নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জার্মানীৰ ৰাজপথত পিজ্জা বিক্রী কৰি ফুৰিছে প্রাক্তন আফগান মন্ত্রীয়ে

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ আফগানিস্তানৰ এগৰাকী প্রাক্তন মন্ত্রীয়ে জার্মানীৰ পথত পিজ্জা বিক্রী কৰিবলগীয়া হৈছে৷ এই ছবি পোহৰলৈ আনিছে সংবাদ মাধ্যম ‘আল জাজিৰা আৰব’–এ৷ চৈয়দ আহমেদ শ্বাহ ছাদাত ২০১৮লৈকে ৰাষ্ট্রপতি আশ্রফ ঘানিৰ চৰকাৰৰ মন্ত্রী আছিল৷

ৰাষ্ট্রপতিৰ সৈতে মতানৈক্যৰ বাবে মন্ত্রীসভাৰ পৰা পদত্যাগ কৰিছিল ছাদাতে৷ ইয়াৰ পিছতে প্রাক্তন মন্ত্রীগৰাকীয়ে জার্মানীলৈ যাত্রা কৰে৷ হাতত থকা ধন সম্পূর্ণৰূপে শেষ হোৱাৰ বাবে জার্মানীৰ ৰাজপথত চাইকেল চলাই পিজ্জা ডেলিভাৰীৰ কাম কৰিবলগীয়া হ’ল প্রাক্তন মন্ত্রীগৰাকীয়ে৷ যোৱা বছৰ ডিচেম্বৰৰ পৰা জার্মানীৰ লিপজিগ চহৰত এই কাম কৰি আছে ছাদাতে৷

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ দুটাকৈ বিষয়ৰ স্নাতকোত্তৰ ডিগ্রীধাৰী ছাদাত আছিল একাধিক বহুজাতিক সংস্থাৰ উচ্চপদস্থ বিষয়া৷ ২৩ বছৰ টেলিকম ক্ষেত্রত কাম কৰা ছাদাতে ছৌদিসহ বিশ্বৰ ১৩খন দেশ ভ্রমণ কৰিছিল৷

You might also like