নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগীৰ উন্মুক্ত লেভেল ক্রছিঙত কথমপি দুর্ঘটনাৰ পৰা ৰক্ষা বহু লোকৰ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: ৰে’ল বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে নিশা এক ভয়ংকৰ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে নাৰেংগী অঞ্চল৷ তদুপৰি প্রায় এঘণ্টা সময় স্তব্ধ হৈ পৰে নাৰেংগী–চন্দ্রপুৰ পথৰ যাতায়াত ৱস্থা৷ ফলত আবদ্ধ হৈ পৰে শতাধিক বাহন৷

প্রাপ্ত তথ্য অনুসৰি সাতগাঁওস্থিত সেনা ছাউনীলৈ সামগ্রী কঢ়িওৱা ৰে’ল এখন নিশা প্রায় ৮ জাত ছাউনীৰ দিশৰ পৰা নাৰেংগীৰ দিশলৈ আহি আছিল৷মন কৰ্বিলগীয়া যে অতি ব্যস্ত নাৰেংগী–চন্দ্রপুৰ পথৰ মাজেৰে যোৱা ৰে’লপথটোত দুর্ঘটনা ৰোধ কৰাৰ বাবে ৰে’ল বিভাগে স্থাপন কৰিছে লেভেল ক্রছিঙৰ ব্যৱস্থা৷ কিন্তু উক্ত ক্রছিঙত কোনো বিভাগীয় কর্মচাৰী নথকাত গেট ন্ধ নকৰাকৈ তথা উন্মুক্ত অৱস্থাতে নিশা ৰে’লখন ওলাই আহে ছাউনীৰ দিশৰ পৰা৷ সেই সময়ত নাৰেংগী– চন্দ্রপুৰ পথটোৰে ঘৰাঘৰি গৈ আছিল বহু সৰু–বৰ বাহনেৰে হু লোক৷ উন্মুক্ত হৈ থকা লেভেল ক্রছিংটোৰে বাহনসমূহ পাৰ হৈ থকাৰ সময়তে আকস্মিকভাৱে ৰে’লখন আহি পৰাত কেইবাখনো বাহন প্রায় মুখামুখি হয় ৰে’লখনৰ৷ তৎমুহূর্তত ৰে’লখনৰ আকস্মিক আগমনত আতংকিত হৈ পৰে বাহনচালকসকল৷অৱশ্যে ৰে’লখন ধীৰ গতিত আহি থকা বাবে কোনোমতে ৰে’লপথৰ পৰা আঁতৰি যাবলৈ সক্ষম হয় বহু লোক৷ ফলত ভয়ংকৰ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো৷

আনহাতে, তাৰ পিছতো গড়কাপ্টানী পথৰ মাজতে ৰে’লখন ৰৈ দিয়াৰ বাবে যাতায়াত স্তব্ধ হৈ পৰে নাৰেংগী–চন্দ্রপুৰ পথত৷ ইয়াৰ বাবে একপ্রকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় অঞ্চলটোত৷ আনহাতে, তেতিয়ালৈ ৰে’ল বিভাগৰ কোনো লোক সেই স্থানত উপস্থিত নোহোৱাত উত্তেজিত হৈ পৰে আবদ্ধ হৈ পৰা লোকসকল৷ অৱশ্যে প্রায় এঘণ্টাৰ পিছত ৰে’লখন আঁতৰি যোৱাত স্বস্তিৰ নিশ্বাস পেলাই পুনৰ বাহনসমূহৰ চলাচল আৰম্ভ হয়৷

ইফালে, স্থানীয় ৰাইজে অভিযোগ কৰা মতে ৰে’ল বিভাগে লেভেল ক্রছিংটো স্থাপন কৰিছে যদিও তাত কোনো কর্মচাৰী নিয়োগ কৰা নাই৷ যাৰ ফলত ভয়ানক দুর্ঘটনাপ্রৱণ এলেকাত পৰিণত হৈ আছে স্থানটো৷ সেয়ে শীঘ্রে কর্মচাৰী নিয়োগৰ দাবী জনাইছে অঞ্চলবাসীয়ে৷

You might also like