ধিঙৰ ১নং কান্ধুলীমাৰীত ভূ–মাফিয়াৰ তাণ্ডৱঃ খেতিপথাৰত কাম কৰি থাকোঁতে পিষ্টল–যাঠীৰে আক্রমণ
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: নগাঁও জিলাৰ ধিঙৰ ১নং কান্ধুলীমাৰীত দেওবাৰে এক মাৰপিটৰ লগতে গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ পথাৰত কাম কৰি থকা অৱস্থাত ১নং কান্ধুলীমাৰীৰ উৰজত আলীৰ পৰিয়ালৰ লোকৰ ওপৰত পিষ্টল আৰু দা–যাঠীৰে আক্রমণ কৰে ভূ–মাফিয়া নুৰ হুছেইনৰ নেতৃত্বত অহা ২০–২৫জনীয়া গুণ্ডা বাহিনীৰ এটা দলে৷ এই আক্রমণত উৰজত আলীৰ ভৰিত গুলী লগাৰ বিপৰীতে পৰিয়ালটোৰ বাকী সাতজন ক্রমে ওমৰ আলী, ইনামুল হক, জহিৰুল ইছলাম, এক্রামুল হক, গুলজাৰ হুছেইন, হবিবুৰ ৰহমান, আবুল হুছেইন নামৰ লোককেইজন গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷
উল্লেখ্য যে নুৰ হুছেইনৰ পৰিয়ালৰ লগত যোৱা শনিবাৰে মৰাপাট চুৰি কৰাক লৈ সংঘাতৰ সূত্রপাত হৈছিল উৰজত আলীৰ পৰিয়ালৰ৷ ভূ–মাফিয়াৰ লগতে ড্রাগ্ছৰ চোৰাং বেহাৰ লগতো জড়িত বুলি নুৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ কৰিছে উৰজত আলীৰ পৰিয়ালৰ লোকে৷ চৰাঞ্চলৰ মাতব্বৰ নুৰ হুছেইনৰ ধিং আৰক্ষী থানাৰ এজন আৰক্ষীৰ লগতো সম্পর্ক থকা বুলি মন্তব্য প্রকাশ কৰিছে উৰজত আলীৰ পৰিয়ালে৷ ধিঙৰ চৰাঞ্চলত চলি থকা একাংশ গুণ্ডা বাহিনীৰ অত্যাচাৰত এতিয়া সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে৷