নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাখীৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ, বায়েকক সুস্থ কৰিবলৈ নিজৰ বৃক্ক দান কৰিলে এজন ভাতৃয়ে

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সদায়ে অন্যন্য। যি সম্পৰ্কত যেনেদৰে আছে শাসন, ঠিক তেনেদৰে আছে নিস্বাৰ্থ প্ৰেমৰ বন্ধন। আজি পৱিত্ৰ ৰক্ষা বন্ধন। ৰাখীবন্ধন হৈছে বায়েক, ভনীয়েকৰ সৈতে ভায়েক আৰু ককায়েকৰ মধুৰ সম্পৰ্ক উদযাপন কৰি পতা এটা হিন্দু উৎসৱ৷ এইদিনা ভনীয়েক বা বায়েকে ভায়েক আৰু ককায়েকৰ হাতৰ বন্ধনীত ৰাক্ষী বান্ধি তেওঁলোকৰ সুৰক্ষা কামনা কৰে আৰু ককায়েক ভায়েকেও বায়েক, ভনীয়েকক সকলো সময়তে নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷

আজিৰ এই বিশেষ দিনটোতে এজন ভাতৃৰ নিজ ভগ্নীৰ প্ৰতি থকা দায়িত্ব পালনৰ ব্যতিক্ৰমী কাহিনী শুনিলে আপোনালোকৰো মন সেমেকাই তুলিব।

হাৰিয়ানাৰ ৰোহতকৰ এগৰাকী ৩১ বছৰীয়া যুৱতী যোৱা পাঁচ বছৰ ধৰি উচ্চ ৰক্তচাপত ভুগি আছে। প্ৰথমতে কোনেও ৰোগটো গুৰুত্ব সহকাৰে লোৱা নাছিল। কিন্তু এসময়ত তেওঁ প্ৰায় শয্যাশায়ী হৈ পৰিছিল। চিকিৎসকৰ কাষ চপাত বিভিন্ন পৰীক্ষাৰ পিছত, দেখা যায় যে প্ৰকৃত সমস্যাটো বৃক্কত লুকাই আছে। কিয়নো তেতিয়ালৈকে যুৱতীগৰাকীৰ বিকল হৈ পৰিছিল বৃক্ক (Kidney)। চিকিৎসকসকলে কৈছিল যে তেওঁৰ হাঁওফাঁওৰ ক্ৰমশ বিকল হ’বলৈ আৰম্ভ হৈছিল। আনকি হৃদযন্ত্ৰৰ সমস্যাও দেখা দিছিল।

অৱশেষত চিকিৎসকসকলে যুৱতীগৰাকীৰ বৃক্ক সংৰোপণ কৰাৰ সিদ্ধান্ত লৈছিল। যুৱতীগৰাকীৰ স্বামীয়ে তেওঁৰ পত্নীক তেওঁৰ বৃক্কৰ দ্বাৰা আৰোগ্য কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও তেওঁৰ তেজৰ গ্ৰুপ যুৱতীগৰাকীৰ সৈতে মিলা নাছিল। ফলস্বৰূপে, স্বামীয়ে তেওঁক বৃক্ক দিয়াটো সম্ভৱ নহল। বহুতো পৰীক্ষা-নিৰীক্ষাৰ পিছত দেখা গৈছিল যে যুৱতীগৰাকীৰ তেজৰ গ্ৰুপটো তেওঁৰ ভায়েকৰ সৈতে মিলিছিল। পাছত ভায়েকেই নিজ বায়েকক এটা বৃক্ক দিছিল।

You might also like