নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰান ছাহাৰা ৰান কাবুলৰ ৰাজপথত চলচ্চিত্রকাৰ কৰিমিৰ দৌৰ

তালিবান অহাৰ লগে লগে বাঢ়িছে বোর্খাৰ বিক্রী

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ  ৰান ছাহাৰা ৰান…৷ ছাহাৰা মৰুভূমিত দৌৰৰ জনপ্রিয় গীত নহয়৷ কাবুলৰ ৰাজপথত তালিবানৰ আতংকত দৌৰিছে চলচ্চিত্র পৰিচালিকা ছাহাৰা কৰিমিয়ে৷ বেংকৰ পৰা ওলাই ৰাজপথত থিয় হোৱাৰ পিছতে ছাহাৰাই দেখিছে হাতত মাৰণাস্ত্র লৈ খোলা জীপত উঠি আহিছে এদল তালিবান যোদ্ধা৷ মহিলাসকলে দৌৰিছে৷ কোনোফালে কাৰো চোৱাৰ সময় নাই৷ তালিবান মানেই মহিলাৰ ঘাতক৷ চলচ্চিত্র পৰিচালিকা হিচাপে ছাহাৰাৰ প্রতি আফগানিস্তানৰ সাধাৰণ জনতাৰ আছে যথেষ্ট মৰম–শ্রদ্ধা৷ কিন্তু তালিবান হৈছে সংস্কৃতিৰ শত্রু৷

এটা সময়ত ছাহাৰা অকলশৰীয়া হৈ পৰে ৰাজপথত৷ নিজেও দৌৰিছে তালিবানৰ হাতৰ পৰা ৰক্ষা পৰিবলৈ৷ সেই দৃশ্যকে নিজৰ ম’বাইল কেমেৰাৰে ছাহাৰাই বন্দী কৰি ছ’চিয়েল মিডিয়াত মুকলি কৰিছে৷ লগে লগে ই হৈ পৰিছে ভাইৰেল৷ অকল সেয়াই নহয়, তালিবানে কাবুল দখল কৰাৰ পিছতে ৰাজধানী চহৰখনৰ ৰাজপথ ক্রমাৎ মহিলাশূন্য হৈ পৰিছে৷ আনফালে বিক্রী বাঢ়িছে বোর্খাৰ৷ তালিবানৰ অতীতৰ অপশাসনৰ বাবেই আটাইতকৈ আতংকত ভুগিছে মহিলাসকল৷ তাৰ পৰা ৰক্ষা পৰা নাই ছাহাৰা কৰিমিৰ দৰে চলচ্চিত্রকাৰসকলো৷

You might also like