কলগাছিয়াৰ বামুনটাৰীত আন্তঃ জিলা যাতায়তক কেন্দ্ৰ কৰি ড্ৰাইভাৰ, হেণ্ডিমেন, সহায়কৰ মাজত উত্তেজনা
বালিকুৰী আৰক্ষীয়ে ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে অহা বাছ যাব দিয়াত উত্তেজনা
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ কলগাছিয়াৰ বামুনটাৰীত আন্তঃ জিলা যাতায়তক কেন্দ্ৰ কৰি বাছ চালক সকলৰ মাজত তীব্ৰ উত্তেজনাই দেখা দিছে । আন্তঃ জিলা যাতায়ত একাংশ বাছ বন্ধ ৰাখিছে যদিও আন কিছুমান দুৰনীবটীয়া বাছ গাড়ী চলা চল কৰিবলৈ দিয়াত কলগাছিয়াৰ বামুনটাৰীত ঘৰতে বহি থকা ড্ৰাইভাৰ, হেণ্ডিমেন সকলে চৰকাৰৰ এই দুমুখীয়া নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।
গুৱাহাটীৰ পৰা ধুবুৰীলৈ যোৱা বাছ গাড়ীত একাংশ চালক হেণ্ডিমেনে বাধা আৰোপ কৰাত দুয়ো পক্ষৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে। ইফালে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াই গাড়ী সমুহ যাবলৈ দিয়া দেখা গৈছে , ফলত আৰক্ষী আৰু বাছ গাড়ীৰ শ্ৰমিক পক্ষৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। আনহাতে লকডাউনৰ সময়ছোৱাত বহু বাছৰ কৰ্মচাৰীৰ পৰিয়াল অনাহাৰে থাকিব লগীয়া হৈছে। মাস্ক পৰিধান নকৰাৰ হুংকাৰ শ্ৰমিক সকলোৰ। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছে ভূক্তভোগী সকলে ।