৰ তুলনাত কেনে? তদুপৰি ইয়াত বিপৰীত কথা বা প্রশ্ণ এটাহে মূলতঃ প্রাংসগিক৷ ৰাষ্ট্রীয় ঘাইপথ বা ৰাজ্যিক পথ নির্মাণৰ মূল, প্রধান উদ্দেশ্য কি আছিল? অটল বিহাৰী ৱা(‘বা’ নহয়)জপেয়ীয়ে যেতিয়া প্রথমে ‘ভাৰত জোৰো’ আঁচনিৰ প্রস্তাৱ দি কাম আৰম্ভ কৰিছিল, আৰু পৰৱর্তীভাবে ক্রমান্বয়ে, – দুটা প্রশাখা (লেইন্), চাৰিটা, ছটা, আঠটা প্রশাখা যুক্ত ৰাষ্ট্রীয় ঘাই পথৰ কাম বিভিন্ন ঠাইত আগুৱাই নিয়া হৈছে, তেতিয়া অর্থাৎ তেনে সময়ত সেই প্রকল্পৰ লক্ষ্য কি আছিল বা এতিয়া কি? মানুহক ঘণ্টাত ২০/৩০/৪০ কিঃ মিঃ বেগত গাড়ী চলাব পৰাকৈ ‘‘বিশেষভাবে সক্ষম’’ (ডিফ্ৰে’ণ্ট্লি)/স্পে’শিয়েলি এইব্ল্ড্) কৰি তোলা? চীন দেশত ৰেইল গাড়ী ওলাইছে ঘণ্টাত ছয়শ কিঃ মিঃ বেগত যাব পৰা ভাৰতত ঘাই পথত বিনা বাধাত চলি সময় বচাব পৰাকৈ গাড়ী প্রস্তুতকাৰী কাম্প্নিবোৰে নতুন প্রযুক্তিৰে নির্মাণ কৰি উলিওৱা গাড়ীবোৰৰ স্পীড’মিটাৰত উল্লিখিত সর্বোচ্চ গতিবেগ হ’ল, – ঘণ্টাত দুশ কিঃ মিঃ৷ এতিয়া সেই গাড়ীবোৰ কি কৰা হ’ব? ‘‘ৰড্ডি লোহা’’ (স্ক্রেপ্ আইৰন্) হিচাপে বিক্রী কৰি দিব লাগিব? ‘হোৱৎ ননছে’ন্স দিছ্ (স্) ইয্ টূ মাচ্চ্৷ লে’ট নট্ ৱাজপেয়ী টার্ন্ ইন্ হিয্ গ্রেইৱ্’৷ গুৱাহাটী–নগাঁও ৰাষ্ট্রীয় ঘাইপথছোৱা মুকলি কৰাৰ আগেয়ে ইঠাৰ পৰা সিঠাইলৈ যাবলৈ মোক লাগিছিল ২ ঘণ্টা ২০/২৫ মিনিট, আৰু মুকলি হোৱাৰ পাছত লাগিছিল ১ ঘণ্টা ৪০/৪৫ মিনিট৷ অৱশ্যে বিগত দুবছৰমান নিজে গাড়ী চলাই যোৱা নাই৷ ভাৰতৰ স্থলপথ পৰিবহন মন্ত্রী নীতিন গাড্কাৰিয়ে কয় নূ্যনতম এশ কিঃ মিঃ–ৰ কথা, আৰু এইফালে বৌম্ফোচ্ মন্ত্রী–বিষয়াই কয় মানুহৰ জীৱন সুৰক্ষাৰ কথা ‘হাইৱেই’ত একান্ত সাৱধান আৰু মনোযোগী হৈ কাকো নবধাকৈ আৰু নিজেও নমৰাকৈ ঘণ্টাত ১০০/১১০/১২০ কিঃমিঃ বেগত গাড়ী চলাব নোৱাৰিলে, সিগিলাখান কিহৰ, কেনেকুৱা ‘হাইৱেই’ দ’ক? ২০২১ চনত সময়ৰ একো মূল্য নাই? আমাক সময় নাল্গে? ভাৰতত সময়ৰ মূল্য সকলোতকৈ বেছি ভালকৈ বুজা প্রধান মন্ত্রীগৰাকী আছিল জৱাহৰলাল নেহৰু৷ আৰু, মানুহৰ জীৱনৰ সুৰক্ষা? ‘‘ঠনঠনী’’ ভৰাবলৈ হাতত জোলোঙা লৈ দুপৰ নিশালৈকে ৰাজপথত বোন্দাপৰ দি থকা পৰিবহন বিভাগ আৰু যান–বাহন আৰক্ষীৰ লোকে ৰাইজক ক’ত কিমান সুৰক্ষা দি আছে, জৰুৰ বতায়েংগে আড়াসা থে’হ্ৰিয়ে৷
অনিয়ন্ত্রিত গতিত যান–বাহন চলালে দুর্ঘটনা ঘটে, সেইটো কোনে ‘অস্বীকাৰ কৰিব৷ কিন্তু অনিয়ন্ত্রিত গতিত তথা, তাতোকৈ ডাঙৰ কথা, – উদণ্ডভাবে যান–বাহন চলাই থকা অৱস্থাত আৰক্ষীয়ে আৰু পৰিবহন বিভাগে এতিয়ালৈকে ক’ত ক’ত, কেতিয়া কিমানজন তেনে চালকক হাতে–লোটে ধৰি কি কি ব্যৱস্থা গ্রহণ কৰিছে? তদুপৰি, গাড়ীৰ তীব্র গতি বেগেয় ৰাজ্যৰ লেখ–জোখহীন দুর্ঘটনাজনিত মৃত্যুৰ একমাত্র কাৰণনে? হে’ল্মিট্ নিপিন্ধাকৈ বাইক আৰু সূকটা(ৰ্) চলোৱা, ছীট্ বে’ল্ট নবন্ধাকৈ গাড়ী চলোৱা কিমান চালকৰ বিৰুদ্ধে কিমান ব্যৱস্থা গ্রহণ কৰা হৈছে? অসমত বাইক্–সূকটা(ৰ্) চালকসকলৰ ভিতৰত হে’ল্মিট্ পৰিধানকাৰীৰ শতকৰা হাৰ কিমান? হে’ল্মিট্ নিপিন্ধা হেতুকে ৰাজ্যত কোন বছৰত, ক’ত, কিমান কিমান চালক–আৰোহীৰ মৃত্যু হৈছে? আৰু এটা কথা ঃ হিন্দী কথাছবি আৰু বাকচ ধাৰাৱাহিক হওক বা অসমীয়া তথা অন্যান্য ভাৰতীয় কথাছবি আৰু বাকচ ধাৰাৱাহিক হওক, সিবোৰৰ চৰিত্রাভিনেতা আৰু অভিনেত্রীসকলে অভিনয়ত বাইক বা সূকটা(ৰ্) চলাওঁতে হে’ল্মিট্ পিন্ধিব নালাগে বুলি নীতি–নির্দেশনা আছে নেকি? যদি আছে, কিয়? যদি নাই, তেন্তে (শ শ নাম দিব পাৰি, কিন্তু ঠাই আৰু প্রয়োজন নাই) অমিতাভ বচ্চন, ধর্মেন্দ্র, সলমন খাঁ, অক্ষয় কুমাৰ, ৰৱি শর্মা, যতীন বৰা, উৎপল দাস, নীলিম দত্ত আৰু সিসৱৰ পৰিচালক আৰু প্রযোজকসৱে ‘‘আম আদমী’’ গণলৈ কি বার্তা প্রেৰণ কৰি আছে? কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্র্যালয়ৰ চিন্তা–চর্চা বা কি? পাটোৱাৰীদেৱে, পৰিবহন বিভাগৰ চাহেবগণে, ৰাঃ ঘাঃ পঃ প্রাধিকৰণে আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ক’ব পাৰিবনে, – সমগ্র অসমৰ ৰাষ্ট্রীয়, ৰাজ্যিক আৰু পৌৰ পথসমূহ আৰু অন্যান্য পথসমূহত নিতৌ কিমান লাখ মনুহে পথ বিভাজকৰ সোঁ কাষেদি অর্থাৎ বে’–আইনী তথা উদণ্ডভাবে চাইকেল (বাইসিক্ল্), বাইক, সূকটা(ৰ্), ঠেলা গাড়ী, ৰিক্সা, অট’ৰিক্সা, ঈ–ৰিক্সা, বাছ, ট্রাক্, মেজিক্, কাৰ্, ডাম্পা(ৰ্), জেই সী বী আৰু টেংকা(ৰ্) চলাই আছে আৰু তাৰ ফলত কিমান মানুহৰ মৃত্যু হৈছে? উত্তৰ লাগে৷
এতিয়া অমূল্য ধন সময়ৰ কথা৷ মানি ল’লোঁ, অসমৰ বাট–পথবোৰ ঘেগেলা (কাৰ দোষত?) বাবে, উন্নত ৰাষ্ট্রীয় পথত যিমান বেগত যান–বাহন চলাব পাৰি, অসমত সিমান বেগত নোৱাৰি৷ তথাপি, অ’ৰ পৰা ত’লৈ ঘনাই গৈ থকা লোকসকলৰ নিজা নিজা একোটা হিচাপ বা অনুমান আছে৷ কিন্তু অসমত বাটৰ কাষত, গাড়ীৰ গতি বেগৰ উর্ধ্ব সীমা ৰূপে40 (কিঃ মিঃ),20, 70, 30, 80 আদি লিখি থোৱা ফলকবোৰ আছে গছৰ ডাল–পাতৰ মাজত, কাৰোবাৰ ঘৰৰ বাৰান্দাৰ কাষত, ধাবা বা হোটে’লৰ নামফলক বা বৃহৎ ব্যৱসায়ীৰ হ’র্ডিঙৰ আঁৰত বা টায়া(ৰ্) টিউব্ আদিত টাপলি মাৰি, চকাত ‘‘হাৱা’’ দি লাখ লাখ টকা ঘটা বিহাৰী ৱাল্কেইনাযাৰে আঁৰি থোৱা টায়া(ৰ্) বা টিউবৰ বৃত্তটোৰ মাজত পাটোৱাৰীদেউ, কি যে বিচিত্র এই অসম দেশ পাঠক, মাকুমৰ পৰা নগাঁওলৈ হওক বা বঙাইগাঁওৰ পৰা ডিব্রুগড়লৈ হওক সভা–সমিতিলৈ বুলি হওক বা চিকিৎসার্থে লগত ৰোগীক লৈ হওক চাকৰিত যোগ দিবলৈ হওক জোৰণলৈ কিম্বা বিয়া–সবাহলৈ বুলি হওক এই ফলকবোৰ জুমি জুমি চাই, হিচাপ–নিকাচ কৰি বাটত ক’ত কেতিয়া চাহ আৰু ক’ত কেতিয়া ভাত খাব ক’ত মৌবাইল্ ফৌনত জৰিমনাৰ বার্তা (আপোনাৰ দোষত? তাকো, একে জাঁপে দুহেজাৰ টকা লুটমাৰ) পঢ়িব লাগিব, তাৰ একো নিশ্চয়তা অহিবনে এইবোৰ পৱিত্র ৰাষ্ট্রীয় কর্তব্য পালন কৰি গৈ থাকোঁতে আপুনি আপোনাৰ গন্তব্য স্থান কেতিয়া পাবগৈ নে, উদ্দেশ্য বা কর্মৰ সময় উকলিয়েই যাব তিনি দিনৰ ঠাইত পাঁচ দিন খপিব লাগিবনেকি বাটত ক’ত ৰাতি কটাব ভাৰা গাড়ীৰ ভাৰা কেইহাজাৰ টকা বাঢ়িব, ইবোৰৰ কিবা উৱাদিহ বা ইয়ত্তা পাবনে? কি অভব্য কাণ্ড কিন্তু হ’বই ৰাজনৈতিক দলবোৰে মুখত মাটিৰ লদা ভৰাই থৈছে৷ আপোনাৰ যান–বাহনে ক’ৰবাত গতিবেগৰ সীমা ২/৩/৪ কিঃ মিঃ অতিক্রম কৰিছেনেকি, তাক ধৰা পেলাই দণ্ড জৰিমনা বিহিবলৈ, অটব্য অৰণ্যৰ মাজত আত্মগোপন কৰি চোপ লৈ আছে চৰকাৰ বাহাদুৰৰ গতিৰোধক গাড়ী ইণ্ট্(ৰ্)সে’প্ঢ(ৰ্) ঃ ছীক্রিট্ এইজ্ণ্ট্৷ জেইময্ বণ্ড্৷ হাঃ হাঃ হাঃ৷
কিন্তু আচল কথাটো যে কোনেও নকয়৷ ভাৰতৰ অর্থনীতিৰ অৱস্থা যে অতি মণ্ড, সেই কথা এতিয়া বিশ্বই জানে৷ ৬০/৬৫ টকাত দিব পৰা পে’ট্রলৰ দাম ১০০ টকা৷ আপুনি, মই ৩৫/৩৬ টকাত কিনি খোৱা এক কেই জী চাউল, হিতাধিকাৰীৰ নামত ভোটদাতা ৰূপে মকৰল হোৱাসকলৰ বাবে বিনামূলীয়া৷ অসমত এতিয়া দুটা শব্দ ব্লেসফীমাস্ ঃ ‘বাংলাদেশ’ আৰু ‘বাংলাদেশী’৷ ভৈয়াইহঁত অসমীয়াৰ বুকুৰ কুটুম কিছুমানৰ বাবে ‘‘হেন্দু’’, কিছুমানৰ বাবে মুছলমান৷ খাদ্য বস্তুৰ দাম, হৰেক বস্তুৰ দাম, পে’ট্রল–ডীয্লৰ দাম, ইণ্ট্(ৰ্)সে’প্ঢৰৰ হাতোৰা, – ইবোৰ বিনে সিবোৰ পোহে কেনেকৈ?