মঙলবাৰে ক’ভিডত পুনৰ মৃত্যু ১০জনৰ
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ মঙলবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৭৪১জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৫৩জন কামৰূপ মহানগৰ জিলাৰ৷
বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০১,৭৩০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ০.৭৩ শতাংশ৷
ইপিনে, ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ১১জন লোকৰ৷ সুস্থতাৰ হাৰ হৈছে ৯৭.৫৪ শতাংশ৷
উল্লেখ্য যে ৰাজ্যত ক্রমাৎ উন্নত হ’বলৈ আৰম্ভ কৰিছে ক’ভিড পৰিস্থিতি৷ বিগত কেইবাদিনো ধৰি ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা এহাজাৰৰ তলত৷ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে ভেকচিন প্রদান প্রক্রিয়া৷
বর্তমানলৈ ৰাজ্যত ১,১৮,৩৫,৬০১জন লোকে লাভ কৰিছে ক’ভিডৰ প্রথম ড’জ ভেকচিন৷ আনহাতে ২৫,১৯,৬১৩জন লোকে ক’ভিডৰ দুয়োপালি ভেকচিন লাভ কৰিছে৷