১৫ বছৰৰ ঊর্ধ্বৰ তৰুণী লাগে তালিবানকঃ আফগানিস্তানত হাতত মাৰণাস্ত্র লৈ বিয়াৰ বাবে ঘৰে ঘৰে বিচাৰি ফুৰিছে মহিলাক
নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: আফগানিস্তান পুনৰ তালিবানৰ দখললৈ যোৱাৰ পিছত কট্টৰ ইছলামিষ্ট সন্ত্রাসবাদী সংগঠনটোৱে মহিলাসকলৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ নকৰে বুলি ঘোষণা কৰিছে যদিও কাবুলৰ পতনৰ পিছৰে পৰা তালিবানে মহিলাৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ ফতোৱা জাৰি কৰিবলৈ লৈছে৷
শেহতীয়াকৈ তালিবানে আফগানিস্তানত বিবাহ বিচ্ছেদ ঘটাই ভাৰতত বাস কৰি থকা দেশখনৰ এগৰাকী মহিলাৰ বিৰুদ্ধে জাৰি কৰিছে মৃত্যু পৰোৱানা৷ চাৰি বছৰ পূর্বে যুদ্ধবিধ্বস্ত দেশখনৰ পৰা আহি নতুন দিল্লীত থাকিবলৈ লোৱা মহিলাগৰাকীৰ বিৰুদ্ধে মৃত্যুদণ্ড ঘোষণা কৰাৰ লগে লগে তালিবানৰ মধ্যযুগীয় পাশৱিক চৰিত্র পুনৰ স্পষ্ট হৈ পৰিছে৷ স্মর্তব্য যে নিজৰ স্বামী তালিবানৰ সক্রিয় সদস্য বুলি জনাৰ পিছতে মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ ঘটাই ভাৰতত আহি উপস্থিত হৈছে৷ বর্তমান নতুন দিল্লীত দুই কন্যাৰ সৈতে বাস কৰি আছে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীৰ অন্য দুগৰাকী কন্যা সন্তানক নিজৰ স্বামীয়ে তালিবানৰ হাতত বিক্রী কৰিছিল৷
তালিবানে মহিলাগৰাকীৰ বিৰুদ্ধে মৃত্যুৰ পৰোৱানা জাৰি কৰাৰ পিছতে মহিলাগৰাকী আতংকিত হৈছে৷ আফগানিস্তানলৈ পুনৰ উভতি যোৱাৰ পৰিকল্পনা নাই বুলি ইতিমধ্যে ভাৰতৰ সংবাদ মাধ্যমক জনাইছে মহিলাগৰাকীয়ে৷
ইফালে, আফগানিস্তানত এতিয়া তালিবানে ঘৰে ঘৰে গৈ ১৫ বছৰ বয়সৰ ওপৰৰ যুৱতীসকলক বলপূর্বক উঠাই আনি বৈবাহিক সম্পর্ক স্থাপন কৰিবলৈ লোৱা বুলি দেশখনৰ পৰা আমেৰিকালৈ ওভতা এগৰাকী সাংবাদিকে উল্লেখ কৰিছে৷ হোলী মেক্কে নামৰ মহিলা সাংবাদিকগৰাকীয়ে ডালাছ মর্নিং নিউজত লিখিছে যে আফগানিস্তান সম্পূর্ণৰূপে তালিবানৰ দখললৈ যোৱাৰ পিছতে মহিলাসকলৰ জীৱনলৈ নামি আহিছে বিপদ৷ মাত্র কেইদিনমান পূর্বে তালিবানে ১৫ বছৰ বয়সৰ ওপৰৰ তৰুণী তথা যুৱতীসকলৰ তালিকা বিচাৰি বিভিন্ন অঞ্চলত জাননী জাৰি কৰিছিল৷
এতিয়া এই জাননী জাৰি কৰাৰ পৰিৱর্তে তালিবান যোদ্ধাবোৰে হাতত মাৰণাস্ত্র লৈ মানুহৰ ঘৰে ঘৰে মহিলা আৰু ১৫ বছৰৰ ঊর্ধ্বৰ তৰুণী তথা যুৱতীসকলক বিচাৰি ফুৰিছে৷ এই ঘটনাক লৈ আতংকিত হৈ পৰিছে আফগানিস্তানৰ নাৰী সমাজ৷