মই আদর্শ সলনি কৰা নাই ‘কমন এনিমী’ৰ বিৰুদ্ধে যুঁজি যাম
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী–ৰাহুল গান্ধী–কংগ্রেছ নেতৃত্বৰ প্রতি মোৰ কোনো ক্ষোভ–খং নাই৷ –এই মন্তব্য সদ্যপদত্যাগী কংগ্রেছ নেত্রী সুস্মিতা দেবৰ৷
মঙলবাৰে নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত সুস্মিতা দেবে কয় যে যোৱা ১৫ আগষ্টৰ আবেলি তেওঁ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীলৈ পদত্যাগ–পত্র প্রেৰণ কৰে৷ সোমবাৰে পুৱাৰ ভাগত দিল্লীৰ পৰা কলকাতালৈ আহি তৃণমূল কংগ্রেছৰ সাধাৰণ সম্পাদক অভিষেক বেনার্জীৰ সৈতে প্রায় ৪৫ মিনিট সময় আলোচনাত মিলিত হয় আৰু তৃণমূল কংগ্রেছত যোগদান কৰে৷ ইয়াৰ পিছতেই তেওঁ মমতা বেনার্জীক সাক্ষাৎ কৰি আশীর্বাদ লয়৷
কংগ্রেছে তেওঁক বহু সুবিধা দিয়াৰ কথা উল্লেখ কৰি কয় যে নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী, সাংসদ হোৱাৰ সুযোগ কংগ্রেছে দিছে৷ কংগ্রেছৰ প্রতি তেওঁৰ কোনো ক্ষোভ–সন্তুষ্টি নাই৷ মমতা দিদিৰ ভিজন আৰু কাম–কাজে তেওঁক তৃণমূল কংগ্রেছত যোগদানৰ বাবে অনুপ্রেৰণা যোগালে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে মমতা বেনার্জীৰ নেতৃত্বক লৈ তেওঁ যথেষ্ট আশাবাদী৷ বিবেকে কৈছে বাবেই তেওঁ তৃণমূল কংগ্রেছত যোগদান কৰিলে৷ মমতা বেনার্জীৰ ইতিহাস সকলোৰে বাবে প্রেৰণাৰ বিষয়৷
সংবাদ মেলখনত সুস্মিতা দেবে আৰু কয় যে কংগ্রেছৰে তেওঁলোকৰ পৰিয়ালৰ তিনি প্রজন্মৰ সম্পর্ক৷ সেইদৰে মমতা বেনার্জীৰ সৈতেও তেওঁলোকৰ পৰিয়ালৰ ৪০/৫০ বছৰৰ সম্পর্ক আছে৷ মমতা বেনার্জীৰে তেওঁলোকৰ পৰিয়ালৰ সম্পর্ক কেৱল ৰাজনীতিৰ ক্ষেত্রতেই নহয়, পাৰিবাৰিক সম্পর্কও আছিল৷ তেওঁৰ পিতৃ সন্তোষমোহন দেব যেতিয়া অসম আৰু ত্রিপুৰাৰ সাংসদ আছিল, তেতিয়াৰ পৰাই মমতা বেনার্জীৰে তেওঁলোকৰ সম্পর্ক গঢ় লৈ উঠে৷ সন্তোষমোহন দেব আৰু মমতা বেনার্জীৰ ৰাজনীতিৰ মাজত কোনো পার্থক্য নাই বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে কংগ্রেছৰ সৈতে তেওঁ ৩০ বছৰ কাম কৰিছে৷ এতিয়া মমতা বেনার্জীৰ লগত ৩০ৰ পৰা ৩৫ বছৰ কাম কৰিব৷ পূর্বতে তেওঁ ছোনিয়া গান্ধী–ৰাহুল গান্ধীৰ নেতৃত্বত কাম কৰিছিল৷ এতিয়া মমতা বেনার্জী–অভিষেক বেনার্জীৰ নেতৃত্বত কাম কৰিব৷ ফলাফল অনাগত দিনত প্রত্যক্ষ কৰিব৷ এই প্রসংগতে তেওঁ আৰু কয় যে তেওঁ কংগ্রেছ এৰি তৃণমূল কংগ্রেছত যোগদান কৰিছে যদিও আদর্শ সলনি কৰা নাই৷ কংগ্রেছে তেওঁলোকৰ কাম কৰিব আৰু মমতা বেনার্জীৰ নেতৃত্বত তৃণমূল কংগ্রেছে তেওঁলোকৰ কাম কৰিব৷ দুয়োটা শক্তিয়ে ‘কমন এনিমী’ৰ বিৰুদ্ধে যুঁজ দিব৷ মই ভাবোঁ, সকলোৱে মিলি সাম্প্রদায়িক শক্তি বিজেপিক ওফৰাব লাগিব৷ নতুনকৈ যোগদান কৰা তৃণমূল কংগ্রেছে তেওঁক যি দায়িত্ব দিয়ে, সেয়া অন্তৰেৰে পালন কৰাৰ লগতে কষ্ট কৰিব বুলি উল্লেখ কৰি কয় যে তেওঁ সম্পূর্ণ বিনাচর্তত তৃণমূল কংগ্রেছত যোগদান কৰিছে৷ দল, জনসাধাৰণ, সমর্থক আৰু দেশৰ প্রতি যি দায়িত্ব, সেয়া তেওঁ নিষ্ঠাৰে পালন কৰি যাব৷ মমতা বেনার্জীয়ে যদি তেওঁক অসমত কাম কৰিবলৈ কয় তেওঁ উজনি অসম, নামনি অসম সকলোতে সংগঠনৰ কাম কৰিবলৈ যাব৷ সেইদৰে ত্রিপুৰাত বিপ্লৱ দেবৰ বিৰুদ্ধে তৃণমূল কংগ্রেছে সুস্মিতা দেবক আসন্ন বিধানসভা নির্বাচনত মুখ হিচাপে লৈ নির্বাচনত অৱতীর্ণ হোৱাৰ প্রসংগত তেওঁ কয় যে এয়া স্পেচিকুলেচন৷ মমতা বেনার্জীয়ে নির্ধাৰণ কৰিব তেওঁৰ কর্মভূমি কি হ’ব৷ সংবাদ মেলখনত তেওঁ কংগ্রেছ হাইকমাণ্ডৰ লগতে প্রদেশ কংগ্রেছৰ নেতৃত্বৰ বিৰুদ্ধেও ক’বলগীয়া একো নাই বুলি স্পষ্ট কৰি দিয়ে৷