নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ বছৰ অনূর্ধ্ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ; ৰূপ জিনি ইতিহাস ৰচিলে অমিতে

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: ভাৰতৰ প্রতিভাৱান এথলীট অমিত খত্রীয়ে ২০ বছৰ অনূর্ধ্ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ১০ হাজাৰ মিটাৰ ৰেচ ৱাক ইভেণ্টত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে৷ নাইৰোবিত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ শনিবাৰে অনুষ্ঠিত দহ হাজাৰ মিটাৰ ৰেচ ৱাক ইভেণ্টত ভাৰতৰ অমিতে ৪২ মিনিট ১৭.৯৪ ছেকেণ্ডেৰে দ্বিতীয় স্থান অধিকাৰ কৰি ৰূপৰ পদকটো দখল কৰিবলৈ সক্ষম হয়৷

মন কৰিবলগীয়া যে ২০ বছৰ অনূর্ধ্ব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ৰেচ ৱাক ইভেণ্টত প্রথমবাৰৰ বাবে ভাৰতীয় খেলুৱৈয়ে পদক জয় কৰিবলৈ সক্ষম হয়৷ ১৭ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে প্রথম অৱস্থাত সুন্দৰ প্রদর্শন আগবঢ়াই স্বর্ণ পদকৰ দিশে আগবাঢ়িছিল যদিও অন্তিম দুটা চৰনত কেনিয়াৰ প্রতিদ্বন্দ্বীগৰাকীয়ে অমিতক অতিক্রম কৰে৷

ভাৰতীয় এথলীট গৰাকীয়ে অন্তিম লেপত পানী খোৱাৰ বাবে ট্রেকৰ পৰা বাহিৰ হয় আৰু ফলত অমিতে স্বর্ণ পদক জয়ৰ পৰা বঞ্চিত হয়৷ অমিতে পানী খোৱাৰ বাবে লোৱা বিশ্রামৰ সুযোগ গ্রহণ কৰি কেনিয়াৰ প্রতিদ্বন্দ্বীগৰাকীয়ে ইভেণ্টটোত শ্রেষ্ঠত্ব প্রতিপন্ন কৰে৷ এই শাখাত কেনিয়াৰ ৱানয়’নয়িয়ে ৪২ মিনিট ১০.৮৪ ছেকেণ্ডেৰে প্রথম স্থান অধিকাৰ কৰি স্বর্ণপদক লাভ কৰাৰ বিপৰীতে স্পেইনৰ পল মেকগ্রাথে ৪২ মিনিট ২৬.১১ ছেকেণ্ডেৰে তৃতীয় স্থান অধিকাৰ কৰি ব্রঞ্জৰ পদক লাভ কৰে৷

মন কৰিবলগীয়া যে চলিত চেম্পিয়নশ্বিপখনত ভাৰতৰ এইটো আছিল দ্বিতীয়টো পদক৷ ইয়াৰ পূর্বে বুধবাৰে অনুষ্ঠিত ×৪০০ মিটাৰ মিক্সড ৰীলে দৌৰত ভাৰতীয় দলটোৱে ব্রঞ্জৰ পদক অর্জন কৰিছে৷ ভৰত শ্রীধৰ, প্রিয়া মোহন, ছামী আৰু কপিলৰ দ্বাৰা গঠিত ভাৰতীয় দলটোৱে ৩ মিনিট ২০.৬০ ছেকেণ্ডেৰে তৃতীয় স্থান অধিকাৰ কৰিছিল৷

You might also like