নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকেল তালিবান

তালিবান এটা কুখ্যাত ইছলামিক সংন্ত্রাসবাদী সংগঠনেই নহয়, ই মানৱ সভ্যতাৰ বাবে এটা ভয়ানক বিচাৰধাৰাও৷ বিচাৰধাৰাটোৱে সভ্যতাৰ গতিটো ওলোটামুৱা কৰি সভ্যতাক সপ্তম শতিকাৰ বর্বৰ সময়ছোৱালৈ ওভতাই লৈ যাব বিচাৰে৷ গতিকে কেৱল আমেৰিকা বা নাটো বাহিনীক পৰাভূত কৰি নতুবা বিশ্ববাসীক একপ্রকাৰ স্তম্ভিত কৰি ভবাতকৈ বহু সময় আগেয়ে কাবুল দখল কৰাৰ আধাৰত তালিবানৰ বিচাৰ কৰিলে নহ’ব৷ তালিবানে কি বিচাৰে, সন্ত্রাসবাদী সংগঠনটোৰ আদর্শ কি, মানৱ সভ্যতাৰ বাবে সেইবোৰ কিমান সুবিধাজনক নতুবা বিপজ্জনক, বিচাৰ সেইটোৰ ভিত্তিত হ’ব লাগিব৷ আমাৰ দেশখনত শেহতীয়াকৈ একাংশ লোক তালিবানক লৈ বৰকৈ উৎফুল্ল হৈ পৰা দেখা গৈছে৷ কোনোৱে কুখ্যাত সন্ত্রাসবাদীকেইটাৰ মাজত ভাৰতৰ পূজনীয় স্বাধীনতা সংগ্রামীসকলৰ ৰূপ দেখিবলৈ পাইছে৷ কোনো কোনোৱে তেওঁলোকক দেৱদূতৰ শাৰীলৈ নিব বিচাৰিছে৷ অসমতো ১৫জন তালিবানৰ সমর্থক গ্রেপ্তাৰ হৈছে৷ লোকসকল এটা বিশেষ ধর্মৰ৷ এই অনুৰাগ (?) তালিবানতকৈও বেছি ভয়ংকৰ৷
তালিবানৰ সন্ত্রাসবাদীসকল কাবুলত প্রৱেশ কৰাৰ লগে লগে দেশখনৰ শাসন কাৰ হাতলৈ যাব, সেইটো নিশ্চিত হৈ পৰিল৷ তাৰ পিছত সমগ্র দেশখনত বিশেষকৈ কাবুলত জনসাধাৰণৰ মাজত ভয়ংকৰ ভৱিষ্যতক লৈ আজিলৈকে বিৰাজমান হাহাকাৰ বিশ্বৰ ইতিহাসত বিৰল৷ টেলিভিছনৰ পর্দাত কাবুলস্থিত হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰৰ পৰিৱেশ–পৰিস্থিতি বিশ্বৰ সকলোৱে দেখিছে৷ দেশখন ত্যাগ কৰিবলৈ হাজাৰ হাজাৰ লোক বিমানবন্দৰৰ বাহিৰত সমৱেত হৈছে৷ হাজাৰ হাজাৰ পুৰুষ–মহিলাই দুৱাৰমুখত পহৰাৰত আমেৰিকাৰ সেনাক গেট খুলি দিবলৈ কাবৌ কৰিছে৷ কোনোৱে বিমানবন্দৰৰ ওখ পকীবেৰ পাৰ হৈ ভিতৰত প্রৱেশ কৰিবলৈ চেষ্টা চলাইছে৷ কোনো মাতৃয়ে কোলাৰ পোনাটোক আমেৰিকাৰ সেনাৰ হাতত তুলি দিছে৷ আফগানিস্তানৰ পৰা পোনাটিক বাহিৰলৈ লৈ যাওক৷ লাগিলে বুকুখন উদং হৈ থাকক৷ ল’ৰা–ঢ়পৰাত কোনো পিতৃ–মাতৃয়ে বিমানবন্দৰৰ বাহিৰতে কেঁচুৱাক এৰি থৈ যাবলগীয়া হৈছে৷ কিহৰ বাবে কাবুল আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ চৌহদত এনে অবর্ণনীয়–কল্পনীয়্ দৃশ্য? কিহৰ তাডনাই মৃত্যু নিশ্চিত বুলি জানিও বিমানৰ চকাত ওলমি আফগানিস্তানৰ পৰা ওলাই যাব বিচাৰিছে? কিহৰ বাবে এই আকুলতা?
মাতৃভূমিতকৈ আপোন ঠাই পৃথিৱীত আন একোৱেই হ’ব নোৱাৰে৷ জীৱনৰ সকলো উছর্গা কৰি হ’লেও মানুহে মাতৃভূমিক ৰক্ষা কৰে৷ মানৱ সভ্যতাৰ ইতিহাস এনে বীৰত্বৰ গাথাৰে উজ্জ্বল আৰু সমৃদ্ধিশালী হৈ আছে৷ মাতৃভূমি ত্যাগ কৰাৰ কথা মানুহে ভাবিবই নোৱাৰে৷ কিন্তু আজি আফগানিস্তানত ছবিখন ইয়াৰ সম্পূর্ণ ওলোটা৷ দেশখনৰ জনসাধাৰণে ভালদৰেই জানে যে নিজ বিচাৰধাৰা, দর্শনৰ পৰা তালিবান কেতিয়াও ওলাই নাযায়৷ সঁচা কথা ক’বলৈ গ’লে সেইটোৱেই তালিবানৰ পৰিচয় আৰু অস্তিত্বৰ একমাত্র আধাৰ৷ তালিবানে ইয়াক অধিক সমৃদ্ধ কৰিবলৈ চেষ্টা চলাব৷ তদুপৰি, তালিবানৰ বিৰোধিতা আৰু সমর্থনো এইটোৰ ভেটিতে প্রতিষ্ঠিত৷ কোনেনো বিচাৰিব দেশ এখন মানুহৰ বাবে নৰকত পৰিণত হওক৷ তালিবানৰ শাসনত কথাই কথাই মানুহক নমৰালৈকে ৰাজহুৱা স্থানত বেত্রাঘাত কৰি বা শিলগুটি নিক্ষেপ কৰা হয়৷ ঘৰৰ পৰা ফুলকুমলীয়াৰ পৰা আদবয়সীয়াপর্যন্ত মহিলাক বলপূর্বক তুলি নি নিজৰ সদস্যৰ হাতত তুলি দিয়ে তালিবানে৷ নতুবা পাকিস্তান আৰু আফগানিস্তানত সক্রিয় সন্ত্রাসবাদীৰ হাতত যৌনদাসী হিচাপে তুলি দিয়া হয়৷ নাৰীৰ বাবে বিদ্যালয়, চাকৰিৰ দুৱাৰ বন্ধ৷ ৰক্তৰ সম্পর্ক নথকা পুৰুষৰ বাহিৰে আনৰ সৈতে বাহিৰলৈ ওলোৱাও নিষিদ্ধ হয় তালিবানৰ শাসনত৷ হিজাব–বোর্খা পিন্ধাটো বাধ্যতামূলক৷ পুৰুষে ডাঢ়ি ৰাখিবই লাগিব৷ বিনোদনমূলক অনুষ্ঠানৰ কোনো স্থান নাই৷ মুঠতে সীমাহীন বর্বৰতা৷ হাতত আগ্ণেয়াস্ত্র লৈ এইবোৰৰ তদাৰক কৰে তালিবান সন্ত্রাসবাদীয়ে৷ শ্বৰিয়তৰ শাসনৰ নামত মানুহক মৰি মৰি জীয়াই থাকিবলৈ বাধ্য কৰোৱা হয়৷ তেনে শাসনত কোনে মাতৃভূমিত থাকিব বিচাৰিব? সেয়ে বুকুত শিল থৈ আফগানিস্তানৰ জনসাধাৰণে সুৰক্ষিত জীৱন বিচাৰিবলৈ বাধ্য হৈছে৷
দুর্ভাগ্যজনক কথাটো হ’ল, বর্বৰ তালিবানৰ সমর্থনত এতিয়া একাংশ ভাৰতীয় উতলা হৈ পৰিছে৷ অসমৰ এচামে সামাজিক মাধ্যমত মানৱতাৰ শত্রুসকলৰ গৰিমা বৃদ্ধি কৰিবলৈ অপচেষ্টা চলাইছে৷ মানৱ সভ্যতাৰ বাবে এই লোকসকলৰ সমান বিপজ্জনক নাই বুলিয়েই ক’ব পাৰি৷ তালিবানৰ এটা নির্দিষ্ট ভৌগোলিক পৰিধি আছে৷ তাতেই মূলতঃ ইছলামিক সন্ত্রাসবাদী সংগঠনটোৰ কাম–কাজ চলে৷ কিন্তু আফগানিস্তানৰ বাহিৰত তালিবানী বিচাৰধাৰাক জনসাধাৰণৰ মাজলৈ লৈ যাব বিচাৰে তালিবানৰ এই সমর্থকসকলে৷ ইয়াৰ বাবে উত্তৰ প্রদেশৰ সমাজবাদী পার্টীৰ সাংসদ শ্বফিকুৰ ৰহমান বর্কে তালিবানক ভাৰতৰ স্বাধীনতা সংগ্রামীৰ সৈতে তুলনা কৰে৷ সাংসদ ৱাইচিয়ে তালিবানক মহীয়ান কৰাৰ বাবে ভাৰতত নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ প্রসংগ উত্থাপন কৰে৷ সকলোৱে জানে এই তুলনা অকল মতলব্বাজ লোকেহে কৰিব পাৰে৷ অসমতো গ্রেপ্তাৰ হোৱা তালিবানৰ সমর্থকসকলৰ উদ্দেশ্যও এইটোৱেই৷ মানৱতাৰ শত্রুসকলৰ এটাই লক্ষ্য– প্রতিজন মানুহৰ মনত এজন তালিবানে বসতি স্থাপন কৰক৷ অসমত তথা ভাৰতত গঢ় লৈ উঠক ইছলামিক ৰাষ্ট্রৰ ভেটি৷ কোনোবাই যদি ভাবিছে, এই লোকেল তালিবানসকল শ্বৰিয়তৰ সমর্থক তেন্তে ই সম্পূর্ণৰূপে সত্য নহয়৷ আনহে নালাগে, আৰম্ভণিৰ পৰাই তালিবানৰ পৃষ্ঠপোষক পাকিস্তানৰ শাসক শ্রেণীও পাকিস্তানত শ্বৰিয়ত শাসন ব্যৱস্থা হোৱাটো নিবিচাৰে৷ নহ’লে পাকিস্তানত কেতিয়াবাই শ্বৰিয়তৰ শাসন স্থাপন হ’লহেঁতেন৷ অকল পাকিস্তানীয়েই নহয়, ভাৰত বা অসমৰো লোকেল তালিবানসকলে শ্বৰিয়তক সমর্থন কৰে বুলি মনে নকয়৷ তেওঁলোকে নিজৰ ১৪ বছৰীয়া কন্যা অথবা ভনীয়েক তালিবানৰ লেখীয়া সন্ত্রাসবাদীৰ হাতত তুলি নিদিয়ে৷ নতুবা চুৰি কৰিলে দুহাত কাটি দিয়া, মিছা সাক্ষী দিলে জিভা কাটি দিয়াৰ দৰে শাসন ব্যৱস্থা এটাত নাথাকে৷ কিন্তু মানুহৰ মন সাম্প্রদায়িক বিষবাষ্পৰে বিষাক্ত কৰি ইছলামিক ৰাষ্ট্র এখনৰ বুনিয়াদ ৰচনা কৰাৰ অর্থে চলে তেনে কুচকাৱাজ৷ লোকেল তালিবানসকলে উঁই পোকে ভিতৰি ভিতৰি কিতাপ এখন নষ্ট কৰাৰ দৰে সমাজ এখনক ভিতৰৰ পৰা কুটি কুটি খাই নষ্ট কৰে৷ অশিক্ষিত, অর্ধশিক্ষিত মানুহৰ অজ্ঞতাৰ সুযোগ লৈ তেওঁলোকৰ মনবোৰ বিষাক্ত কৰি তোলে৷ আৰু যদি লোকেল তালিবানৰ তালিকাখনত শিক্ষিত লোক থাকে বুজিব তেওঁৰ সমান বিপজ্জনক দ্বিতীয়জন নাই৷ অসমত তিনিজন মৌলানাৰ লগতে এজন চিকিৎসা বিজ্ঞানৰ ছাত্র গ্রেপ্তাৰ হৈছে৷ এজন ৱেবপ’র্টেলৰ তথাকথিত সাংবাদিকো গ্রেপ্তাৰ হৈছে৷ পিছপৰা সমাজত এনেধৰণৰ মানুহৰ প্রভাৱ যথেষ্ট থাকে৷ তেনে লোকে মানুহক সহজে নিজৰ উদ্দেশ্য সিদ্ধিৰ স্বার্থত ব্যৱহাৰ কৰিব পাৰে৷ এনে লোক তালিবানতকৈ হাজাৰ গুণ বিপজ্জনক৷

You might also like