চতলাত বেকী নৈ’ত বিলীন শ শ পৰিয়াল
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বাঘবৰ বিধান সভা সমষ্টিৰ চতলা গাঁও পঞ্চায়তৰ গোবিন্দপুৰ আৰু পাহাৰতলী গাঁৱত ভূতৰ ওপৰত দানহ পৰা দি বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত ইতিমধ্যে নিজৰ ঘৰ-বাৰী,ভেটি-মাটি সৰ্বস্ব হেৰুৱাই দিশাহাৰা হৈ পৰিছে শতাধিক পৰিয়াল।
ইতিমধ্যে শ,শ পৰিয়াল অনুষ্ঠান-প্ৰতিষ্ঠান নদীৰ কৱলত উছন হৈছে। যোৱা কেইদিনত তীব্ৰ খহনীয়াত গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়,মক্তব,মাদ্ৰাছা, কৃষি ভূমি সম্পূৰ্ণ ভাবে জাহ গৈছে নদীৰ বুকুত। কিন্তু দুৰ্ভগীয়া পৰিয়ালৰ খবৰ লবলৈ আহৰি নাই অসম চৰকাৰ, জল-সম্পদ বিভাগ তথা সাংসদ, বিধায়ক আৰু স্হানীয় জনপ্ৰতিনিধিৰ যাৰ বাবে ক্ষোভিত হৈ স্থানীয় ৰাইজে।
অসম চৰকাৰ হায় হায়,আব্দুল খালেক হায় হায়,শ্বেৰমান আলী হায় হায়, আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। গৰু আৰু গাহৰিক সুৰক্ষা দিয়াৰ আগতে খহনীয়াগ্ৰস্ত পৰিয়ালক সুৰক্ষা দাবী জনোৱাৰ লগতে চৰকাৰ আৰু জিলা প্রশাসনক অতি শীঘ্রেই বিজ্ঞান সন্মত ভাৱে নদীৰ বান্ধ দি গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ দাবী জনায় বৰপেটা জিলা কমিটিৰ অসম সংখ্যালঘু সংগ্রাম পৰিষদে।