আমেৰিকান বায়ু সেনাৰ বিমানত প্রসৱ যন্ত্রণা আফগান মহিলাৰঃ জার্মানীৰ ৰেমষ্টিন বন্দৰত জন্ম দিলে সন্তান
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: আফিগানিস্তানৰ ৰাজধানী কাবুল তালিবানে দখল কৰাৰ পিছৰে পৰা প্রতিদিনে দেশখনত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা৷ শেহতীয়াকৈ দেশ এৰি আমেৰিকান বায়ুসেনা বাহিনীৰ বিমানত যাত্রা কৰা আফগান মহিলা এগৰাকীয়ে জার্মানীৰ বিমানবন্দৰত সন্তান জন্ম দিয়া ঘটনাক লৈ বিশ্বৰ সংবাদ মাধ্যমত সৃষ্টি হৈছে ব্যাপক চর্চা৷
মাজ আকাশতেই আৰম্ভ হৈছিল মহিলাগৰাকীৰ তীব্র প্রসৱ যন্ত্রণা৷ জার্মানীৰ মাটি স্পর্শ কৰাৰ পিছতেই মহিলাগৰাকীয়ে জন্ম দিয়ে এটি সন্তান৷ আমেৰিকাৰ বায়ুসেনাই টুইটাৰযোগে এই কথা ঘোষণা কৰিছে৷ বায়ুসেনাৰ জোৱানসকলেই সন্তান জন্ম দিয়াৰ সময়ত মহিলাগৰাকীক সহায় কৰিবলগীয়া হয়৷ বায়ুসেনাৰ পাইলটে অতি ক্ষিপ্রতাৰে ৩৭০ বিমানখন জার্মানীৰ ৰেমষ্টিন বিমানঘাটিত অৱতৰণ কৰায়৷
ইয়াৰ পিছতেই মহিলাগৰাকীয়ে জন্ম দিয়ে সন্তানটি৷ এই সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা হোৱা নাই যদিও ৰেমষ্টিন বিমানঘাটিৰ সমীপৰ হাস্পতাল এখনত ভর্তি কৰোৱা হৈছে মাতৃ আৰু নৱজাতকক৷ ২৮ হাজাৰ ফুট উচ্চতাত প্রসৱ যন্ত্রণাত ছটফটাই থকা মহিলাগৰাকীক সন্তান প্রসৱৰ ক্ষেত্রত বায়ুসেনাৰ জোৱানসকলে সহায় কৰি বিশ্বজুৰি প্রশংসিত হৈছে৷