নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রপতিৰ ৰাজনৈতিক আদর্শৰ শিক্ষা দিয়া হ’ব ছাত্র–ছাত্রীক; চীনৰ বিদ্যালয়ত ঝিক লৈ পাঠ্যক্রম

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ চীনৰ বিদ্যালয়সমূহত ৰাষ্ট্রপতি ঝি জিনপিঙৰ ৰাজনৈতিক মতাদর্শৰ সৈতে ছাত্র–ছাত্রীসকলক পৰিচয় কৰাই দিয়াৰ চিন্তা–চর্চা চলোৱা হৈছে৷ অর্থাৎ ৰাষ্ট্রীয় পাঠ্যক্রমত ঝি জিনপিঙৰ ৰাজনৈতিক আদর্শক লৈ বিভিন্ন লেখা চীনা শিক্ষার্থীসকলে বিদ্যালয়ত অধ্যয়ন কৰিব লাগিব৷

দেশখনৰ শিক্ষা মন্ত্রালয়ে নতুন এক নির্দেশনাত উল্লেখ কৰিছে যে ঝি জিনপিঙৰ চিন্তাক লৈ শিক্ষার্থীসকলে অধ্যয়ন কৰিলে শিশু তথা কিশোৰসকলৰ মাজত মার্ক্সবাদী বিশ্বাস প্রতিষ্ঠা কৰাত সহায় হ’ব৷ লক্ষণীয়ভাৱে ঝিৰ এই আদর্শক প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ পর্যায়লৈ পাঠ্যক্রমত সন্নিৱিষ্ট হ’ব৷

চীনৰ শাসকীয় কমিউনিষ্ট পার্টীৰ ভূমিকা সমাজৰ বিভিন্ন ক্ষেত্রলৈ লৈ যোৱাৰ বাবেই ৰাষ্ট্রপতি ঝি জিনপিঙৰ এয়া শেহতীয়া প্রচেষ্টা৷ শিক্ষা মন্ত্রালয়ে এক বিবৃতিত উল্লেখ কৰিছে যে সমাজতন্ত্রত উত্তৰধিকাৰী তথা নির্মাতা বিচাৰি উলিয়াবলৈ এয়া নতুন ব্যৱস্থা হৈ পৰিব৷ নতুন নির্দেশনা শ্রম শিক্ষাৰ কথাও উল্লেখ কৰা হৈছে৷ শ্রম শিক্ষাই শিক্ষার্থীসকলৰ মাজত কঠোৰ পৰিশ্রমৰ সাহস যোগাব বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত৷

You might also like