নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটত ৰাজস্থান ৰয়েলছ আই পি এলত নেখেলে বাটলাৰে

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ইংলেণ্ড ক্রিকেট দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন তথা ৰাজস্থান ৰয়েলছৰ জ’ছ বাটলাৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগত অংশগ্রহণ কৰাৰ পৰা বিৰত থাকিব৷ দ্বিতীয়টো সন্তানৰ পিতৃত্বৰ গৌৰৱ অর্জন কৰিবলগীয়া হোৱাৰ বাবেই বাটলাৰে অহা ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰব আমিৰ শ্বাহীত হ’বলগীয়া আই পি এলৰ দ্বিতীয় লেগৰ পৰা নাম প্রত্যাহাৰ কৰিছে বুলি ৰাজস্থান ৰয়েলছৰ এক বিবৃতিত এই কথা সদৰী৷

বাটলাৰৰ স্থানত নিউজিলেণ্ডৰ আগশাৰীৰ উইকেটকীপাৰ বেটছমেন গ্লেন ফিলিপছক অন্তর্ভুক্ত কৰিছে বুলি ফ্রেনচাইজীটোৱে সদৰী কৰিছে৷ মন কৰিবলগীয়া যে আই পি এলৰ দ্বিতীয় লেগত ৰাজস্থান ৰয়েলছে বাটলাৰৰ লগতে তাৰকা পেচ বলাৰ জ’ফ্রা আর্চাৰ আৰু তাৰকা অলৰাউণ্ডাৰ বেন ষ্টকছ অবিহনে ভাগ ল’ব৷ আঘাতৰ বাবে আর্চাৰে চলিত বর্ষৰ অন্তলৈকে খেলপথাৰৰ বাহিৰত থাকিব৷

ইফালে, মানসিকভাৱে ভাগি পৰাৰ বাবে বেন ষ্ট’কছক অনির্দিষ্টকালৰ বাবে বিশ্রাম দিয়া হৈছে৷ আনহাতে, চলিত বর্ষৰ শেষৰ পিনে অষ্ট্রেলিয়াৰ বিপক্ষে খেলিবলগীয়া ঐতিহাসিক এছেজ শৃংখলাতো বাটলাৰৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷ ক’ভিড–১৯ৰ বাবে অষ্ট্রেলিয়ান চৰকাৰৰ নীতি–নিয়মত শংকিত হোৱাৰ বাবেই বাটলাৰে এছেজত ভাগ নোলোৱাৰ সম্ভাৱনাই অধিক৷

You might also like