পাক তালিবানৰ শক্তি বৃদ্ধি আফগানিস্তানত
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ আফগানিস্তানত তালিবানে পুনৰ ক্ষমতা দখল কৰাৰ পিছত দেশখনৰ প্রতিখন চহৰতে এতিয়া গুৰুত্বপূর্ণ অঞ্চলসমূহত চোকা নজৰ দি আছে তালিবান যোদ্ধাই৷ বজাৰ–হাট বন্ধ৷ জনশূন্য পথত ঘূৰি ফুৰিছে তালিবান যোদ্ধা৷ তালিবানৰ এই দ্রুত উত্থানৰ ক্ষেত্রত পাকিস্তানৰ যথেষ্ট অৰিহণা থকা বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে আফগানিস্তানৰ ৰাজনীতিত এই দ্রুত পট পৰিৱর্তনৰ ফলত মুহূর্তৰ ভিতৰতে দক্ষিণ–পশ্চিম এছিয়াত শক্তিশালী হৈ পৰিছে ইছলামাবাদৰ হাত৷ কূটনৈতিক শিবিৰৰ মতে পাক সামৰিক বাহিনী আৰু চোৰাংচোৱা সংস্থা আই এছ আইৰ প্রত্যক্ষ সহায়–সহযোগিতা লাভ কৰি অহা পাক তালিবানৰ নিয়ন্ত্রণ শক্তিশালী হৈ উঠিব আফগানিস্তানত৷ ইছলামাবাদৰ ষড়যন্ত্র ভাৰতৰ বিৰুদ্ধে অধিক গভীৰ হ’ব বুলি ধাৰণা কৰিছে নিৰাপত্তা বিশেষজ্ঞসকলে৷
গতিকে আফগানিস্তানৰ ৰাজনৈতিক পট পৰিৱর্তনক লৈ স্বাভাৱিকতেই উদ্বিগ্ণ নতুন দিল্লী৷ লক্ষণীয়ভাৱে এই বিষয়টোক লৈ কালি সন্ধিয়া মন্ত্রী পৰিষদৰ নিৰাপত্তা সন্দর্ভত থকা সংশ্লিষ্ট কমিটীৰ এক বৈঠকত শীর্ষ মন্ত্রীসকলৰ সৈতে আলোচনাত অংশগ্রহণ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আফগানিস্তানৰ পৰিস্থিতিক লৈ প্রধানমন্ত্রী মোদীয়ে উদ্বেগ প্রকাশ কৰা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ আফগানিস্তানত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক নিৰাপদে ওভতাই অনাৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা ক্ষিপ্রতৰ কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে জ্যেষ্ঠ মন্ত্রীসকলক আহ্বান জনায় বৈঠকত৷ বৈঠকত উপস্থিত থাকে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, বিদেশ মন্ত্রী এছ জয়শংকৰ, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল প্রমুখ্যে শীর্ষ বিষয়ববীয়াসকল৷ লক্ষণীয়ভাৱে আফগানিস্তানৰ পৰা শেহতীয়াকৈ ওভতাই অনা দেশখনত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত ৰুদ্রেন্দ্র তেণ্ডনে আফগানিস্তানৰ পৰিস্থিতি সন্দর্ভত বৈঠকত সবিশেষ তথ্য সদৰী কৰে৷