নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ সকলো বাসিন্দাক ২৫–৩১ আগষ্টৰ ভিতৰত দিব ভেকচিন

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: ৰাজ্যখনত ক’ভিডৰ সংক্রমণ কমি আহিছে যদিও কামৰূপ মেট্র’ জিলাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ ইয়াৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিভাগে কামৰূপ মেট্র’ জিলাত অহা ২৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত প্রতিগৰাকী লোককে ভেকচিন প্রদানৰ বাবে বিশেষ কার্যসূচী গ্রহণ কৰিছে৷

গুৱাহাটীৰ ৰাষ্ট্রীয় অভিযান, অসমৰ কার্যালয়ত শনিবাৰে আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে যোৱা কিছুদিনৰ ভিতৰত ৰাজ্যখনত ক’ভিডৰ সংক্রমণ কিছু হ্রাস পাইছে৷ কালিৰ দিনটোত ৰাজ্যখনত ৭০৮গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ ইয়াৰে কামৰূপ মেট্র’ জিলাত ১৬৪গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ সেইদৰে লখিমপুৰ জিলাত ৪২, নলবাৰীত ৩৯, বাক্সাত ৬, বঙাইগাঁৱত ৫, হাইলাকান্দিত ৩, ওদালগুৰিত ৩, পশ্চিম কার্বি আংলঙত ৩জন লোক আক্রান্ত হয়৷ দক্ষিণ শালমাৰা জিলাত কালিৰ দিনটোত এজনো পজিটিভ ৰোগী ওলোৱা নাই৷ কামৰূপ মেট্র’ জিলাত কালিৰ দিনটোত আক্রান্ত হোৱা ১৬৪ৰ সংখ্যা কম নহয়৷ ইয়াকে লৈ স্বাস্থ্য বিভাগ চিন্তিত৷

সেয়ে স্বাস্থ্য বিভাগে প্রশাসনৰ সহযোগত জিলাখনত থকা প্রতিটো ভোটকেন্দ্রত এতিয়ালৈ ভেকচিন নোলোৱা লোকসকলক ভেকচিন প্রদানৰ বিশেষ কার্যসূচী গ্রহণ কৰিছে৷ ইয়াৰ বাবে প্রতিটো ভোটকেন্দ্রত একোজনকৈ মুঠ ১,২০৪জন ব্লক লেভেল বিষয়া নিয়োগ কৰা হৈছে৷ কালি দুটা পর্যায়ত এই ব্লক লেভেল বিষয়াসকলক প্রশিক্ষণ দিয়া হৈছে৷ আজি তেওঁলোক দায়িত্বপ্রাপ্ত ভোটগ্রহণ কেন্দ্রসমূহলৈ যাব৷ গাঁও অঞ্চলত গাঁওবুঢ়া আৰু আশাকর্মীয়ে তেওঁলোকক সহযোগ আগবঢ়াব৷ চহৰ অঞ্চলত আশাকর্মী আৰু নাগৰিক সমিতিয়ে সহযোগ আগবঢ়াব৷ অহা ২১ আগষ্টৰ পৰা ২৩ আগষ্টৰ ভিতৰত সংশ্লিষ্ট ভোটকেন্দ্রৰ ভোটাৰ তালিকা ভিত্তিত প্রতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ ভেকচিন গ্রহণ নকৰা লোকৰ তথ্য আহৰণৰ লগতে তেওঁলোকৰ ফোন নম্বৰো সংগ্রহ কৰিব৷ অহা ২৪ আগষ্টৰ ভিতৰত এই সম্পর্কীয় তথ্য সংগ্রহৰ পাছত ২৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত সেইসকল লোকক ভেকচিন প্রদান অভিযান সমাপ্ত কৰিব৷ এই অভিযানৰ দায়িত্ব দিয়া হৈছে কামৰূপ মেট্র’ৰ উপায়ুক্তক৷ এই সম্পর্কত তেওঁ কয় যে কামৰূপ মেট্র’ জিলাত জনসংখ্যা ১৫ লাখ৷ ইয়াৰে ১৪,১০,৫২৬গৰাকীক ইতিমধ্যে ভেকচিন প্রদান কৰা হৈছে৷ ১০.৫১ লাখ লোকে প্রথম ড’জ আৰু ৩.৫৮ লাখ লোকে দুয়োটা ড’জ লাভ কৰিছে৷

ৱশ্যে গুৱাহাটী মহানগৰীত বিভিন্ন কাৰণত বসবাস কৰা লোকৰ সংখ্যা আৰু দুই–তিনি লাখ বৃদ্ধি হ’ব পাৰে৷ তাৰ বাবেই মুখ্যমন্ত্রীৰ নির্দেশত এই পৰিকল্পনা গ্রহণ কৰা হৈছে৷ সংবাদ মেলখনত স্বাস্থ্যমন্ত্রী মহন্তই আৰু কয় যে কামৰূপ মেট্র’ জিলাত ভেকচিনৰ বাবে ৮৯২৯১০৩৭৬ নম্বৰৰ ফোন নম্বৰ এটা মুকলি কৰা হৈছে৷ উক্ত নম্বৰত মিছকল দিলেই স্বাস্থ্য বিভাগে তেওঁলোকৰ সৈতে যোগাযোগ কৰি কোন কেন্দ্রলৈ ভেকচিন গ্রহণৰ বাবে আহিব লাগিব, সেই বিষয়ে জনাই দিব৷ কালি সেই ফোন নম্বৰটো মুকলি কৰাৰ পাছতেই আজি পুৱালৈকে ২৫০টা মিছকল লাভ কৰাৰ বিষয়ে জানিবলৈ দি মন্ত্রী মহন্তই কয় যে তেওঁলোকক কাইলৈৰ পৰা ভেকচিন দিয়া হ’ব৷ স্বাস্থ্য বিভাগৰ এই অভিযানত কামৰূপ মেট্র’বাসী ৰাইজক সহযোগ কৰাৰ আহ্বান জনাই তেওঁ কয় যে এখন জিলাৰ কিছু অনিয়মৰ বাবে ৰাজ্যখনক ক্ষতিগ্রস্ত হ’বলৈ দিব নোৱাৰি৷ এইক্ষেত্রত তেওঁ ৰাইজক হাতযোৰ কৰি সবিনয়ে অনুৰোধ জনাই নিজৰ লগতে ৰাজ্যখনৰ স্বার্থত চৰকাৰৰ এই অভিযানত সহযোগিতা আগবঢ়াবলৈ কয়৷ এই প্রসংগতে তেওঁ বর্তমান বাহাল থকা ক’ভিড সম্পর্কীয় নীতি–নিয়ম শিথিল কৰিব লাগিলে ৰাজ্যত ক’ভিডৰ সংক্রমণ ৫০০তকৈ তলত আৰু গুৱাহাটীত ১০০তকৈ তলত হ’ব লাগিব৷

অসমত ভেকচিন পর্যাপ্ত ৰূপত আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজিও ৬ লাখ ভেকচিন জমা আছে৷ দ্বিতীয় ড’জ ভেকচিন লোৱাৰ বাবে সংশ্লিষ্টসকলক এছ এম এছযোগে জনাই থকা হৈছে৷ কামৰূপ মেট্র’ জিলাৰ দোকান, বজাৰ, মলসমূহৰ ব্যৱসায়ী–কর্মচাৰীস্ ক’ভিড ভেকচিন লোৱাৰ চার্টিফিকেট সকলোৱে দেখাকৈ ঁৰাৰ ব্যৱস্থা কৰাৰ লগতে মাস্ক পৰিধানৰ নির্দেশ দিয়ে৷ সেইদৰে কিশোৰ–কিশোৰীক ভেকচিন প্রদানৰ প্রসংগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে এই বিষয়ে স্বাস্থ্য বিভাগে আলোচনা কৰিব৷ মুখ্যমন্ত্রী পর্যায়তো আলোচনা কৰি এসপ্তাহৰ ভিতৰত এই বিষয়ে ভাল খবৰ আহিব বুলি তেওঁ আশা প্রকাশ কৰে৷ আনহাতে ৰাইজে চিনেমাগৃহ খোলাৰ বাবে আবেদন কৰি আহিছে যদিও সন্ধিয়া ৬–৭ বজাৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ হৈ আছে বাবেই চিনেমাগৃহ খুলিব পৰা হোৱা নাই৷ দল–সংগঠন আদিক সভা–সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত ক’ভিড প্রট’কল মানি চলাৰ বাবে তেওঁ আহ্বান জনায়৷ ইপিনে আন্তঃজিলা যাতায়াত বন্ধৰ বাবে যাত্রীবাহী বাছৰ চলাচল হোৱা নাই যদিও ৰে’লত পাণ জপা দি যাত্রী কঢ়িওৱাৰ প্রসংগত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ৰে’ল ৰাজ্য চৰকাৰৰ হাতত থকা বিষয় নহয়৷ এইক্ষেত্রত নাগৰিকে নিজে সচেতন হোৱা উচিত৷

You might also like