নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত দুদিনীয়া কার্যসূচীৰে উপায়ুক্ত সন্মিলনঃ কার্বি পাহাৰৰ পৰা নিৰূপিত হ’ব আগন্তুক এটা বছৰৰ ৰাজ্যৰ উন্নয়ন

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: পাহাৰীয়া জিলা কার্বি আংলঙলৈ দুদিনৰ বাবে উঠি গ’ল ৰাজ্য চৰকাৰৰ সমস্ত প্রশাসন৷ দেওবাৰৰে পৰা দুদিনীয়া কার্যসূচীৰে ডিফুত আয়োজন কৰা উপায়ুক্ত সন্মিলনৰ পৰিপ্রেক্ষিততেই মুখ্য সচিব, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধানকে ধৰি সমগ্র প্রশাসন এতিয়া ব্যস্ত হৈ পৰিছে পাহাৰীয়া জিলাখনত৷ একপ্রকাৰ মিনি দিছপুৰত পৰিণত হ’ল ডিফু চহৰ৷ ডিফুৰ আৰব’ৰেটাম কাম ক্রাফ্ট চেণ্টাৰত বিশেষভাৱে প্রস্তুত কৰি উলিওৱা সন্মিলনস্থলীত দেওবাৰে পুৱাৰে পৰা ৰাজ্যখনৰ শীর্ষ আমোলাসকলৰ উপস্থিতিৰে মুখৰ হৈ পৰে৷ দিনৰ প্রায় ১১ বজাত হেলিকপ্টাৰেৰে ডিফুত উপস্থিত হৈ সন্মিলনত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিয়লি প্রায় ৪.৩০ বজালৈকে অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলনৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কাজিৰঙাত জিলা আৰক্ষী অধীক্ষক পর্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছত এইবাৰ প্রথমবাৰৰ বাবে ডিফুত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত কৰা হৈছে৷

পৰৱর্তী সময়ত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ অংশগ্রহণেৰে পুনৰ আন এখন সন্মিলন অনুষ্ঠিত কৰা হ’ব৷ প্রতি ৬ মাহত ৩খনকৈ তেনেধৰণৰ সন্মিলন অনুষ্ঠিত কৰা হ’ব৷ জিলা প্রশাসন আৰু স্থানীয় প্রশাসনৰ সৈতে সম্পর্ক স্থাপনৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ আজি নিশা পর্যন্ত ডিফুত থাকি অসমৰ উন্নয়নমূলক আঁচনি সম্পর্কে সন্মিলনত আলোচনা কৰিব৷

দিল্লীৰ পৰা জল জীৱন মিছনৰ মিছন সঞ্চালক কালি সন্মিলনখনত উপস্থিত থাকি প্রেজেণ্টেচন আগবঢ়োৱাৰ বিষয়ে জানিবলৈ দিয়ে৷ তেওঁ আৰু কয় যে অহা বছৰ ১০ মে’ত বর্তমানৰ চৰকাৰখনৰ এটা বছৰ সম্পূর্ণ হ’ব৷ এই এটা বছৰত চৰকাৰখনে কি কি কাম কৰিব, সেই বিষয়ে উপায়ুক্তসকলক এই বৈঠকতেই লক্ষ্য বান্ধি দিয়া হ’ব৷ তাৰ বাবেই দেওবাৰৰে পৰা দুদিনীয়া কার্যসূচীৰে উপায়ুক্ত সন্মিলন আয়োজন কৰা হৈছে৷

আনহাতে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ চাকৰি জীৱন ৩৩ বছৰ হ’ল৷ যোৱা সময়ছোৱাত দুদিনীয়া কার্যসূচীৰে উপায়ুক্তসকলক লৈ সন্মিলন অনুষ্ঠিত হোৱা নাই৷ আগেয়ে নির্বাচনৰ আগে আগে গুৱাহাটীত উপায়ুক্তসকলক লৈ নির্দিষ্ট বিষয় সম্পর্কত বৈঠক অনুষ্ঠিত কৰা হৈছিল৷ কিন্তু এইবাৰৰ দৰে বৃহৎ পৰিসৰত সন্মিলন অনুষ্ঠিত কৰা নাই৷ এই উপায়ুক্ত সন্মিলনত প্রতিখন জিলাৰ উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব, প্রধান সচিব, আনকি নতুনকৈ আই এ এছ লাভ কৰি সহকাৰী আয়ুক্ত ৰূপে যোগদান কৰাসকলকো বৈঠকলৈ আমন্ত্রণ কৰা হৈছে৷

প্রশাসনীয় সংস্কাৰক লৈ আয়োজন কৰা এই বৈঠকত বর্তমানৰ ৰাজ্য চৰকাৰখনে যোৱা তিনিটা মাহত কেবিনেটত যিবোৰ সিদ্ধান্ত গ্রহণ কৰিলে, সেই বিষয়ে উপায়ুক্তসকলক অৱগত কৰোৱা হ’ব৷ কেবিনেটৰ সিদ্ধান্তবোৰ ৰূপায়ণত ক্ষেত্রভিত্তিক পর্যায়ত কামৰ গতি যাতে খৰতকীয়া কৰিব পাৰে, তাৰ বাবেই এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷ নতুনকৈ আই এ এছ লাভ কৰি সহকাৰী আয়ুক্ত হিচাপে নিযুক্তিপ্রাপ্তসকলেও কাম–কাজ কিদৰে ক্ষেত্রভিত্তিক ৰূপায়ণ কৰিব, সেই বিষয়ে যাতে শিকিব পাৰে, তাৰ বাবেই তেওঁলোককো এই বৈঠকলৈ আমন্ত্রণ কৰা হৈছে৷ সেইদৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে উপায়ুক্ত সন্মিলন মুখ্যমন্ত্রী ড০ শর্মাই বহুত সৃজনিশীলভাৱে আয়োজন কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে উপায়ুক্তসকলৰ লগতে বিভিন্ন বিভাগৰ প্রধান সচিবসকলকো বৈঠকলৈ আমন্ত্রণ কৰি মূলতঃ প্রশাসনত সু–সমন্বয় গঢ়াৰ ব্যৱস্থা কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই কামত সমুখৰ পৰা নেতৃত্ব দিছে৷ এই সন্মিলনৰ ফলত সঁচা অর্থত টীম অসম গঢ় লৈ উঠিব৷

এই উপায়ুক্ত সন্মিলনখনত মন্ত্রী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, অজন্তা নেওগ, চন্দ্রমোহন পাটোৱাৰী, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, অশোক সিংঘল, যোগেন মহন, বিমল বৰা, কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেনছিং বে’, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ উপস্থিত থাকে৷ সেইদৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, বি টি আৰৰ প্রধান সচিবকে ধৰি ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, প্রধান সচিবসকলেও অংশগ্রহণ কৰে৷ সন্মিলনখনত অংশগ্রহণৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই ডিফুৰ মাটিপুঙত উদ্ভিদ উদ্যান তথা কাৰু শিল্প কেন্দ্র উদ্বোধন কৰাৰ লগতে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালকৰ নৱনির্মিত ভৱনটোও উদ্বোধন কৰে৷

You might also like