নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাদ মাহৰ পহিলা দিনটোতে আঠখেলীয়া নামঘৰত আশীষ ললে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নামঘৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ আজি পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিন। মাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত আৰম্ভ হৈছে নাম মহোৎসৱ।

আজি পুৱাতে আঠখেলীয়া নামঘৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নামঘৰত ভগৱানৰ ওচৰত সেৱা লৈ অসমবাসীৰ মংগলৰ বাবে আশীষ বিচাৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগ, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ কামাখ্যা প্ৰসাদ তাছা, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা আদি।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত এটা কাৰ্যালয় গৃহ উদ্ধোধন কৰে। লগতে নৱনিৰ্মিত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে।

ইপিনে আঠখেলীয়া নামঘৰত আশীষ লৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- “অসমৰ ভকতি ৰসৰ আধাৰ স্বৰূপ ভাদ মাহ ৷ নাম-প্রসংগৰ অমিয়া সুৰেৰে মুখৰ হোৱাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰু দুজনাৰ পৱিত্ৰ তিথিৰে উজ্জীৱিত মাহটিৰ পহিলা দিনটোতে অসমবাসীৰ সুখ-শান্তিৰ বাবে বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰাণকেন্দ্ৰ গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ পৰিদৰ্শন কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ ভক্তিপূৰ্ণ পৰিৱেশত উপস্থিত হ’বলৈ পাই অভিভূত হোৱাৰ লগতে নিজকে ধন্য মানিছোঁ।”

You might also like