চুৰি চাইকেলসহ ৪ গভাইত চোৰক গ্রেপ্তাৰ দিছপুৰ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: দিছপুৰ থানাত ৰুজু হোৱা ৩০০৫/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে যোৱা ১৯ আগষ্টত হেঙেৰাবাৰীৰ পৰা প্রহ্লাদ দাস ওৰফে বগাক গ্রেপ্তাৰ কৰিছিল৷ ধৃত বগাৰ পৰা আৰক্ষীয়ে দুটা চুৰি ম’বাইল আৰু এটা লেপটপ উদ্ধাৰ কৰিছিল৷
ধৃত বগাৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই কালি ঋতুৰাজ শর্মা (২৪), সীমান্ত কলিতা (২১), পুলক চহৰীয়া (২১) আৰু পুলক মেধিক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰকেইটাৰ পৰা আৰক্ষীয়ে দুখন চুৰি বাইচাইকেল জব্দ কৰে৷
লক্ষণীয় যে সান্ধ্য আইনৰ মাজতে মহানগৰীৰ বিভিন্ন স্থানত ধাৰাবাহিকভাৱে চোৰৰ দলে চুৰিকার্য সংঘটিত কৰি আহিছে৷