কাবুলত শতাধিক ভাৰতীয়ক অপহৰণ তালিবানৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: তালিবানৰ দখলত থকা আফগানিস্তানৰ পৰিস্থিতি বিপজ্জনক হৈ থকাৰ মাজতেই শনিবাৰে কাবুল বিমানবন্দৰগামী ১৫০তকৈ অধিক ভাৰতীয় লোকক তালিবানে অপহৰণ কৰাক লৈ চাঞ্চল্য সৃষ্টি হৈছে৷ যুদ্ধবিধ্বস্ত দেশখনৰ পৰা ভাৰতীয় নাগৰিকক বায়ুসেনা বাহিনীৰ বিমানেৰে স্বদেশলৈ ওভতাই অনাৰ অভিযান চলি থাকোঁতেই যোৱানিশা তালিবান সন্ত্রাসবাদীয়ে বিমানবন্দৰগামী ডেৰ শতাধিক ভাৰতীয়ক অপহৰণ কৰি অজ্ঞাত স্থানলৈ লৈ যায়৷ নৃশংস চুন্নী ইছলামিক নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানৰ সদস্যই ভাৰতীয় লোককেইজনক অজ্ঞাত স্থানলৈ নি বিভিন্ন ধৰণে সোধা–পোছা কৰে৷
দেশখনৰ স্থানীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি অপহূত ভাৰতীয় লোককেইজনক ভিছাকে ধৰি বিভিন্ন তথ্য তন্ন তন্নকৈ পৰীক্ষা–নিৰীক্ষা কৰাৰ অন্তত তালিবানে পিছলৈ মুকলি কৰি দিয়ে৷ তথ্য মতে বর্তমান তালিবানৰ পৰা মুক্ত ভাৰতীয় লোকসকল কাবুলস্থিত হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰত স্বদেশলৈ উভতি অহাৰ বাবে বাহৰ পাতি আছে৷ কাবুল বিমানবন্দৰৰ ভিতৰত বাহৰ পাতি থকা ভাৰতীয় লোককেইজনক তালিবান সন্ত্রাসবাদীয়ে শাৰীৰিকভাৱে প্রহাৰ কৰা ঘটনা পোহৰলৈ অহা নাই যদিও সোধা–পোছাৰ সময়ত মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কাবুলৰ একাংশ স্থানীয় সংবাদ মাধ্যমে ১৫০তকৈ অধিক ভাৰতীয়ক তালিবানে অপহৰণ কৰা বুলি বাতৰি প্রচাৰ হ’লেও এই বাতৰি অস্বীকাৰ কৰিছে তালিবানে৷
নিউয়র্ক টাইমছৰ কাবুলস্থিত সাংবাদিক ছাৰিফ হাছানে ভাৰতীয় লোকক তালিবানে অপহৰণ কৰাৰ বাতৰি অস্বীকাৰ কৰা বুলি টুইটযোগে প্রকাশ কৰিছে৷ তালিবানৰ অন্যতম মুখপাত্র আহমাদুল্লাহ ৱাছেকে তালিবানে ভাৰতীয় লোকক অপহৰণ কৰা নাই বুলি প্রকাশ কৰিছে৷ ইপিনে, ভাৰত চৰকাৰৰ শীর্ষ বিষয়া এগৰাকীয়ে তালিবানৰ দ্বাৰা ডেৰ শতাধিক ভাৰতীয়ক অপহৰণৰ বাতৰি ভুৱা বুলি প্রকাশ কৰিছে৷ দেশখনত সকলো ভাৰতীয় সুৰক্ষিত হৈ আছে বুলি প্রকাশ কৰি সেই লোকসকলক শীঘ্রেই স্বদেশলৈ ওভতাই অনা হ’ব বুলি শীর্ষ বিষয়াজনে অৱগত কৰিছে৷ মন কৰিবলগীয়া যে কাবুল বিমানবন্দৰৰ প্রৱেশদ্বাৰৰ সন্মুখত তালিবান সন্ত্রাসবাদীয়ে নিৰীক্ষণ চকী স্থাপন কৰি দেশ এৰিব বিচৰা বিদেশী নাগৰিকসকলৰ তথ্যপাতি পৰীক্ষা কৰি আছে৷
ভাৰতীয় লোকক অপহৰণ সন্দর্ভত এনে ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ সম্ভাৱনাই বেছি৷ কিয়নো বিমানবন্দৰৰ বাহিৰত স্বদেশলৈ ওভতি অহাৰ বাবে অপেক্ষা কৰি থকা ভাৰতীয় নাগৰিকসকলক ওচৰৰ আৰক্ষী থানালৈ সোধা–পোছাৰ বাবে নিয়া হয় আৰু তাতেই ভ্রমণ সম্পর্কীয় নথি–পত্র পৰীক্ষা কৰে৷ ইয়াৰ পাছতেই স্থানীয় সংবাদ মাধ্যমে ভাৰতীয় লোকসকলক তালিবানে অপহৰণ কৰা বুলি বাতৰি প্রচাৰ কৰে৷